থিয় হ’ব পৰা হ’লোঁ আই
খোজ ল’লোঁ অচিন পথত
আকুল দুহাতেৰে আঁকোৱালি লৈ
পুনৰ সাহস দিলা দুগালত চুমা আঁকি
ধূলি-বালি জোকাৰি ল’লা কোলাত তুলি
দেখুৱালা জীৱনৰ বাট
হ’লোঁ ডাঙৰ যেতিয়া
পালোঁ সহযাত্ৰী মোৰ অচিন পথৰ
দুগুণ সাহসেৰে আগবাঢি় গ’লোঁ
পিছফালে চোৱাৰ যেন প্ৰয়োজন নাই
গৈ গৈ তিনিআলি –চাৰিআলি পালোঁ
সহযাত্ৰীৰ পাছে পাছে পথ বিচাৰি ল’লোঁ
আনন্দত মচগুল হৈ
আই, আজি নাই ওচৰত কোনো
হ’ল উদং এই দুইহাত
সময়েযে কোৰ্হাল লগাই হাঁহিছে মাথোঁ ইতিকিং কৰি
মই যে আজি মাথোঁ পথভ্ৰষ্ট এটি পথিক ৷
ঠিকনা: বেচিমাৰি প্ৰাথমিক বিদ্যালয়, দুধনৈ শিক্ষাখণ্ড, গোৱালপাৰা
কবিতাটি সুন্দৰ হৈছে । এটি পথিকৰ ঠাইত এজন বা এজনী পথিক দিলে বেছি শুৱলা লাগিলহেঁতেন। এয়া মোৰ ব্যক্তিগত অনুভৱহে। বেয়া নেপায় যেন। আগলৈওঁঁ লিখিব বুলি আশা ৰাখিছো ।
ReplyDeleteBhal lagise kobitato
Delete