Monday, September 17, 2018

শব্দ গঠনৰ ক্ৰিয়াকলাপ

শব্দ গঠনৰ ক্ৰিয়াকলাপ


 শব্দ গঠনৰ ক্ৰিয়াকলাপ :
https://static.xx.fbcdn.net/images/emoji.php/v9/fe2/1/16/270d.png
 প্ৰাণজিৎ বৰুৱা । 

আমি বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক ব্যস্ত ৰাখিবলৈ বিভিন্ন খেল খেলাওঁ, যাৰ জৰিয়তে তেওঁলোকৰ শিকন ক্ষমতাও বৃদ্ধি পায়। এনেকুৱা এটা খেলৰ বিষয়ে জনাব বিচাৰিছোঁ। ইয়াৰ বাবে আপোনাক প্ৰয়োজন হ’ব এখন ব্লেক ব’ৰ্ড, চক পেঞ্চিল আৰু ছাত্ৰ-ছাত্ৰীৰ দুটি দল।
প্ৰথমে আপুনি ব’ৰ্ডত কেইটিমান ঘৰ (তালিকা) বনাব, য'ত দুয়োটা দলৰ বাবে তলৰ শিতানসমূহ থাকিব।
1.প্ৰত্যাহ্বানযুক্ত আখৰ বা চিহ্ন / আখৰটো সন্নিৱি‍ষ্ট ডাঙৰ শব্দটো / নম্বৰ
2.প্ৰত্যাহ্বানযুক্ত আখৰ বা চিহ্ন / আখৰটো সন্নিৱি‍ষ্ট ডাঙৰ শব্দটো / নম্বৰ

নিয়ম :
ধৰক দুটা দল ‘৪’ আৰু ‘৫’৷ এতিয়া ‘৪’ আৰু ‘৫’ দল দুটাৰ পৰা এজনকৈ সদস্য আহিব। ‘৪’ দলৰ সদস্যই প্ৰত্যাহ্বানযুক্ত আখৰ বা চিহ্ন এটা লিখিব আৰু সেই আখৰটো বা চিহ্নটো থকাকৈ ‘৫’ দলৰ সদস্যজনে এটা অৰ্থযুক্ত শব্দ লিখিব লাগিব।
কিন্তু মনত ৰখা ভাল যে‍ শব্দটো যিমান ডাঙৰ হয়, সিমান সুবিধা হ’ব নম্বৰ বেছি পোৱাত।
য'ত প্ৰতিটো আখৰত ১ (যুক্তাক্ষৰত থকা আখৰে প্ৰতি ১ কৈ থাকিব। যেনে— স্থ= স+থ = ২ ) আৰু স্বৰচিহ্নসমূহত ১/২ কৈ নম্বৰ থাকিব। যেনে— স্থানীয়=৫ 
তেনেকৈ, 
এতিয়া ‘৫’ দলৰজনেও এটা প্ৰত্যাহ্বানজনক আখৰ লিখি দিব আৰু একেদৰে ‘৪’ দলৰ সদস্যই একে ধৰণে কাম কৰি যাব।
এই গোটেই ক্ৰিয়াকলাপত সদস্যসকলে নিজ দলৰ পৰা মুকলি কৈ সহায়ো বিচাৰিব পাৰিব। উদাহৰণস্বৰূপে— যদি ‘৪’ দলে ‘৫’-ক এটা আখৰ ‘ই’ দিলে ‘৫’-ৰ সদস্যজনক তেওঁৰ দলৰ পৰা সতীৰ্থসকলে শব্দবোৰ কৈ যাব (suggest) পাৰিব, যেনে— ইটা, ইতিবাচক, ইতিমধ্যেই এনেকৈ। 
(অভিধান বা কিতাপ আদিৰো সহায় ল’ব পাৰে)
এনেকৈ খেল চলি যাব আৰু নম্বৰ দি যাব লাগিব। খেলৰ আৰু এটা নিয়ম হ’ল— যদি বানান এটাও ভুল হয়, তেন্তে ০ (শূন্য) পাব।

অৰ্হতা : ধেমালিৰ চলেৰে খেলা এই খেলৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন আখৰৰ সৈতে চিনাকি হ’ব, আখৰৰ দ্বাৰা শব্দ গঠন কৰিব পাৰিব, নতুন শব্দ আৰু অৰ্থ জানিব, সৃষ্টিশীল হ’ব, শুদ্ধ বানান সম্পৰ্কে সচেতন হ’ব, যুক্তাক্ষৰৰ বিষয়ে জ্ঞান পাব, শব্দসমূহ উচ্চাৰণ কৰি পঢ়িবও পাৰিব, দলগতভাৱে‍ কাম কৰাৰ সুবিধাসমূহ পাব, প্ৰতিযোগিতামূলক মনোভাব গঢ় ল’ব, ব’ৰ্ড লিখনৰ সুবিধা পাব, অভিধানৰো ব্যৱহাৰ শিকিব  আৰু খেলৰ যোগেদি ধেমালি বা আনন্দমূলক শিক্ষা গ্ৰহণ কৰিব পাৰিব৷
https://static.xx.fbcdn.net/images/emoji.php/v9/fe2/1/16/270d.pngপ্ৰাণজিৎ বৰুৱা । 
বগীনদী পি. জি. আৰ. প্ৰাথমিক বিদ্যালয় ।
 
৭০০২৯০৪১৩১
pranjitboruah91@gmail.com
 
সহকাৰী শিক্ষক
 
উত্তৰ লখিমপুৰ ।

Low Cost TLM
 প্ৰথমে এটা মোৰ সুখবৰ জনাই লওঁ আজি বিশ্ব প্ৰতিবন্ধী দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰ শিক্ষা খণ্ড ভিত্তিক আয়োজন কৰা TLM প্ৰতিযোগিতাত মই প্ৰদৰ্শন কৰা এইটো (আৰু দুটা tlm ও লগত আছিল )ই দ্বিতীয় স্থান লাভ কৰে ।
 এইটো TLM আমি Activity based TLM শিতানত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। অৰ্থাৎ খেলাৰ মাধ্যমত শিকা। ইয়াৰ দ্বাৰা আমি small letter আৰু capital letter-ৰ ধাৰণা দিব পাৰিম, হাতেৰে চুই আৰু চকুৰে চাই একেলগে শিকাৰ আনন্দ পাম; বহুত ছাত্ৰৰে মাজত ধৰি শুধিলে আখৰ চিনি পোৱাত সমস্যা হয়, তাৰ পৰাও মুক্ত হটব পাৰিম। লগতে এজনীয়া বা কম শিক্ষকযুক্ত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক এজন ওজা ছাত্ৰৰ তত্ত্বাৱধানত তলৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ব্যস্ত ৰাখি শিক্ষা দিব পৰা যাব।
Activity কেনেকৈ কৰিব পাৰে, এটা উদাহৰণ দিছোঁ— আমি জুইশলা বাকচৰ পৰা small letter-খিনি খুলি সিঁচৰতি কৰি দিলোঁ আৰু কেইটিমান গোট বনাই বা কেইজনমান ছাত্ৰক মাতি আনি এক নিৰ্দিষ্ট সময়ৰ ভিতৰত capital letter-খিনিৰ লগত মিলাই জুইশলা বাকচৰ ভিতৰত ভৰাবলৈ দিলোঁ। ধৰক A-ৰ ঘৰত a-টো। এনেকৈ যি কম সময়ত বেছিকৈ শুদ্ধকৈ মিলাব পাৰিব, তেৱেঁই জিকিব। এই প্ৰক্ৰিয়া কেইটিমান দিন কৰিলে মোৰ মতে small আৰু capital letter-ৰ ধাৰণা দৃঢ় হ’ব। লগতে আৰু এটা কাম কৰা হৈছে— ইয়াত VOWEL-কেইটাত এটা বেলেগ ৰঙেৰে highlight কৰা হৈছে, যাতে কেতিয়াবা vowel চিনাক্ত কৰোঁতেও ইয়াক ব্যৱহাৰ কৰিব পাৰি।
এইটো বনাওঁতে খৰচ খুউব কম হৈছে। মই ২৬ টা জুইশলাৰ খালী বাকচ, এটা পুৰণি খালী কাৰ্টুন, আঠা, মাৰ্কাৰ পেন আৰু আৰ্ট পেপাৰ ব্যৱহাৰ কৰিছোঁ। প্ৰায় ৩০ টকাৰ ভিতৰতে হৈ গৈছে। আপোনালোকেও কৰি চাব পাৰে। কিবা সংশোধন বা গঠনমূলক পৰামৰ্শ থাকিলে জনাব পাৰে। কেনে হৈছে সেইটোও ক’ব পাৰে ।

প্ৰাণজিৎ বৰুৱা ।
সহ: শিক্ষক
৭০০২৯০৪১৩১
বগীনদী ক্লাষ্টাৰ ।


প্ৰশংসা

প্ৰশংসা


প্ৰশংসা শব্দটো আমাৰ সকলোৰে প্ৰিয়। আমি প্ৰত্যেকেই প্ৰশংসা বিচাৰোঁ! ই আমাক প্ৰেৰণা দিয়ে। নতুন আৰু সুস্থ চিন্তা কৰিবলৈ বাধ্য কৰে। ই এটা সদৰ্থক শব্দ ৷
প্ৰশংসাৰ ব্যৱহাৰ আকৌ এক মন কৰিবলগীয়া বিষয়৷ কথাটো বুজাবলৈ
উদাহৰণ কেইটিমানৰ সহায় লোৱা হ'ল—

আমি প্ৰায়েই কিছুমান ক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক প্ৰশংসা কৰি ব্যক্তিজনৰ দৃষ্টি আকৰ্ষণ কৰাৰ যত্ন কৰোঁ ..!
বিশেষকৈ প্ৰভাৱশালী ব্যক্তিৰ ক্ষেত্ৰত এনে কৰা প্ৰায়েই পৰিলক্ষিত হয়। এনে প্ৰশংসা সচৰাচৰ নিজৰ স্বাৰ্থ পূৰণাৰ্থে কৰা হয় ! সংশ্লিষ্ট ব্যক্তিগৰাকীয়েও কথাটো বুজিব পাৰে। তথাপি আমি কেতিয়াবা দৃষ্টিকটুভাৱে এনে প্ৰশংসা কৰোঁ, যিটো কৰা উচিত নহয় ৷ নিজৰ কিবা প্ৰয়োজন থাকিলে তেনে প্ৰভাৱশালী ব্যক্তিক আপোনাৰ কথাখিনি যুক্তিৰে বুজাবলৈ যত্ন কৰিব লাগে ৷ কাম আদায়ৰ বাবে অযথা প্ৰশংসা কৰিলে নিজৰ স্বৰূপহে প্ৰকাশ পায় ৷

আকৌ কেতিয়াবা কিছুমান মানুহৰ কামে আমাক ইমানেই আনন্দ দিয়ে যে আমাৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে প্ৰশংসা প্ৰকাশ পায় । সেই ক্ষেত্ৰত মানুহগৰাকীৰ কামকহে গুৰুত্ব দিয়া হয় । তেওঁ কোন, ক'ত, কিয় বিখ্যাত আদি কথাবোৰ গৌণ হৈ পৰে।  আমাৰ লাভ-লোকচানৰ কথাও নাহে ৷ এনে ধৰণৰ প্ৰশংসা সেই ব্যক্তিজনৰ প্ৰাপ্য৷ সেই প্ৰশংসা তেওঁ উপাৰ্জন কৰিছে ৷

আৰু এটা কথা—  সন্মুখত প্ৰশংসা কৰাটো উচিত নহয় যদিও কেতিয়াবা এনে প্ৰশংসাই ব্যক্তিজনক উদ্বুদ্ধ কৰাও পৰিলক্ষিত হয়। বিশেষকৈ সৰু ল'ৰা-ছোৱালীক এনেদৰে উৎসাহ যোগাব পাৰি । কাৰণ শিশুৰ মনত কোনো কলুষ-কালিমা নাথাকে। প্ৰকৃত গুণীজনকো সন্মুখত প্ৰশংসা কৰাটো অন্যায় বুলি নাভাবোঁ। কিয়নো প্ৰশংসাই তেওঁলোকক প্ৰেৰণা দিয়ে...। ন ন সৃষ্টিৰ বাবে প্ৰেৰণা লাভ কৰে ৷

আৰু এটা চিন্তনীয় কথা আমাৰ মনলৈ আহিছে যে আমি প্ৰশংসা আশা কৰাৰ আগতে তাৰ বাবে নিজকে প্ৰস্তুত কৰিব লাগিব । কিবা এটা কাম কৰি প্ৰশংসা নাপালোঁ বুলি আক্ষেপ কৰাৰ কোনো অৰ্থ নাই । প্ৰশংসা খুজি লোৱা বিষয় নহয় । প্ৰশংসা আমি নিজৰ কৰ্মৰ জৰিয়তে আজুৰি আনিব পাৰিব লাগিব !

—বিনীতা ভূঞা
প্ৰবক্তা ,অসমীয়া বিভাগ
লামডিং মহাবিদ্যালয় 
অৰ্থহীন

অৰ্থহীন

দিপিকা ডেকা
—"মা, মোৰ লগৰ ছোৱালী এজনীৰ ঘৰত পূজা আছে। স্কুলৰ পাছত সিহঁতৰ ঘৰলৈ মাতিছে। যামনে?"
—"নালাগে। দেউতাৰা ঘৰত নাথাকে। এনেকৈ ছোৱালী মানুহ অকলে ঘূৰি ফুৰাটো ভাল কথা নহয়।"

—"মা, স্কুলৰ পৰা আজি ওচৰৰ মন্দিৰলৈ আমাক ফুৰাবলৈ নিম বুলি কৈছে। যামনে? আমাৰ শ্ৰেণীৰ সৱ যাব।"
—"নালাগে যাব। চিধাই ঘৰলৈ আহিবি।"

—"মা, ইহঁতে বাটত ৰৈ আছে পথাৰৰ ফালে ফুৰিবলৈ যাবলৈ লগ ধৰিছে। যাওঁনে?"
—"নালাগে। ছোৱালী মানুহ এনেকৈ বাটে-পথাৰে ঘূৰি নুফুৰে।'

—"পৰীক্ষাতহে যাম। গোটেইবোৰ একেলগে যাম। আৰুনো লগত বেলেগক কিয় পঠিয়াব লাগে? পৰীক্ষাৰ পৰা ওলাম আৰু ঘৰলৈ আহিম।"
—"নিজৰ মতে সৱ কথা নহয়‌। সি যাব বুলি নিজে কৈছে। সি লৈ যাব আৰু লৈ আহিব।"

—"আজিৰ পৰা ছবি শিকিবলৈ হেনো স্কুললৈ যাব লাগিব। বাইদেউৰ ঘৰত শিকাবলৈ সময় মিলাবলৈ অসুবিধা। সিহঁতো যাব। যামনে মা?"
—"নালাগে ইমান দূৰ, ছোৱালী মানুহ অকলে যাব।"

—"সিহঁতৰ মাইনাক গানৰ স্কুলত দিছে হেনো। মা মোৰো গান শিকিবৰ মন আছিল। দেউতাক ক'বচোন।"
—"এইবোৰ শিকি কি কৰিবি ! এনেও তোক গান গাই ফুৰিবলৈ নিদিয়ে। ঘৰতে থাকি পঢ়।"

—"কাইলৈ বিষ্ণুৰাভা দিৱস বাবে সিখন হাইস্কুলত কুইজ প্ৰতিযোগিতা পাতিছে। আমাৰ স্কুলৰ পৰা কোন কোন যাম, সুধিছে ছাৰে। মা মই যামনে?"
—"কোন যায় যাওক। তই যাব নালাগে। এনেও দাদাৰে যাব যেতিয়া তই নগ'লেও হ'ব।"

—"মোৰো কম্প্যুটাৰ শিকিবলৈ মন আছিল। লগৰবোৰে পৰীক্ষা শেষ হ'লেই এডমিশ্বন ল'ব। ময়ো ল'মনে?"
—"তইনো আৰু কম্প্যুটাৰ শিকি কি কৰিবি ! দাদাৰে শিকিছে নহয়! সি ঘৰতে শিকাব তোক, যদি মন কৰ। এনেয়ে তালৈ যাবলৈ দৰকাৰ নাই।"

"মা, আমাৰ কলেজৰ পৰা পিকনিক যাব। লগৰ সৱ যাব। মোৰো যাবলৈ মন আছিল। মই সৰুৰে পৰা ক'লৈও গৈয়েই পোৱা নাই। এইবাৰ যামনে মা? দেউতাক সুধিবচোন।"
—"ছোৱালী মানুহ এনেকৈ ক'ত পিকনিক-চিকনিকলৈ যাৱ। নালাগে দে যাব। পাছত আমাৰ লগত কেতিয়াবা যাবি।"

—"টিউচন নহ'লে মোৰ পঢ়িবলৈ অসুবিধা হয়। দাদাই লোৱা ছাৰজনৰ তাতে ল'ব পাৰিলোঁহেঁতেন। ক'বচোন তাক কথা পাতিবলৈ।"
—"তই আৰু টিউচন কিয় ল'ব লাগে! তাৰ টিউচনৰ বহীবোৰ আছেই নহয়। সেইবোৰকে পঢ়িবি।"

তাইৰ আজি হায়াৰ চেকেণ্ডাৰীৰ ৰিজাল্ট দিছে। ৰিজাল্ট ল'বলৈ তাইৰ মন যোৱা নাই। মনটোৱে অলপো উকমুকনি জগোৱা নাই সৰুতে পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ আগমুহূৰ্তত জগোৱাৰ দৰে। মাকৰ লগত তাঁতশালত বহি গামোচাৰ ফুল বাছিছে। মাকৰ মতে এতিয়াই যদি গামোচাবোৰ বৈ নথয়, বিয়াৰ দিন ঠিক কৰিলে সকলো একেলগে উলিয়াবলৈ অসুবিধা হ'ব। দাদাক কলেজলৈ গৈছে যেতিয়া সিয়ে ৰিজাল্ট চাই আহিব পাৰিব। চেৰীটোৰে কাণীবোৰ উঠোৱা-নমোৱা কৰোঁতে ডিঙিলৈ উজাই অহা কিবা দৈত্যকায় যেন লগা অশৰীৰীয়ে জাল পেলাই চকুযুৰি ধোঁৱাময় কৰি তুলিছিল। সন্মুখত মহুৰা ফুৰাই থকা মাকৰ ফালে লাহেকৈ মূৰটো দাঙি কেৰাহিকৈ চাওঁতে আগফালৰ পৰা অহা বতাহচাটিয়ে ডেউকা কোবাই তাইৰ চকুৰ পৰা জুলীয়া পদাৰ্থখিনি শুহি লৈ গৈছিল।
......................



Monday, September 10, 2018

Thursday, September 6, 2018

262 No. Boguwan LP School

262 No. Boguwan LP School


গ্ৰীষ্ম বন্ধৰ আগত টাব দিয়া হৈছিল ফুল ৰোপন কৰি আনিবলৈ… ইমান ধুনীয়াকৈ যতন কৰি ধুনীয়া ধুনীয়া ফুল ৰোপন কৰিছে সেয়ে সকলোৰে লগত শ্বেয়াৰ কৰিব মন গ'ল ।


শিশু, অংকন: কৃতি সুন্দৰ হাজৰিকা

শিশু, অংকন: কৃতি সুন্দৰ হাজৰিকা

শিশু
(এক্ৰিলিকেৰে কেনভাছত অংকিত)
সহকাৰী শি‍ক্ষক, কঁঠালগুৰি এম.ই. স্কুল, ডিমৌ শি‍ক্ষাখণ্ড, শিৱসাগৰ
ম’বাইল – ৯৯৫৪৬ ৮৪০৯৯


ভূপেন হাজৰিকা, অংকন: কৃতি সুন্দৰ হাজৰিকা

ভূপেন হাজৰিকা, অংকন: কৃতি সুন্দৰ হাজৰিকা

ভূপেন হাজৰিকা
 ( এক্ৰিলিকেৰে কেনভাছত অংকিত)
সহকাৰী শি‍ক্ষক, কঁঠালগুৰি এম.ই. স্কুল, ডিমৌ শি‍ক্ষাখণ্ড, শিৱসাগৰ
ম’বাইল – ৯৯৫৪৬ ৮৪০৯৯



ডাইনী

ডাইনী



প্ৰথম খণ্ড
—"মৰিলোঁ  ঔ...মৰিলোঁ ঔ। মোক নামাৰিবি। মই ডাইনী নহয়। মই ডাইনী নহয়। পোনাকণ মোক বচা।"
—"আই আই। ছাৰ ছাৰ আমাক বচাওক। মোৰ আই ডাইনী নহয়। মোৰ আই ডাইনী নহয় । এয়া মোৰ আই।"
কাতৰ চিঞৰকেইটা এতিয়াও কাণত বাজি থাকে মাজে মাজে। অস্থিৰ হৈ পৰোঁ। মন-মগজু ঘূৰি যায় চাৰি বছৰ আগৰ সেই দিনকেইটালৈ।
২০১২ চনৰ জুন মাহ। বিদ্যালয়ত যোগদান কৰিয়ে মন কৰিলোঁ মলিয়ন গা, নাকত শেঙুন, ভৰিবোৰত সাপৰ দৰে আঁক-বাক থকা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰে। হয়তো ভৰি ধুয়েই পোৱা নাই সিহঁতে। শিক্ষক-ছাত্ৰ-অভিভাৱকৰ এটা সম্পৰ্ক গঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰিলোঁ। ঘনে ঘনে সভা পাতিলোঁ। নাই, নাহে । দুই-এগৰাকী আহি গুচি যায় কোনো নাহে বুলি। ভোজৰ আয়োজন কৰিলোঁ এইবাৰ। দলে-বলে আহিল। ঔ বুজিলোঁ। ভোজৰ আয়োজন ঘনে ঘনে কৰিলোঁ। ক'বলগীয়াবোৰ তাতে ক'লোঁ। এটা সময়ত এনেকুৱা হ'লগৈ যে সভা পাতিলে দলে-বলে আহিবলৈ ধৰিলে। লাহে লাহে বিদ্যালয়খন তেওঁলোকৰ বুলি অনুধাৱন কৰিবলৈ ধৰিলে।
কিছু চাফ-চিকুণ হ'ল ছাত্ৰ-ছাত্ৰীসকল। কিন্তু মন কৰিলোঁ— এজন ছাত্ৰ আগৰ দৰেই আছে। সি অকণমানো সলনি নহ'ল। খুব ভয় কৰে। কাৰো লগত মিলা-মিছা নকৰে। ভোজলৈএদিনো নাই অহা তাৰ অভিভাৱক ।
—"দেউতাক মাতিছে বুলি ক'বা দেই কাইলৈ৷"
—"কি দেউতা?"
—"পিতাইৰ কথা কৈছোঁ৷"
—"মোৰ পিতাই নাই৷"
— "ক'লৈ গ'ল?"
— "মৰিলে৷"
— "অ' অও। বেয়া নাপাবা দেই। নাজানো যে। মা আছে নে নাই?"
—"আই আছে। মই মাক আই বুলিয়ে কওঁ।"
— "অ। আইকে মাতিছে বুলি ক'বা নহ'লে!"
—"আই নাহে।"
— "কিয়?"
— "আইক আহিবলৈ মানা কৰে মানুহবোৰে। আইক মানুহবোৰে ক'লৈকো ওলাবলৈ নিদিয়ে। মোৰ আইৰ কাৰণেই বোলে পিতাই মৰি থাকিল। আৰু আইৰ কাৰণেই বোলে গাঁওখনত মানুহবোৰ মৰে, গাঁৱত মানুহবোৰৰ বেমাৰ আইৰ কাৰণেই হয়। মোৰ আই ডাইনী বুলি কৈ মোক সিহঁতৰ লগত খেলিবলৈ নিদিয়ে। ছাৰ ডাইনী মানে কি নো?"
মই তাৰ চকুলৈ চালোঁ। এহেজাৰটা প্ৰশ্নৰ উত্তৰ বিচৰা ধৰণে সি মোৰ চকুলৈ চাই আছে। মই কি কওঁ ভাবি নাপালোঁ।
— "হেই ডাইনী-চাইনি এইবোৰ একো নাথাকে নহয়।"
—"আপুনি মিছাকৈ কৈছে ন ছাৰ?"
— "নহয় ঔ। এইবোৰ মানুহে মিছাকৈ উলিয়াইছে।"
কৌতূহল হ'ল ল'ৰাটোৰ ওপৰত। বিদ্যালয় ছুটীৰ পাছত তাৰ ঘৰত সোমালোগৈ। ঘৰ বুলি ক'ব নোৱাৰি। এটা কোঠা মাত্ৰ। মোক যোৱা দেখি ভিতৰলৈ সোমাই গ'ল মানুহগৰাকী।
— "কি হ'ল? ভিতৰলৈ সোমাই গ'ল যে?"
— "আপুনি আমাৰ ঘৰলৈ আহিব নালাগিছিল, ছাৰ৷"
—"কিয়?"
—"মানুহবোৰে আপোনাক বেয়াকৈ চাব।
"কি বেয়াকৈ" বুলি কৈ ভিতৰলৈ সোমাই গ'লোঁ। তেওঁ একেবাৰে শিল পৰা কপৌৰ দৰে অবাক হল মোক ভিতৰত এনেকৈ দেখি। এনেও বাহিৰৰ পৰা দেখিয়ে থাকি ভিতৰখন। এচুকত এটা কলহ, চৌকাত এখন ক'লা কেৰাহী আৰু এটা বাল্টি ওলমি আছে বেৰত। আনফালে এখন বাঁহৰ চাং। আৰু একো নেদেখিলোঁ কোঠাটোত।
— "আপোনাৰ বিষয়ে জানিবলৈ আহিছোঁ।"
—"কি জানিব খোজে?"
—"কিয় ডাইনী বুলি কয় মানুহে আপোনাক?"
—"জানি কি কৰিব!"
— "একো কৰিব নোৱাৰিলেও কিবা কৰিব পাৰোঁ বা! কওক মোক৷"
— আপোনাক কিয় ক'ম। আপোনবোৰেই বিশ্বাসঘাটকতা কৰিলে। আপোনাক কিয় বিশ্বাস কৰিম। আপুনিও এজন পুৰুষেই হয়।"
বহু দেৰি লাগি লাগি শেষত ক'বলৈ বাধ্য হ'ল। তেওঁ কৈ গৈছে এফালৰ পৰা সকলো। তেওঁ যেন কথাবোৰ কাৰোবাক ক'বলৈহে বাট চাই আছিল। মই শুনি গৈছোঁ— গিৰীয়েক ঢুকুৱাৰ পাছত পৰিয়ালৰ মানুহখিনিয়ে সম্পত্তিখিনি কেনেকৈ কাঢ়ি ল'লে, এতিয়া বিচাৰি গ'লেই ডাইনী সজাই কেনেকৈ খেদায়, সহায় বিচাৰি গাঁওবুঢ়াৰ ওচৰলৈ যাওঁতে তাইৰ দেহাটো কেনেকৈ অকলে পাই সুযোগ ল'লে। তাকে ন্যায় বিচাৰি গাঁৱৰ মানুহ চপাওঁতে উদণ্ড ডেকাবোৰে গম পাই ৰাতি কেনেকৈ আমনি কৰিবলৈ ধৰিলে। এইবোৰ বাধা দি দি ভাগৰিব নুখুজোঁতেই গাঁৱৰ বেজজনে নিজৰ আধিপত্য বঢ়াবলৈ কেনেকৈ গাঁৱৰ প্ৰতিটো অমংগল তাইৰ বাবেহে হয় বুলি বাছনি ধৰিবলৈ ধৰিলে। কথাবোৰ কৈ কৈ শেষত তেওঁ হুকহুকাই কান্দি উঠিল। বেচেৰীজনীক চকুপানীখিনি মচি দিবলৈ মন গৈছিল। কিন্তু থমকি ৰ'লোঁ৷ কিজানিবা মোকো সুবিধা ল'ব বিচৰিছে বুলি ভাবে।
— "পানী খাব নেকি?" পানী ক'ত আছে নেজানো৷ তথাপি সুধিয়ে পেলালোঁ।
—ওঁহো। নালাগে। আপুনি যাওক এতিয়া। এটা ভাৰাক্ৰান্ত মন লৈ ঘূৰিলোঁ
২০১৩ চনৰ চ'ত মাহৰ ১৩ তাৰিখ। বিদ্যালয়লৈ আহোঁতেই মন কৰিলোঁ তেওঁৰ চোতালত কেইজনমান মানুহ গোট খাই আছে। কৌতুহলবশতঃ আগবাঢ়ি গ'লোঁ।
"এই ডাইনীজনীক মাৰিই পেলাব লাগে।"— এজনে গৰজি উঠিল।
— "অ অ । এইক মাৰিয়েই পেলাওঁ। এজনে গৈ চুলিকোছাত ধৰি টানিয়েই আনিলেগৈ। তোৰ কাৰণেই মোৰ ছোৱালীজনীয়ে ডিঙিত চিপ লৈ আত্মহত্যা কৰিলে। তোৰ কাৰণে আৰু কিমানে মৰিব! তাৰ আগতে তোকে মাৰি পেলাওঁ।"
"মৰিলোঁ ঔ...মৰিলোঁ ঔ। মোক নামাৰিবি। মই ডাইনী নহয়। মই ডাইনী নহয়। পোনাকণ মোক বচা।"— কণমানি ল'ৰাটোক বচাবলৈ ক'লে। পোনাকণ আগবাঢ়ি গ'ল। পোনাকণক সাৱটি ধৰিলে।
— "আই আই। ছাৰ ছাৰ আমাক বচাওক। মোৰ আই ডাইনী নহয়। মোৰ আই ডাইনী নহয় । এয়া মোৰ আই ।.... মানুহকেইজনে মাকক মৰা কোবকেইটা গাত পাতি এনেকৈয়ে চিঞৰিলে পোনাকণে।
দ্বিতীয় খণ্ড
“পোনাকণ নথকাহেঁতেন নিজেই মৰি থাকিলোঁহেঁতেন ছাৰ।” নিমখ অকণমান মিহলি কৰি ভাত এগৰাহ মুখলৈ নি তাই ক’লে
—“কিয় তেনেকৈ কৈছে?”
—“ইহঁতৰ হাতত মৰাতকৈ…”
—“আপুনি জীয়াই থাকিব লাগিব৷”
—“এনেকৈ জীয়াই থাকিব পাৰোঁনে।” কাষতে থকা মেকুৰীজনীক ভাত কেইটামান মাটিতে দি দিলে। বহু দিন ভোকত থকাৰ দৰে মকামক খাই পেলালে। হয়তো মেকুৰীজনীয়ে নাজানে তাইৰ গৰাকীক বাকী মানুহবোৰে ডাইনী সজাইছে। মেকুৰীজনীয়েও যদি সিহঁতৰ সমান বুজি পোৱা হ’লহেঁতেন, তেন্তে তায়ো চাগে ভাতখিনি নাখালেহেঁতেন। কালিৰ মানুহখিনিকো অবোধ মেকুৰীজনীৰ দৰেই লাগিল। সিহঁতেও যদি নিজৰ মগজুৰে অকণমান চিন্তা কৰিব পাৰিলেহেঁতেন, তেন্তে কালিৰ দৰে অভাৱনীয় পৰিস্থিতি কেতিয়াও ক’তো নহ’লহেঁতেন।
—“আজিৰ পৰা অন্ততঃ পাৰিব লাগিব।”
—“মোক যদি কিবা কৰে, আপুনি পোনাকণক চাব দেই।”
তেওঁ যেন মোক বিশ্বাস কৰিছে, তেনেকুৱা সুৰত ক’লে। বৰ সহজে মানুহক বিশ্বাস কৰি লয় নে বিশ্বাস কৰিবলৈ আৰু মানুহ নথকা বাবেই মোক তেনেকৈ ক’লে বুজি নাপালোঁ।
—“আপোনাক সিহঁতে একো কৰিব নোৱাৰে৷”
—“কালি আপুনি নথকাহেঁতেন!”
—“কালিৰ কথা বাদ দিয়ক। আজিৰ পৰা আপুনি সিহঁতৰ বিৰুদ্ধে যুঁজিব লাগিব৷”
—“কেনেকৈ?”
—“কেনেকৈ সেইটো মই নাজানো। কিন্তু আপুনি সিহঁতৰ আচল ৰূপটো উদঙাই দেখুৱাবই লাগিব সমাজক৷”
—“তামোল খাব নে?”
পাত্ৰটোত থকা অন্তিম ভাতকেইটা চুঁচি খাই শেষ কৰি ভাতৰ চৰুৰ ঢাকোন যেন লগা প্লেট এখনত শুকাই থকা পাণ আৰু মলিয়ন তামোল দুডোখৰমানেৰে আগবঢ়াই দিলে৷
—“দিয়ক এখন৷”
—“আপুনি যাওক এতিয়া। দেৰি হ’ব নহ’লে৷”
—“ওঁ!”
মানুহগৰাকীক কিছু সাহস দিওঁ বুলিয়ে সোমাইছিলোঁ। তামোলখন খাবলৈ অলপ ঘিণ লাগছিল যদিও তাইক দেখুৱাই মুখত ভৰাই ওলাই আহিলোঁ। বিদ্যালয়ৰ জপনা খুলি সোমাবলৈ লওঁতেই বড়ো সম্প্ৰদায়ৰ মানুহজনক দেখিলোঁ। তেওঁ মোক দেখি কিছু সংকোচ বোধ কৰা দেখি ময়েই মাত লগালোঁ।
—“ক’ৰ পৰা আহিলে?”
—“গাঁওবুঢ়াৰ ঘৰলৈ গৈছিলুং৷”
এই বুলি কৈ তেওঁ চাইকেলৰ পেডেল জোৰকৈ মাৰি বেগেৰে গ’লগৈ। তাতকৈ বেগেৰে মোৰ মনটো কালিৰ ঘটনাটোলৈ আগবাঢ়ি গ’ল।
...................................
মাককে পুতেককে বচাবলৈ আগবাঢ়ি গ’লোঁ। উগ্ৰ খঙাল মানুহকেইজনক শান্ত কৰিবলৈ সেই মুহূৰ্তত একো উপায় ভাবি পোৱা নাছিলোঁ।
—“ছাৰ, ছাৰ বচাওক, মাৰি পেলাব এতিয়া আমাক।” চৰ-ঘোচা উপৰ্যুপৰি তাৰ গাত পৰাত সি আকৌ চিঞৰিলে।
কি কৰোঁ কি নকৰোঁ বুলি উপায় নাপাই একেবাৰে ওচৰলৈ আগবাঢ়ি গৈ সাৱটি ধৰা দি হাত দুখন মেলি মানুহকেইজনক বাধা দিবলৈ চেষ্টা কৰিলোঁ।
ঠা……….আ……..চ
কেইবাজনো মানুহৰ ঠেলা-হেঁচাত মানুহজনীৰ গালৈ মৰা চৰ এটা পৰিল গালতে। সৰিয়হ ফুল দেখি গলোঁগৈ। জীৱনত দ্বিতীয় বাৰ এনেকুৱা এটা চৰ গালত পৰিল। বিদ্যালয়ত এদিন ছাৰে দিছিল এনেকুৱা এটা চৰ, পঢ়োৱা সময়ত কথা পাতি হাঁহি থকাৰ বাবে। ঘপহ্কৈ ধমলা ছাৰলৈ মনত পৰি গ’ল আকৌ।
—“ঐ মাষ্টৰ আঁতৰিবি টুই। টুইভি মৰিবি নহ’লে ডাইনীটোৰ লুগতে।” অলপ আগতে লগ পোৱা বড়ো সম্প্ৰদায়ৰ মানুহজনে তেঁও নভবাকৈ তেওঁৰ চৰটো মোৰ গালত পৰাত ইতঃস্তত বোধ কৰি বাধা দিয়া সুৰত ক’লে
—“ঐ ঐ মাষ্টৰক নামাৰিবি। মাষ্টৰক মাৰিলে বহুত ডাঙৰ কেছ হ’ব।”— আন এজনে চিঞৰি কোৱাৰ দৰে ক’লে।
—“এই, আপোনালোকে শুনকচোন মোৰ কথা, এওঁ ডাইনী নহয়। এওঁক নামাৰিব।”
“হুহ এইজনী ডাইনী নহয় নে? আপুনি বাধা নিদিব, আজি এইক খতম কৰিবই লাগিব।”— দাখন হাতত লৈ এজন উদ্যত হ’ল কাটিবলৈ। লগে লগে গাঁওৰ চেঙেলীয়া কেইটামানেও কিৰীলিয়াই আগবাঢ়ি আহিল সিহঁতক প্ৰহাৰ কৰিবলৈ।
—“হেৰী, ৰ’বচোন ৰ’ব। মোৰ কথা শুনকচোন প্ৰথমে। এই ডাইনী-চাইনি নাথাকে নহয় পৃথিৱীত!”
“আপুনি একো নাজানে ছাৰ। এইৰ কাৰণে বহুত ঘটনা ঘটিল এই গাঁৱত। আপুনি আহিছেহে পাছত চব গম পাব।”— অন্য এজনে অলপ দূৰৰ পৰা চিঞৰি কোৱা দি ক’লে।
—“এইজনীক দুছেও কৰিহে আজি ছোৱালীজনীৰ মৃতদেহটো চামগৈ।”
দাখন দাঙি ধৰিলে। দাখন আহি মোৰ ডিঙিৰ ওচৰ পালেহি।
কথা বিষম দেখি যিমান জোৰ আছে, সিমান জোৰেৰে চিঞৰি দিলোঁ— “এ……ই…..ৰ’…..ব…..হে…”
মানুহখিনি য’ত যেনেকৈ আছিল, তেনেকৈয়ে ৰৈ গ’ল।
“এই মানুহজনীক আজি মাৰি পেলাব নালাগে। মানুহ কেতিয়াও ডাইনী হ’ব নোৱাৰে। যিজনে ডাইনী বুলি আপোনালোকক কৈছে, তেওঁক মাতি আনক। তেওঁ যদি মোৰ সন্মুখত ডাইনী বুলি প্ৰমাণ দিব পাৰে, তেতিয়া এইৰ লগত মোকো কাটি মাৰি পেলাব। যদি নোৱাৰে, তাইৰ ওচৰলৈ এনেদৰে নাহিব কেতিয়াও।”
মানুহবোৰে গুণগুণাই কিবাকিবি পাতিলে।
—“চাওক মাষ্টৰ, আপুনি কোৱা কাৰণে আজি এইক এৰি গ’লোঁ। কিন্তু কলীয়া বেজে যদি আমাক প্ৰমাণ দিয়ে, তেন্তে আপুনি বাধা দিলে আপোনাৰো কথা বেয়া হ’ব।”—বৃদ্ধ এজনে কলে।
“ঠিক আছে, হ’ব।”— দৃঢ়তাৰে কোৱাদি ক’লোঁ। মোৰ দৃঢ়তা দেখি মানুহ এজন-দুজনকৈ গ’লগৈ। দুই-এজনে বেয়া বেয়া ভাষাৰে কৈ থৈ গ’ল কিবাকিবি।
এবাৰ দীঘলকৈ উশাহ এটা ল’লোঁ। অলপ আগতে চিঞৰ-বাখৰ হৈ থকা চোতালখন নিজম পৰিল। এখোজ-দুখোজকৈ আগবাঢ়ি গ’লোঁ বিদ্যালয়লৈ।
কিন্তু নিশ্চিত হ’লোঁ যে এই মানুহগৰাকীক সিহঁতে সহজে এৰি নিদিয়ে...


দেৱজিৎ চুতীয়া,ডিমৌ (ধেমাজি)
ভ্ৰাম্যভাষ: ৯৮৫৪৬ ১৩৮৬৪


কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষকৰ স্থায়ী চাকৰিৰ বাবে

কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষকৰ স্থায়ী চাকৰিৰ বাবে


প্ৰাথমিক বৰ্গ, মাধ্যমিক বৰ্গৰ শিক্ষক পদৰ বাবে আৱেদনকাৰীসকলে CTET (Central Teachers Eligibility Test)-ত ১৫০ নম্বৰৰ (১৫০ টা MCQ) ভিতৰত ৯০ নম্বৰ লৈ পাছ কৰিব লাগিব। এই পৰীক্ষাৰ সবিশেষ CBSE-ৰ ৱেবছাইটত উপলব্ধ। নিয়ম অনুসৰি বছৰেকত দুবাৰকৈ এই পৰীক্ষা অনুষ্ঠিত হয়। এই CTET  উত্তীৰ্ণ প্ৰাৰ্থীৰ চাৰ্টিফিকেটৰ ম্যাদ সাত বছৰলৈ থাকে।
প্ৰাথমিক শিক্ষকৰ পদৰ বাবে JBT বা ইয়াৰ সমকক্ষ ক'ৰ্ছ উত্তীৰ্ণ হ'ব লাগিব। বাকী পদৰ বাবে B. Ed লাগিব।
ছিলেবাছ KVS- ৱেবছাইটত উপলব্ধ।

উচ্ছতৰ মাধ্যমিক শাখাত আৱেদন কৰিবলৈ হ'লে এই CTET নালাগে।

তাৰ পাছত আছে নিয়োগৰ বাবে লিখিত পৰীক্ষা৷ তাতো ১৫০ নম্বৰ (১৫০টা MCQ) আহে।
তাৰ ভিতৰত নম্বৰ আৰু প্ৰশ্নৰ বিতৰণ এনে ধৰণৰ—
English—  15
Hindi— 15
Maths &Reasoning— 40
Current Affairs & GK— 40
Teaching Aptitude— 40

Cut off নম্বৰ প্ৰতি বছৰে বেলেগ বেলেগ হয়।
উত্তীৰ্ণ প্ৰাৰ্থীয়ে নিউ দিল্লীৰ KVS-ৰ  মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা মৌখিক সাক্ষাৎকাৰত অৱত্তীৰ্ণ হ'ব লাগে। তাত ইংৰাজী /হিন্দীত প্ৰশ্ন সোধে। প্ৰাৰ্থীগৰাকী স্মাৰ্ট হোৱাৰ উপৰি যিকোনো প্ৰশ্নৰ উত্তৰ দিবৰ বাবে সাজু হৈ যাব লাগে। মোক বহু প্ৰশ্নৰ মাজত জাতিংগাৰ পৰা মাজুলী, ৰবাৰ্ট ব্ৰুচৰ চাহৰ বাবে অন্বেষণ, ব্ৰহ্মপুত্ৰৰ চাৰিটা নাম, ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীত থাকোঁতে কেনেবাকৈ তেজ ওলালে তৎক্ষণাত মই কি কৰিম, যোগৰ উপকাৰিতা, lieutenant, psychology আদি কিবাকিবি বানান সুধিছিল।
যিকোনো lesson এটা ক্লাছত পঢ়োৱাৰ দৰে demo দিব লাগিছিল। ICT ক্লাছৰ জ্ঞান থকা প্ৰয়োজন।

কেন্দ্ৰীয় বিদ্যালয়সমূহত অস্থায়ী ভিত্তিত লৈ থকা শিক্ষকৰ  সাক্ষাৎকাৰসমূহ দি থাকিব লাগে। ধাৰণা এটা পোৱা যায়।
মোটামুটি একে ধৰণৰ মৌখিক প্ৰশ্নই সোধে। এইবোৰ সাক্ষাৎকাৰ প্ৰতিবছৰে ফ্ৰেব্ৰুৱাৰী /মাৰ্চ মাহত সকলো কেন্দ্ৰীয় বিদ্যালয়ে অনুষ্ঠিত কৰে।

দেশৰ সকলো ঠাইতে চাকৰি কৰিবলৈ সাজু বুলি ক'ব লাগিব।

নিয়োগৰ বাবে এই লিখিত  পৰীক্ষাৰ ৮৫% নম্বৰ আৰু মৌখিক পৰীক্ষাৰ ১৫% নম্বৰ মিলাই নিয়োগ পত্ৰ দিয়া হয়।
বাকী কম্প্যুটাৰ,  মিউজিক, কলা, যোগ, কৰ্ম অভিজ্ঞতা শিক্ষক, গ্ৰন্থাগাৰিক,  শাৰিৰীক শিক্ষা আদি পদৰ বাবে অৰ্হতা বিজ্ঞাপনৰ লগত দিয়া হয়। KVS-ৰ ৱেবছাইটত উপলব্ধ।
TGT / PGT পদৰ বাবে বিষয় অনুযায়ী পৰীক্ষা দিব লাগিব।

✍️Kusumanjali Sarma
ক্ষুদ্ৰ গল্প

ক্ষুদ্ৰ গল্প


-------------পোন্ধৰ আগষ্টৰ দিনাই বৰুৱাৰ একমাত্ৰ সন্তান ঈশানৰ জন্ম।কথাটোৰ পৰা বিনা বেতনে শিক্ষকতা কৰা বৰুৱাৰ আচলতে লাভেই হয়। কাৰণ এসময়ৰ আনন্দৰ দিনটোত আজিকালি যেন যুদ্ধৰ হে আখৰা চলে --- । সকলোবোৰ প্ৰায় বন্ধ থাকে—গতিকে জন্মদিন পতাৰ খৰছ কমি যায়।কাৰণ বন্ধ বাবে ঈশানৰ স্কুলৰ লগৰ বোৰ আহিব নোৱাৰে-- গতিকে পতাই নহয় ।অবশ্যে খোলা থাকিলেও টিউচন কৰি যি কেই টকা পায় তাৰে বৰুৱাই এনেও জন্মদিন পাতিব নোৱাৰিলেহেঁতেন।
পোন্ধৰ আগষ্টটো মাত্ৰ এটা দায় সৰা যুক্তি।অবশ্যে এই কথাটো বৰুৱাই নিজে ভবাহে---- তেওঁক এই কথাটো না চতুৰ্থ শ্ৰেণীৰ ঈশানে কৈছে, না মাকে।কোনেও বৰুৱাক কোৱা নাই আজিলৈকে---জন্ম দিন পতাৰ কথা।কিন্তু বৰুৱানীয়ে এই দিনটোত বৰ ধূনীয়াকৈ পায়স বনাই থাপনাত ধূপ- চাকি জ্বলাই--- বহু সময় সেৱা কৰি পাৰ কৰে।মাকৰ লগত কিছু সময় লৰাটোৱে প্ৰাৰ্থনা কৰে---" কিমতে ভকতি কৰিবো তোমাক----"
--- কিন্ত এইবাৰ বৰুৱাই ভাবিছিল, ঈশানৰ জন্মদিন পাতিব, ---- , তেওঁলোক-- সকলোৰে ভাল লগাকৈ পাতিব।চাকৰি নিয়মীয়া হোৱাৰ প্ৰতিশ্ৰুতি পোৱাৰ পিছত প্ৰথম এই কথাটোৱেই মনলে আহিছিল---- । কিন্তু প্ৰতিশ্ৰুতি পূৰণৰ দাবীত অনশণ কৰি বৰুৱা বৰ্তমান চিকিৎসালয়ত।
---ভাল পাইছেনে দেউতা।
--- বৰুৱাই জোৰকৈ চকু মেলি চালে।পুতেকে তেওৰ চুলিত আলফুলকৈ হাত ফুৰাই আছে— বৰুৱানী ভৰি পথানত বহি বৰুৱাৰ ভৰি পিটিকি আছে।
--- অনশণ থলিত হঠাত স্বাস্থ্যৰ অৱনতি ঘটাত বৰুৱাকে ধৰি কেবাজনো চিকিৎসালয়ত।তেওঁলোকক জোৰ কৰি চৰকাৰী চিকিৎসা দিয়া হৈছে।
--- পুতেক ঈশানলে চাই বৰুৱাই ভাবিলে---- “ এইবাৰো তোমাৰ জন্মদিন পাতিব নোৱাৰিলো। মোক বেয়া নেপাবা দেই বাবা”--- বৰুৱাই যেন তাক কব ।
দৰমহা

দৰমহা


হঠাৎ দৰমহা কথা মনত পৰি গ’ল
*******
দিনটো ৰঙীন পৃথিৱীৰ ৰঙৰ আবিৰতে পাৰ হৈ গ’ল৷ হঠাতেই দৰমহা কথা মনত পৰি গ’ল৷ টেট শিক্ষকৰ চাকৰি ৷ দৰমহা কেইটাই যেনে তেনে চলি আছো ৷ আবেলি চাৰিআলি দোকানীজনে প্ৰশ্ন কৰিলে হোলীত ঘৰলৈ নগ’ল৷
মইয়ো কলো,"নাই , নগলো৷"
দোকানীজনে ক’লে , "হয় দিয়ক , কিবা উৎসৱৰ নামত ঘৰলৈ গলেই কেইবাশ টকাও যায়৷ তাতে আপোনলোকৰ দৰমহানো কেইটকা৷"
"হয় দিয়ক৷ নিজেই চলি আছো ৷"
"উপাই নাই আৰু৷ তাতে ইমান দুৰৈত৷"
লাহে লাহে তাৰপৰা আতৰি আহিলো৷ তেওঁ কথাষাৰে মোক দুখ লগাই দিলে৷ তেওঁ গাতো কোনো দোষ নাই৷ কাৰণ টেট শিক্ষকৰ দৰমহা সকলোৱে জানে৷
সঁচাকৈয়ে ঘৰৰপৰা বহু দূৰৈত শিক্ষকতা চাকৰি কৰিছোহি৷ ইমান ভিতৰুৱা ঠাই৷ গাঁৱৰ মাজে মাজে ঘুৰি ফুৰিছো৷ গাঁও অঞ্চলত ভাড়া ঘৰ নাই৷ সেয়েহে চাৰিআলিহেন ঠাইত থাকিব লগা হৈছে৷ তাৰোপৰি স্কুললৈ অহা যোৱা কৰিবলৈ কেইবাটকাও খৰচ হয়৷ সেইয়া আতৰত থাকি স্কুল কৰা সকলোৱে জানে৷
দোকানীজনৰ দৰমহা অংকটোৱে মোক ভবাই তুলিলে৷ সিদিনা ফেচবুকতে এজনে দিছে ছয় বছৰ চাকৰি জীৱন হ’ল একাউন্টত শূন্য টকা জমা আছে৷ এনেকুৱা হাজাৰজনৰেই হৈছেে৷ ঘৰৰ বাহিৰত চাকৰি কৰা মানে ঘৰভাড়া, দৈনন্দিন আহাৰ, পানী, কাৰেন্টৰ বিল সকলোবোৰৰে দাম বাঢ়িল৷ কিন্তু শিক্ষকৰ দৰমহাহে গেঠেলা লাগিল৷ চেণ্টেল চৰকাৰৰ সাধাৰণ শ্ৰেণীৰ প্ৰাৰম্ভিক দৰমহাই বহুত৷ কিন্তু অসমৰ শিক্ষকৰ দৰমহা বিশেষকৈ টেট শিক্ষকৰ দৰমহা পুতৌজনক৷ ঘৰলৈ অহা যোৱা কৰিলেই এবাৰত তিনি চাৰিহাজাৰ খৰচ হয়৷ নামনি অসমৰপৰা উজনী অসমলৈ গাড়ী ভাৰাটোকেই চাওঁকচোন৷
এৰা , এইবোৰ নিতান্তই ব্যক্তিগত কথা৷ কিন্তু দৰমহাটোযে হাতত নাথাকেই৷ যি অনুপাতে বস্তুৰ দাম বাঢ়িছে তাৰ তুলনা একেবাৰে অৰ্থহীন হৈ পৰে আমাৰ দৰমহা৷ শাক পাচলি, মাছ, মঙহ , দৈনন্দিন প্ৰয়োজনীয় বয় বস্তুত সুৰা সুৰে দাম বাঢ়ি গৈয়েই আছে৷ কিন্তু দৰমহা প্ৰাপ্যৰ পৰাও বঞ্চিত হলো৷ সকলো বাস্তৱ ছবি৷ ঘৰত বৃদ্ধ পিতৃ মাতৃ৷ এইয়া সকলোজনৰেই বুলিব পাৰি৷ কিবা এটা উৎসৱ আহিলেই সাউৎকৈ মনত পৰে দিয়কচোন৷ আতৰৰপৰাই উৎসৱৰ দিনা ফ’নত কথা পাতি মনৰ অনুভৱক বুজ লওঁ৷ তেওঁলোকৰ মনৰ বিষাদ নিৰৱেই ঢাকি ৰাখে৷ কোনোবাজনৰ পত্নী, লগতে কণমানি কেচুৱা৷ কাৰোবাৰ ঘৰুৱা অলেখ জঞ্জাল৷ এই সকলোবোৰৰ দায়িত্ব আতৰত কৰ্মৰত শিক্ষকজনেই৷ যিদৰে মই ইয়াৰ উদাহৰণ৷
কেতিয়াবা কোনোবাজনেটো কৈয়েই পেলাই ইমান আতৰত সেইকেইটা টকা লৈ চাকৰি কৰে নেকি৷ তাৰ সলনি বেলেগ কিবা এটাকে কৰ৷ উপাইহীন মনোভাৱনা, উপায়হীন আৰ্থিক৷ কি কৰিব ৷ কাৰোবাৰ কথালৈ অৱশ্যে কোনো ভ্ৰুক্ষেপ নকৰো৷ তথাপি ও চাকৰি এৰি গলেও এচামে হাঁহিব৷ কৰি থকা দেখিও এচামে হাহে৷ কিংকতব্যবিমূঢ়৷
চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ কাৰণ

চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ কাৰণ


চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ কাৰণ সমূহ ..
১.অভিভাৱকৰ মানসিকতা । বহুতৰে মাজত কেৱল ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ত হে গুণগত শিক্ষা লাভ কৰিব বুলি এটা ভুল ধাৰণাই শিপাই আছে।
২.ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক আকৰ্ষণ কৰিব পৰাকৈ প্ৰাইভেট স্কুলৰ দৰে কেইখন চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁঠনি ভাল ?(না ভাল এটা লাইব্ৰেৰী আছে ,না কেণ্টিন আছে,না ভাল শ্ৰেণীকোঠা আছে ,না ভাল toilet আছে ,না ভাল খোৱা পানীৰ সু ব্যৱস্থা আছে ,না ভাল ডাইনিং হল আছে, না ভাল Auditorium ,না আধুনিক প্ৰযুক্তিৰে সু সজ্জিত শ্ৰেণীকোঠা আছে যিবোৰে ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিব??)
৩.বিষয় অনুপাতে শিক্ষকৰ অভাৱ।
৪.ছাত্ৰ ছাত্ৰীক পঢ়োঁওৱাৰ উপৰিও শিক্ষকক আন বিভিন্ন দায়িত্ব জাপি দিয়া ।
৫.তথাকথিত প্ৰাইভেট বিদ্যালয়ত চৰকাৰী বিদ্যালয়ত কৈ অনুশাসন ভাল বুলি জনমানসত এটা বিশ্বাস আছে। যাৰ বাবে কিছুমান চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম ।
৬.Evaluation পদ্ধতিৰ ভুল ব্যাখ্যা । বহুতে চৰকাৰী বিদ্যালয়ত pass fail নাই বুলি অভিযোগ কৰে ।
৭.যাচি দিলে সোঁণৰো মূল্য নাই ।শুনিবলৈ আচহুৱা যেন লাগিলেও কিন্তু চৰকাৰী স্কুলত সকলো বস্তু ফ্ৰী হোৱাৰ বাবেও ছাত্ৰ ছাত্ৰী কম হোৱাটো নুই কৰিব নোৱাৰি ।(ফ্ৰী বস্তুৰ গুণাগুণ বেয়া বুলি আমাৰ সমাজত এটা ভুল ধাৰণা আছে).সেয়েহে সমসাজৰ পৰা আৰম্ভ কৰি বহি কিতাপৰ পৰা মাধ্যাহ্ন ভোজন সকলো বিনামূলীয়া হোৱা সত্বেও লক্ষণীয় ভাৱে কিছুমান দুখীয়া অভিভাৱকে নিজৰ গাঁঠিৰ ধন ভাঙি হলেও নিজৰ সন্তানটিক ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ত হে পঢ়োৱাইছে ।
এইকেইটা প্ৰধান সমস্যাৰ উপৰিও আৰু এশ এবুৰি সমস্যা আছে। আৰু কি কি সমস্য থাকিব পাৰে বাৰু?আপোনালোকৰ বহুমূলীয়া মন্তব্য আগবঢ়াব ।
(ইমান সমস্যাৰ পিছতো কিন্তু আমাৰ বিদ্যালয়ত প্ৰায় 300 ছাত্রছাত্ৰী আছে ..ই চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ বাবে এক শুভ লক্ষণ বুলি মই ভাবো )
ইঞ্জিনিয়াৰ

ইঞ্জিনিয়াৰ


মনত অদম্য হেঁপাহ আছিল
ইঞ্জিনিয়াৰ হোৱাৰ৷
মেট্ৰিকৰ ৰিজাল্ট্ ওলাবৰ দিনা
মনত আনন্দৰ জোৱাৰ উথলি উঠিছিল৷
ইঞ্জিনিয়াৰিঙৰ প্ৰথম চিৰিত মই যেন বগালোঁৱেই!

দেউতাই সৰুৰে পৰাই সপোন দেখুৱাইছিল—
"মোৰ ছোৱালী ইঞ্জিনিয়াৰ হ'ব৷"
সেইমতে ময়ো সেই সপোনত উটি-ভাহি ফুৰিছিলোঁ৷
পিছে ইঞ্জিনিয়াৰিঙত নাম লিখি নিদিলে দেউতাই,
ক'লে—  "তই নিৰ্জীৱ নহয়, সজীৱ সৃষ্টিৰহে ইঞ্জিনিয়াৰ হ'ব লাগিব৷"
একো নুবুজিলোঁ৷


পঢ়ি গ'লোঁ দেউতাই বিচৰা মতে
সপোন ভগাৰ বোজা বুকুত বান্ধি লৈ, নিৰৱে৷

এদিন শিক্ষয়িত্ৰীৰ চাকৰি এটা পাই
দেউতাক সেৱা জনাবৰ পৰত
তেওঁ সকলোকে কৈ ফুৰিছিল—
"মোৰ ছোৱালী আজি ইঞ্জিনিয়াৰ হ'ল;
নিৰ্জীৱ নহয়, সজীৱ সৃষ্টিৰ৷"

আজিহে বুজিলোঁ
দেউতাই আচলতে মই কি হোৱাটো বিচাৰিছিল৷
কিন্তু!
মই জানো হ'ব পাৰিছোঁ
মানুহ গঢ়া ইঞ্জিনিয়াৰ?
..............................
—  বন্দনা বৰদলৈ 
কুটিল খেল

কুটিল খেল


ক্ৰমশঃ
আকাশখন এন্ধাৰ হৈ আহিল,
উতনুৱা কুটিল বতাহজাকত
কাৰোবাৰ আঁচল খহিল
তিৰবিৰাই জ্বলি উঠিল৷
দুটি তৰা;
এহালি চকুত চমকি উঠিল
তৰাৰ বিজুলী৷

মহাবি‍ষ খহি পৰিল
সৌ বালিচাপৰিত
সৰগৰ পৰা,
অপৰাধ
পলকবিহীনতাত ডুব যোৱাৰ বাবে৷
তৰা দুটিৰ উজ্জ্বলতাত চমকি উঠাৰ বাবে৷

এয়াইতো অন্য এক ষড়যন্ত্ৰ!
দেৱৰ সভাত মানৱৰ স্থান
কাৰোবাৰ বাবে অসহ্য যন্ত্ৰণা!
.............................
                                    যতিন বড়া

এগণ্ডা লিমাৰিক

এগণ্ডা লিমাৰিক


            (১)
বেকাৰ জীৱনটো হৈ পৰিছিল টেঙা,
চাকৰিৰ বজাৰো যে আছিল মহঙা।
টাকুৰি ঘূৰাদি ঘূৰি,
পৰিছিল সি ভাগৰি ;
সকলোৱে‍ কৈছিল নহয় তই চেঙা।।
            (২)
টে’টত  বহি অভাজনে পালে চাকৰি,
দুৰণি‍লৈ অহা-যোৱা নাই যে আহৰি ।
দালালৰ নাই দাম,
মেধাই কৰিছে কাম ;
পাঠদানত ব্ৰতী হয় ক্লান্তি পাহৰি।।
           (৩)
প্ৰিয়জনকো দিবলৈ সময় যে নাই,
পাৰ ভঙা উছাহেৰে পোহৰ বিলায়।
বছৰ পাঁচটা গ’ল,
সলনি একো নহ’ল ;
কান্দি উঠে হিয়া এনে অপযশ পাই।।
             (৪)
গুণোৎসৱত  দিছে  হিয়া-মন ঢালি,
মৰুময় ভূমিত ম'ৰাই  ধৰে  চালি।
বাৰ্তা আহে ঘনে ঘনে,
কান্দে হিয়া মনে মনে ;
দৰমহা খেলিমেলি জেপ হৈছে খালী।।
  ◆◆◆◆◆◆◆◆

শ্ৰী প্রাণতোষ কুমাৰ সূত্ৰধৰ
সহ: শিক্ষক
গৰৈমাৰী সত্ৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড : ছয়গাঁও জিলা কামৰূপ (গ্ৰাম্য)
ভ্ৰাম্যভাষ: ৯৮৬৪৪০৯৫৮১