"মোৰ ল'ৰাটো যে ইমান দুষ্ট হৈ উঠিছে, এখন্তেকো শান্তিৰে থাকিবলৈ নিদিয়ে"—তিনি বছৰীয়া অৰ্ণৱৰ মাতৃৰ ভাষ্য এয়া ৷ "নক'ব আৰু বুজিছে! মোৰ ছোৱালীজনীও কম উৎপতীয়া হৈ উঠা নাই! ডাঙৰ হ'লে কি যে হ'ব তাই, ভাবিলে চিন্তাই হয়৷"— কণমানি নীহাৰিকাজনীৰ মাকৰো একেই কথা৷
উক্ত মাতৃ দুগৰাকীৰ ভাষ্যখিনি মাথোঁ তেওঁলোকৰে নহয়, তিনিৰ পৰা দহ বছৰ বয়সৰ শিশুৰ প্ৰতিগৰাকী মাক-দেউতাকৰে নিজ সন্তানটিৰ প্ৰতি অভিযোগ এয়া ৷ তিনিৰ পৰা আঠ-ন বছৰীয়া সন্তানটিৰ উৎপাতত গোটেই ঘৰখনেই ৰজনজনাই থাকে৷ সন্তানটিক কাষৰীয়া লোকৰ ঘৰলৈ ফুৰাবলৈ লৈ যাব নোৱাৰি, যিহে উৎপাত! শেষত গৈ পিতৃ-মাতৃয়েহে লাজ পাবলগীয়া হয় ৷ এয়া প্ৰতিগৰাকী সন্তানৰ অভিভাৱকৰেই তিক্ত অভিজ্ঞতা৷ অৱশ্যে ল'ৰা শিশুতকৈ ছোৱালী শিশুৰ উৎপাত যথেষ্ট কম হোৱা দেখা যায় ৷
সন্তানৰ উৎপাত বা দুষ্টালিবোৰত অতিষ্ঠ হৈ পিতৃ-মাতৃয়ে সন্তানক প্ৰায়ে মাৰ-ধৰ কৰা দেখা যায়৷ কিন্তু সন্তানটিক মাৰ-ধৰ কৰাটো মুঠেও উপযুক্ত নহয়৷ মনোবৈজ্ঞানিক দিশৰ পৰাও এনে কৰাটো অনুচিত৷ সৰু সৰু ল'ৰা-ছোৱালীয়ে উৎপাত কৰিবই, এয়া সিহঁতৰ শিশুকালৰ অন্যতম বৈশিষ্ট্য৷ সেয়ে উৎপাত কৰিলেও শিশুক মাৰ-ধৰ কৰাটো উচিত নহয়৷ বৰঞ্চ ক'ব পাৰি যে উৎপাত নকৰি শান্ত-শিষ্ট হৈ বহি থকা ল'ৰাজন বা ছোৱালীজনী 'ভাল শিশু' হোৱাৰ বিপৰীতে বয়স অনুযায়ী অপৰিপক্ক বা অসুস্থ ৷ এগৰাকী সুস্থ শিশুৱে উৎপাত বা দুষ্টালি কৰাটো নিতান্তই স্বাভাৱিক৷ মানসিক আৰু শাৰীৰিক বিকাশৰ বাবে শিশুৱে উৎপাত কৰাটো প্ৰয়োজনীয় ৷ সেয়ে বেছিকৈ দুষ্টালি কৰিলেও শিশুটিক মাৰ-ধৰ কৰিব নালগে ৷ তাতকৈ শিশুৰ সৰ্বাংগীণ বিকাশৰ বাবে তলৰ কথাকেইটা পিতৃ-মাতৃয়ে অনুসৰণ কৰাটো দৰকাৰ—
১) শিশুটিক কেতিয়াও মাৰ-ধৰ কৰিব নালাগে ৷ এনে কৰিলে শিশুটি অবাধ্য আৰু বিদ্ৰোহী হৈ উঠিব পাৰে ৷ শিশুটিৰ উৎপাতত অতিষ্ঠ হ'লেও ধৈৰ্য ধৰি মৰমেৰে তাক /তাইক শাসন কৰিবলৈ চেষ্টা কৰিব লাগে ৷
২) বিভিন্ন সাধুকথা বা খেল-ধেমালিৰ মাধ্যমেৰে শিশুক বিভিন্ন শিক্ষামূলক জ্ঞান দিব লাগে ৷
৩) শিশুটিয়ে যাতে উপযুক্ত শিক্ষা পাব পাৰে, তাৰ বাবে ঘৰুৱা পৰিৱেশ উন্নত কৰি তোলা উচিত৷ কাৰণ এইখিনি বয়সত ঘৰখনেই শিশুটিৰ বাবে একমাত্ৰ আৰু উত্তম শিক্ষাৰ স্থলী৷
৪) এইটো সদায় মন কৰিব লাগে, যাতে শিশুটিয়ে কিবা কথা শিকাৰ আগত জোৰা-টাপলি মৰা কথা বা ভুলকৈ কিবা কথা নিশিকে৷ কাৰণ আজি সি যি কথা শিকিব, কাইলৈৰ বাবেও সেইটোৱেই শুদ্ধ বুলি ভাবি থাকিব৷ সেয়ে শিশুটিক সদায় শুদ্ধ কথাৰ জ্ঞান দিয়াহে উচিত৷
৫) শিশুক কিবা এটা কাম কৰাৰ বিনিময়ত আন এটা বস্তু দিয়া প্ৰথাটো কেতিয়াও অৱলম্বন কৰিব নালাগে ৷ যেনে— " ক-ফলাখন লিখিব বা পঢ়িব পাৰিলে চক'লেট এপেকেট দিম৷ এনে জাতীয় বাক্য কেতিয়াও ক'ব নালাগে৷ কাৰণ এয়া শিশুৰ অভ্যাস হৈ যাব৷ পাছলৈ সি বস্তু পোৱাৰ আশাতহে কিবা কাম কৰিবলৈ আগ্ৰহী হ'ব আৰু বস্তু নাপালেই কামটো কৰাৰ পৰা বিৰত থাকিব৷ সন্তানটিৰ উৎপাতবোৰৰ বাবে চিন্তিত বা অতিষ্ঠ নহৈ শিশুটিৰ বিকাশৰ বাবেহে চকু দিব লাগে ৷ শিশুটিক বৰ দুষ্ট আৰু ডাঙৰ হ'লেও এই দুষ্টালিবোৰ থাকি যাব বুলি ভবা কথাও অমূলক৷ বয়স বঢ়াৰ লগে লগেই শিশুৰ দুষ্টালিবোৰো ক্ৰমাৎ নাইকিয়া হৈ আহিব ৷
— গীতিকা শৰ্মা
0 Please Share a Your Opinion.: