(প্ৰিয় দেশবাসীলৈ)
কিশোৰ মনজিৎ বৰা
মলিয়ন, ধূসৰ---অথচ ছবিখন
অন্ধকূপৰ বুলি নাভাবোঁ
এতিয়াও চৰাইৰ চিঞৰত
ইয়াত সাৰ পাই কাহিলি পুৱাৰ আকাশ
চিতা জুইৰ পোহৰত থোকাথুকি হয়
দূৰ বান্ধৈৰ মাত
আচলতে আমি কোনোদিন ল'বই নাজানিলোঁ
স্বাধীনতাৰ সোৱাদ-- হকে-বিহকে চিঞৰি থাকিলোঁ 'স্বাধীনতা এটা পুকীয়া আম'--অথচ সেই আমজোপাৰ তলত এটা যাগ দিয়াৰ কথা নাভাবিলোঁ
আমি বাহিৰত ফিটা মাৰি মাৰি ঈশ্বৰৰ বাবে ঘৰ সাজিলোঁ
অথচ ভিতৰত অনুকম্পাৰ বাবে নাৰাখিলোঁ এক ইঞ্চি হৃদয়
গীতা, কোৰআন, বাইবেল পঢ়িলোঁ
নপঢ়িলোঁ নিজক
আমি নিজৰ হঠকাৰিতাৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰিলোঁ
আৰু মূৰকত আঙুৰ খাব নোৱৰা শিয়ালটোৰ দৰে ক'লোঁ--'স্বাধীনতা ইমান টেঙা!'
ছবিখন বেছ উজ্জ্বল নহ'লেও
আপোন বুলি নিশ্চয় ভাবিব পাৰোঁ
কাৰণ, এইখন আইৰ মুখৰ ছবিতেই এদিন
বুকুৰ ছবিখন এৰি থৈ যামগৈ
আহা , কেঁচকলি ওঁঠৰ সুৰুঙাৰে ৰঙা হৈ অহা সূৰ্যটোক
আকৌ এবাৰ প্ৰাণ ভৰি চাওঁ!
0 Please Share a Your Opinion.: