আজি বহু বছৰৰ পাছত কবি অমূল্য বৰুৱাদেৱৰ 'কুকুৰ' নামৰ কবিতাটি পঢ়ি
মনটো সেমেকি উঠিল৷ কবিতাটিত কুকুৰ নামৰ প্ৰাণীবিধক কবিয়ে প্ৰতীকী ৰূপত ব্যৱহাৰ
কৰিছে৷ মোৰ চকুৰ আগত আজি কিন্তু সেই 'ৰাস্তাৰ আৱৰ্জনাৰ দ'মবিলাকৰ কাষে কাষে' ঘূৰি
ফুৰা ভোকাতুৰ কুকুৰকেইটাৰ ছবিহে ভাহি আছে৷
'কুকুৰ', যি পৃথিৱীৰ একমাত্ৰ প্ৰভুভক্ত প্ৰাণী, সেইবিধ জীৱৰ আজিৰ পৃথিৱীত এনে এলাগী অৱস্থা কিয়? বিশেষকৈ ভাৰতীয় সমাজত আন জীৱৰ তুলনাত কুকুৰক কিয় ইমান অৱজ্ঞা কৰা হয়? কাৰণ ভাৰতীয় ধৰ্মীয় বিশ্বাস বা সমাজ ব্যৱস্থা বা
যিয়েই নহওক কিয়, একবিংশ শতিকাৰ গৰিষ্ঠ সংখ্যক ভাৰতীয়ই শিক্ষাৰ পোহৰ দেখিছে৷ তথাপিও কিন্তু শতকৰা ৯০ ভাগ মানুহে আজিও ৰাস্তাৰ নিশকতীয়া কুকুৰৰ কাষেৰে পাৰ হৈ যাওঁতে হাতত শিলগুটি লৈহে পাৰ হয় নাইবা কয়— 'ছেই!'

কিদৰে
বুজালে শিক্ষিত অথচ ভয়াতুৰ মানুহৰ মগজুৱে
এই কথা ঢুকি পাব যে কোনো চাৰিঠেঙীয়া জীৱই অকাৰণত অন্য জীৱক আক্ৰমণ নকৰে৷ তাৰ উপৰি
আমি সচৰাচৰ বাটৰ কাষত যিবোৰ কুকুৰ দেখোঁ, সিহঁতৰ নিজৰেই 'ক্ষুধা নিবাৰণৰ কঠোৰ
সংগ্ৰাম'!
আজি-কালি বাটৰ কুকুৰৰ সংখ্যা আগতকৈ বহুগুণে বাঢ়িছে; কাৰণ কুকুৰৰ জন্ম নিয়ন্ত্ৰণৰ কোনো সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই আজিৰ তাৰিখলৈকে৷ এই বাটৰ কুকুৰবোৰৰ দায়িত্বত কোনো বিভাগ আছে নে বাৰু? যদিহে নাই, তেন্তে থকাটো জৰুৰী বুলি ভাবেনে বাৰু? নে গৰিষ্ঠ সংখ্যক ৰাইজৰ অনুমানত কুকুৰ পশুধনৰ শাৰীত নপৰে?

জীৱবিজ্ঞানে
অধ্যয়ন কৰি এই কথা প্ৰমাণ কৰিছে যে যি মানুহ কুকুৰৰ সংগত থাকে, তেওঁ সঘনাই ৰোগত
আক্ৰান্ত নহয়; লগতে তেওঁৰ হৃদয় অধিক সুস্থ হৈ থাকে, মানসিক অশান্তি তথা হতাশাই
সহজে সেই ব্যক্তিক চুব নোৱাৰে৷ তাৰ উপৰি গৰাকীৰ মৰমৰ ঘৰখনৰ বিশ্বাসী ৰখীয়াৰ ৰূপত
কুকুৰ অদ্বিতীয়৷ আজি-কালি শাৰীৰিক ৰোগৰ সমানেই বৃদ্ধি পাইছে মানসিক ৰোগৰ মাত্ৰা
আৰু মানসিক ৰোগীক সুস্থ কৰাৰ উদ্দেশ্যৰেই আজিৰ মনোবৈজ্ঞানিক চিকিৎসা বিভাগে সঘনাই
'dog therapy'-ৰ সহায় লয় বুলি প্ৰকাশ কৰিছে৷ ইয়াৰ উপৰি সমাজত যিবোৰ অপৰাধজনক ঘটনা
সংঘটিত হৈ থাকে, সেইসমূহৰ নিৰ্মূলকৰণতো প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰে দায়িত্বত থকাসকলক
পৰ্যাপ্ত পৰিমাণে সহায় কৰা দেখিবলৈ পোৱা যায়৷ ইমানখিনি পৰোপকাৰী গুণেৰে সমৃদ্ধ হোৱাৰ পাছতো এই
মৰমলগা প্ৰাণীবিধ কিয় ইমান অৱহেলিত? আমি কিয় ইমান আত্মকেন্দ্ৰিক হৈ পৰিছোঁ? কিয় আমাৰ
অলপো আহৰি নোহোৱা হৈছে পাৰ্থিৱ সুখৰ বাদে আন কথা ভাবিবলৈ? এনে বহু প্ৰশ্নৰ উদয় হয়
মনত; উত্তৰবোৰ স্পষ্ট ভাষাৰে প্ৰকাশ নকৰিলেও আমাৰ মগজুৰ কোনোবা এটা অংশই নিশ্চয়কৈ
জানে এনে প্ৰতিটো প্ৰশ্নৰ উত্তৰ৷ কিন্তু কথাবোৰ বুজিও নুবুজা হোৱাটো আমাৰ এক
প্ৰকাৰৰ অভ্যাসত পৰিণত হৈছে৷
পশুকুলৰ প্ৰতি নিঃস্বাৰ্থ স্নেহ আৰু কৰ্তব্য বোধ কৰা মানুহ যে এতিয়াও এই পৃথিৱীত আছে, সেই বাৰ্তা অন্যান্য দেশৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত থকা বেচৰকাৰী সংস্থাবোৰে প্ৰেৰণ কৰি আহিছে৷ ‘Varanashi for Animals’, ‘Karuna Society for Animals and Nature’, ‘HOPE and Animal Trust’, ‘CUPA’ ইত্যাদি ভাৰতত থকা সংস্থা, যি বিশেষকৈ গৰাকীবিহীন জন্তুৰ জন্ম নিয়ন্ত্ৰণ তথা সহায়ৰ বাবে সকলো সময়তে সাজু থাকে৷ বাটৰ এই কুকুৰবোৰৰ জন্ম নিয়ন্ত্ৰণৰ বাবে ‘ABC’ (Animal Birth Control) নামৰ এটি কাৰ্যসূচী সমগ্ৰ বিশ্বতে চলাই থকা হৈছে৷ ভাৰততো সকলো পশুপ্ৰেমী সংস্থাৰ লগতে 'Sarvodaya Sevabhavi Samstha' নামৰ এটি চলন্ত পশু চিকিৎসাৰ দলে এই ‘ABC’ কাৰ্যসূচী সমগ্ৰ দেশতে সফলতাৰে চলাই থকা বুলি জানিব পৰা গৈছে৷ এই কাৰ্যসূচীৰ লগত দক্ষ পশু চিকিৎসক জড়িত হৈ থাকে৷ তেওঁলোকে ৰাইজক বুজায় যে জন্ম-নিয়ন্ত্ৰণ যদিও প্ৰকৃতিবিৰোধী, তথাপিও বৰ্তমান গৰাকীবিহীন কুকুৰৰ বিস্ফোৰিত আবাদীৰ কথা ভাবি জন্ম নিয়ন্ত্ৰণ কৰাটো জৰুৰী হৈ পৰিছে৷ বাটৰ কুকুৰৰ যদি শতকৰা ৭০ ভাগৰো জন্ম নিয়ন্ত্ৰণ কৰিব পৰা যায়, তেন্তে ই নিশ্চয়কৈ বাটৰ কুকুৰৰ ক্ষুধাৰ তাড়না কিছু পৰিমাণে হ'লেও লাঘৱ কৰিবলৈ সক্ষম হ'ব৷

আহকচোন,
আমি এবাৰলৈ ভাবি চাওঁ এই বিষয়ে৷ অসমতো এনে এটা সংস্থা গঢ়িব নোৱাৰোঁনে আমি? অসমত
মানৱ কল্যাণৰ হকে কত যে চৰকাৰী-বেচৰকাৰী সংস্থা আছে, তাৰে মাজৰ এটা যদি পশু-পখীৰ
উপকাৰৰ বাবে হয়, সেয়া জানো এক মহৎ উদ্দেশ্যই নহ'ব? গান্ধীজীয়ে হেনো কৈছিল যে এখন
দেশৰ মহত্ত্ব আৰু নৈতিক বিকাশ সেই দেশৰ জীৱ-জন্তুৰ প্ৰতি কৰা ব্যৱহাৰৰ দ্বাৰাহে
নিৰ্ণয় কৰিব পাৰি৷ এটি অনুৰোধ জনাওঁ — বজাৰৰ মাজেৰে যাওঁতে আপুনিও এবাৰলৈ মন
কৰিবচোন সেই চকুযুৰিলৈ, যি অহা-যোৱা কৰা প্ৰতিজন মানুহলৈ শৰীৰত কি যে যন্ত্ৰণা আৰু
ক্ষুধা লৈ লৱৰি ফুৰিছে মানুহৰ মাজত অলপ আহাৰ আৰু অকণমান মৰম বিচাৰি!
— নয়নমণি বৰা, ( গোলাঘাট)
— নয়নমণি বৰা, ( গোলাঘাট)
0 Please Share a Your Opinion.: