Wednesday, September 5, 2018

অনুভৱৰ স্তৱক



তোৰ চিগাৰেটৰ ধোঁৱাৰে মোক বিষাক্ত নকৰিবি
সভ্যতাৰ নামত পিন্ধা তোৰ অৰ্ধনগ্ন পোছাকযোৰ
আৰু বৰ্বৰতাৰে ভৰা তোৰ শৰীৰৰ মলিবোৰ ।
পথৰ দাঁতিত আৰু চহৰৰ সম্ভ্ৰান্ত গলিবোৰত
নাইবা জাৱৰৰ দ'মত দলিয়াই দিয়া
তোৰ সুখবোৰৰ
চিৎকাৰ শুনিছনে কেতিয়াবা?
মাজনিশা হাড়বোৰে যেতিয়া উচুপে,
তেতিয়া চাগে তই সুখৰ নিদ্ৰাত
কলংকিত শৰীৰত আছে জানো 'হৃদয়' নামৰ দুৱাৰ!
আছে যদি এবাৰ মেলি দি চাচোন
তোৰ বিষাক্ত হৃদয়ৰ দুৱাৰ
কিজানিবা কিঞ্চিতো ওলাই আহেই
তোৰ মনৰ মলিবোৰ!
আৰ্তজনৰ মুখত সুখৰ আবিৰ সানিবলৈ
স্বাৰ্থান্বেষী হৃদয়ত এটুপি অশ্ৰু ওলাবনে কাহানিবা ?
 .......................
নিজৰা বৰুৱা



SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: