Wednesday, September 5, 2018

জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু-সাহিত্য : এটি বিশ্লেষণ


প্ৰস্তাৱনা :
অসমীয়া সাহিত্য-সংস্কৃতি, সমাজ আৰু সভ্যতাৰ উত্তৰণৰ অন্যতম সাধক জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ জাতীয় জীৱনৰ এক অবিস্মৰণীয় সত্তা। সৌন্দৰ্যৰ উপাসক জ্যোতিপ্ৰসাদ যিদৰে একেধাৰে এগৰাকী বৰেণ্য নাট্যকাৰ, কবি, ঔপন্যাসিক, প্ৰাবন্ধিক, জীৱনীকাৰ, গল্পকাৰ, চলচ্চিত্ৰকাৰ, গীতিকাৰ, সুৰকাৰ, নৃত্যশিল্পী তথা এগৰাকী গণতান্ত্ৰিক আদৰ্শত বিশ্বাসী বিপ্লৱী, সেইদৰে তেখেত এগৰাকী নিাবান শিশু সাহিত্যিকো। সংখ্যাত Îবছি নহ’লেও শিশুসকলৰ বাবেও সাহিত্য ৰচনাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি তাহানি দিনতে এইগৰাকী ব্যক্তিয়ে শিশু উপযোগী সাহিত্য সৃষ্টিৰে শিশুসকলৰ প্ৰতি যি ঐকান্তিক দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰিলে সেয়া প্ৰশংসনীয় আৰু স্মৰণযোগ্য।
উল্লেখযোগ্য যে বয়স অনুসৰি এটি শিশুৰ শাৰীৰিক বিকাশৰ সমান্তৰালকৈ Îবৗদ্ধিক-মানসিক বিকাশো অত্যাৱশ্যকীয়। এই ক্ষেত্ৰত সাহিত্যই শিশু মনৰ অন্তহীন জিজ্ঞাসা পূৰণ কৰি শিশুৰ বুদ্ধি-বৃত্তিৰ উৎকৰ্ষ সাধনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিশু-সাহিত্য যে শিশুৰ Îবৗদ্ধিক-মানসিক বিকাশৰ এক সবল মাধ্যম সেই কথা জ্যোতিপ্ৰসাদ আগৰৱালাই অনুধাৱন কৰিব পাৰিছিল। সেইবাবে বয়োজ্যে সকলৰ উদ্দেশ্যে সাহিত্য সৃষ্টিত বèতী হোৱাৰ সমান্তৰালকৈ তেখেতে শিশুৰ বাবেও সাহিত্য ৰচনা কৰি অসমীয়া সাহিত্যৰ এই বিশেষ শাখাটোলৈ কথঞ্চিৎ অৱদান আগবIÿাই থৈ গৈছে।
মনোৰঞ্জনধৰ্মিতা শিশু-সাহিত্যৰ অন্যতম প্ৰয়োজনীয় দিশ। জ্যোতিপ্ৰসাদে শিশুৰ মনোৰঞ্জন প্ৰিয় মনটোৰ প্ৰতি বিশেষভাবে গুৰুত্ব প্ৰদান কৰি তেখেতৰ শিশু উপযোগী সাহিত্যৰাজি ৰচনা কৰিছে। লগতে শিশু মনস্তত্ত্বৰ সূক্ষ্মপ্ৰতিফলনে তেখেতৰ সৃষ্টিলানি শিশুৰ অধিক কাষ চপাই নিবলৈ সক্ষম হৈছে।

 জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু-সাহিত্যৰ চমু পৰিচয় :
জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু-সাহিত্যৰাজিক তলত দিয়া ধৰণে বিভাজিত কৰিব পাৰি –
(ক)      শিশু-কবিতা
(খ)      জ্যোতি ৰামায়ণ
(গ)      ঘোঁৰা ডাৰীয়া  
উল্লেখযোগ্য যে জ্যোতিপ্ৰসাদে শিশুসকলক উদ্দেশ্যি সৰ্বমুঠ বাৰটা কবিতা ৰচনা কৰিছিল। আটাইকেইটা কবিতাৰ মাজেদিয়েই আগৰৱালাই সূক্ষ্ম দৃষ্টিভংগীৰে শিশু মনস্তত্ত্বৰ প্ৰতিফলন ঘটাবলৈ যত্নপৰ হৈছে। সেইদৰে ‘জ্যোতি ৰামায়ণ’ত তেখেতে ৰামায়ণৰ মনোৰম কাহিনী শিশুৰ উপযোগীকৈ সাৱলীলভাবে বৰ্ণনা কৰিছে। আনহাতে ‘ঘোঁৰা ডাৰীয়া’ শীৰ্ষক ৰচনাত জ্যোতিপ্ৰসাদে এটি ৰসাল কাহিনীৰ জৰিয়তে শিশুসকলক নীতি শিক্ষা দিবলৈ প্ৰয়াস কৰিছে। মন কৰিবলগীয়া যে ‘নীলা চৰাই’ নামেৰে জ্যোতিপ্ৰসাদে এটি শিশু উপযোগী গল্পও ৰচনা কৰিছিল। তদুপৰি দেখা যায় ‘নিমাতী কইনা’ নামৰ গীতি-নাটখনক লেখকে নিজে ‘শিশু-নাটিকা’ বুলি উল্লেখ কৰিছে যদিওভাৱবস্তুৰ দিশৰ পৰা সেইখনক সমালোচকসকলে শিশু-নাটিকা বুলি অভিহিত কৰিব খোজা নাই। একেদৰে লেখকে‘শিশু-নাটিকা’ হিচােপ ৰচনা কৰা ‘সোণ পখিলী’ও অসম্পূৰ্ণ হৈ ৰোৱা বাবে সেইখনো শিশু-সাহিত্যৰ অন্তৰ্ভূক্ত হোৱা নাই।

 শিশু-সাহিত্যৰ স্বৰূপ :
শিশু-সাহিত্য শিশুৰ উদ্দেশ্যে ৰচনা কৰা হয়। যি সাহিত্যই শিশুৰ মনৰ অনুকূলে কথা ক’ব পাৰে সেই সাহিত্যক শিশুৱে সহজে স্বীকাৰ কৰি লয়। শিশুৰ মনৰ ৰুচি অনুযায়ী সহজে উপেভাগ কৰিব পৰা, শিশুৰ Îবৗদ্ধিক-মানসিক বিকাশ সাধন কৰা উপযোগী সাহিত্যই  শিশু-সাহিত্য। অৱশ্যে শিশুৰ বিষয়ে সৰল ভাষাত ৰচিত যিকোনো সাহিত্যই শিশু-সাহিত্য নহয়। শিশুৰ মনৰ সৰলতা, কৌতূহল আৰু জিজ্ঞাসা স্বাভাৱিকভাৱে নিজৰ মনত ধাৰণ কৰি শিশুৰ ভাষাত ৰচনা কৰিব পাৰিলেহে শিশু সাহিত্যই সাৰ্থকতা লাভ কৰে। প্ৰসঙ্গৰ লগত সংগতি ৰাখি হীৰেন গোহাঁয়ে কৈছে –
শিশু সাহিত্য হৈছে বয়ষ্কসকলে শিশুক জটিল, অনিশ্চয়তাৰে পৰিপূৰ্ণ, সমস্যাসংকুল জগতত আগুৱাই নিবলৈ আগবঢ়াই দিয়া এখন হাত।১
শিশু সাহিত্য ৰচনাৰ ক্ষেত্ৰত শিশুৰ বাস্তৱিক প্ৰয়োজনীয়তাৰ প্ৰতিও দৃষ্টি আৰোপ কৰাটো প্ৰয়োজনীয়। সেয়েহে গগনচন্দ্ৰ অধিকাৰীয়ে কৈছে –
শিশুৰ বুদ্ধি-বৃত্তি আৰু ৰুচিৰ বিকাশৰ নিমিত্তে উপযোগী সাহিত্য ভাগক সাম্প্ৰতিক কালত এক সুকীয়া স্বীকৃতি দিয়া হৈছে। এইখিনি সাহিত্যকে বোলা হৈছে শিশু সাহিত্য।২
যি সাহিত্যই শিশুক আনন্দ প্ৰদান কৰি অন্তৰৰ ভাবনা আৰু কল্পনা বিকশাই তোলে সেই সাহিত্যহে শিশুৰ বাবে গ্ৰহণযোগ্য। হৰিকৃষ্ণ দেৱসৰেৰ মন্তব্য এইখিনিতে প্ৰণিধানযোগ্য। তেওঁ কৈছে –
সেই শ্ৰেণীৰ সাহিত্যকে শিশু সাহিত্য বুলি কোৱা হয়, যি শিশুৰ ৰুচিৰ অনুকূল, শিশুৰ ভাষাতে যি সাহিত্যই শিশুৰ জ্ঞানৰ পৰিধিক ব্যাপ্তি প্ৰদান কৰে আৰু শিশুৰ চিৰন্তন জিজ্ঞাসা পূৰণ কৰিব পাৰে।৩
অন্যান্য সাহিত্যৰ দৰে শিশু সাহিত্যও প্ৰধানকৈ দুটা ভাগত বিভক্ত। এটা হৈছে ‘প্ৰাণৰ সাহিত্য’ আৰু আনটো হৈছে ‘জ্ঞানৰ সাহিত্য’। শিশুৰ প্ৰাণৰ খোৰাক যোগোৱাটোৱেই প্ৰাণৰ সাহিত্যৰ অন্যতম উদ্দেশ্য। আনহাতে জ্ঞানৰ সাহিত্যৰ প্ৰধান লক্ষ্য হ’ল সৰ্বতোপ্ৰকাৰৰ জ্ঞানৰ যোগান ধৰা। শিশু সাহিত্যৰ উদ্দেশ্য সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাই কৈছে –
শিশুৰ মানসিক বিকাশত সহায় কৰা, দয়া, মৰম সহানুভূতি আদি সুকুমাৰ বৃ¿ত্তেবাৰৰ উৎকৰ্ষ সাধন কৰা, অনুসন্ধিৎসা বৃদ্ধি কৰা, আত্মকেন্দ্ৰিক স্তৰৰ পৰা সামাজিক ভাবচিন্তাৰ অৱস্থালৈ উন্নীত কৰা; শৃংখলােবাধ সৃষ্টিত সহায় কৰা, পৰনিৰ্ভৰশীল অৱস্থাৰ পৰা আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰা, সৌন্দৰ্যেবাধৰ উন্মেষ কৰা, সু-নাগৰিকত্বৰ বীজ ৰোপণ কৰা, বয়স অনুসৰি নৈতিক আৰু প্ৰকৃতি তত্ত্বৰ ধাৰণাৰ আভাস দিয়া শিশু সাহিত্যৰ প্ৰধান উদ্দেশ্য আৰু আদৰ্শ হোৱা উচিত।৪
তেনেদৰে শিশু সাহিত্যৰ উদ্দেশ্যৰ বিষয়ে কৃষ্ণকুমাৰ মিশ্ৰই কৈছে –
শিশুৰ সাহিত্য ৰচনাৰ প্ৰধান উদ্দেশ্য দুটা। (১) শিশুৰ বুদ্ধি-বৃত্তি, চৰিত্ৰ আৰু ৰুচিৰ বিকাশত ইন্ধন যোগোৱা। (২) সাহিত্য স্পৃহাৰ বীজ ৰোপণ কৰি শিশু মনক সাহিত্য সৃষ্টিৰ বাবে‍ প্ৰস্তুত কৰা।¸৫
শিশু-সাহিত্য ৰচনা কৰাৰ বে‍লিকা দেখা যায় বিষয়বস্তু নিৰ্বাচনৰ ক্ষেত্ৰত শিশুসাহিতিকসকল অধিক সচেতন হ’ব লগা হয়। এজন লেখকে তেখেতৰ পৈণত জ্ঞান আৰু অনুভৱৰ আধাৰতহে শিশু-সাহিত্যৰ বিষয়বস্তু নিৰ্বাচন কৰে। গতিকে নিজকে শিশুৰ মানসিক স্তৰলৈ অৱনমিত কৰি শিশুৰ মনোবৃত্তি‍ আৰু ৰুচি অনুসাৰে সাহিত্যৰ বিষয়বস্তু নিৰ্বাচন কৰা অত্যন্ত  জটিল কাম। যিহেতু সাহিত্যৰ অনুৰূপ যিকোনো বিষয়েই শিশু-সাহিত্যৰ উপযোগী নহয়। তদুপৰি শিশু কেৱল নিজৰ ৰুচিৰ অনুকূল বিষয়ৰ প্ৰতিহে আকৰ্ষিত হয়। সেইবাবে এজন লেখকে শিশু-সাহিত্যৰ বিষয় নিৰ্বাচন কৰোঁতে পোনপ্ৰথমে শিশুৰ ৰুচিৰ প্ৰতি গুৰুত্ব আৰোপ কৰাটো অত্যন্ত  প্ৰয়োজনীয় হৈ পৰে। এই ক্ষেত্ৰত শিশুৰ মানসিক বিকাশৰ বিভিন্ন স্তৰলৈয়ো মন কৰিবলগা হয়। কিয়নো মানসিক বিকাশৰ স্তৰ অনুসৰি শিশুৰ প্ৰয়োজন তথা আকৰ্ষণো ভিন ভিন হয়। সেইবাবে ভিন্ন স্তৰত সুকীয়া সুকীয়াকৈ মানসিক চাহিদা পূৰণ কৰিব পৰা বিষয়বস্তুহে  শিশু-সাহিত্যৰ বাবে উপযোগী। উল্লেখযোগ্য যে বয়স বIÿাৰ লগে লগে শিশুৰ কল্পনা সজীৱ হৈ পৰে আৰু বুদ্ধিও তীক্ষ্ণ হয়। লাহে লাহে শিশুৰ কৌতূহল প্ৰবণতা জাগি উঠে আৰু সমান্তৰালকৈ নীতিেবাধৰো বিকাশ হ’বলৈ ধৰে। এই ক্ষেত্ৰত শিশুৱে সহূদয়তা অনুভৱ কৰিব পৰা আৰু ভৱিষ্যত জীৱনৰ সঠিক নিৰ্দেশনা দিব পৰা বিষয়বস্তুৰ নিৰ্বাচনে শিশু-সাহিত্যক সমৃদ্ধ কৰে। 
তদুপৰি শিশুক নৈতিভাবে সচেতন কৰি তোলা, ক্ৰিয়াশীল চেতনা জাগৃত কৰা, সৃজনীশীল প্ৰতিভা বিকশাই তোলা, খেল-ধেমালিৰ প্ৰতি আগ্ৰহী কৰি তোলা, শিশুক ভ্ৰমণ প্ৰিয় হ’বলৈ অনুপ্ৰাণিত কৰা, সৎ-আদৰ্শবান হ’বলৈ উদ্গনি জনোৱা তথা শিশুৰ আধ্যাত্মিক মনোভাৱ গ¿Iÿ তোলা– ইত্যাদি অনেক বিষয় শিশু-সাহিত্যৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ।
এজন শিশুসাহিত্যিকে সূক্ষ্মাতিসূক্ষ্মভাবে শিশু মনস্তত্ত্বৰ জ্ঞান আহৰণ কৰি শিশু-সাহিত্যৰ বাবে নিৰ্বাচিত বিষয়বস্তু সহজ-সৰল ভাষাৰে মনোগ্ৰাহীকৈ উপস্থাপন কৰিব পাৰিলেহে সেই সাহিত্য কলাগুণ সমৃদ্ধ হৈ শিশুৰ বাবে ৰুচিসন্মত আৰু কল্যাণকামী হ’ব। মন লৰিবলগা কথা এই যে উপস্থাপন
শৈলীৰ নৈপুণ্যইহে শিশু-সাহিত্য শিশুৰ বাবে গ্ৰহণীয় কৰি তোলে আৰু সেই সাহিত্যৰ প্ৰভাব শিশুৰ মনত দীৰ্ঘস্থায়ী হয়।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু-সাহিত্য :
জ্যোতিপ্ৰসাদ আগৰৱালাই শিশুৰ বাবে সৰ্বমুঠ বাৰটা কবিতা ৰচনা কৰি থৈ গৈছে। সংখ্যাত কম হ’লেও কবিতাকেইটাৰ মাজেৰে লেখকৰ অৰ্থব্যঞ্জক চিন্তাৰ আৰু কল্পনাপ্ৰবন মনটোৰ পৰিচয় ফুটি উঠিছে। শিশু মনস্তত্ত্বৰ সাৰ্থক প্ৰতিফলনে কবিতাকেইটা শিশুৰ অধিক কাষ চপাই নিয়া যেন েবাধ হয়। এই কবিতাসমূহত স্পষ্টৰূপত কোনো সুসংহত কাহিনী পাবলৈ নাই। আনকি ভৱিষ্যত জীৱনৰ বাবে লাগতীয়াল বিশেষ কোনো নীতি শিক্ষা তথা উপদেশমূলক ইংগিতো কবিতাকেইটাৰ মাজত লক্ষ্য কৰা নাযায়। মাথোন ইটোৰ পছিত সিটোকৈ মনোমোহা শব্দৰ প্ৰয়োগেৰে লেখকে যেন শিশুৰ বাবে এখন মনোগ্ৰাহী ছবিহে আঁকিবলৈ যত্ন কৰিছে – এণে ধাৰণা হয়। শব্দৰ মায়াজালত পৰি¦£ুট এই ৰহস্যঘন ছবিবোৰে শিশুৰ সৰল মনত এক অনুপম সাঁচ বহুৱাই যায়। ইয়াতেই যেন লেখকৰ সাৰ্থকতা।
শিশুসকল স্বভাবতেই কল্পনা প্ৰিয়। কল্পনাবিলাসী মনেৰে শিশুৱে সাধাৰণতে নানা তৰহৰ সেপান দেখি আেপান বিেভাৰ হৈ থাকিবলৈ ভাল পায়। কল্পনাৰ ৰাজ্যত বিচৰণ কৰি ফুৰা শিশুৱে ভূতৰ সৈতে কথা পাতে, জোন-বেলিৰ কাষলৈ যায়, জীৱ-জন্তু, চৰাই-চিৰিকটিৰ সৈতে হাঁহি-ধেমালি কৰে। বাস্তব জীৱনত সম্ভব হৈ নুঠা সকলোবোৰ কাম শিশুৱে কল্পনাৰ জৰিয়তে সম্ভব কৰিবলৈ প্ৰয়াস কৰি সুখ অনুভৱ কৰে। মন কৰিবলগীয়া যে প্ৰচুৰ কল্পনা শক্তিয়ে শিশুৰ সৃজনী প্ৰতিভা বিকশাই তোলাত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰে। অন্য অৰ্থত নিজ নিজ কল্পৰাজ্যত অবাধ বিচৰণ শিশু মনস্তত্ত্বৰ এক ইতিবাচক দিশ। উল্লেখযোগ্য যে শিশু মনস্তত্ত্বৰ এই বিশেষ দিশটোক সূক্ষ্মভাবে অনুধাৱন কৰিয়েই জ্যোতিপ্ৰসাদ আগৰৱালাই  তেখেতৰ শিশু কবিতাসমূহ ৰচনা কৰিছে। শিশুৰ কল্পনাপ্ৰবণ মনত আলোড়ন সৃষ্টি কৰিব পৰাকৈ জ্যোতিপ্ৰসাদে ‘কুম্পুৰ সেপান’, ‘ভূত-পোৱালি’, ‘অকণিৰ সেপান’ আৰু ‘ফুলকুঁৱৰী’ শীৰ্ষক কবিতাত সেপানৰ এক মায়াময় পৰিবেশ সৃষ্টি কৰি শিশুৰ নিেৰ্বাধ মনক আকৰ্ষিত কৰিবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হয়। শিশুৰ কল্পনাপ্ৰবণ অন্তৰ্দৃষ্টি আৰু সূক্ষ্ম পৰ্যেবক্ষণে উল্লিখিত কবিতাকেইটা গভীৰ অৰ্থব্যঞ্জক কৰি তুলিছে।  ‘কুম্পুৰ সেপান’ নামৰ কবিতাত সৰু ল’ৰা এটাই সেপানত দেখিছে Îবলিটো হেনো সিহঁতৰ ঘৰলৈ আহিছে। খিৰিকীয়েদি কোঠাত সোমাই দেউতাকৰ কবিতা লিখা বহীখনত খচ্খচ্কৈ চহী কৰিছে। গুণগুণাই গান গাইছে, তাৰ সতে কথা পাতিছে, তাক ৰা-নীলা নিঠাই খাবলৈ দিছে আৰু তাক ভালকৈ পঢ়ি-শুনি জ্ঞানী হ’বলৈ উপদেশ দিছে। শিশু মনৰ সৰল অনুভূতিৰে কবিতাটো সৰস। অকণমানি ল’ৰাটোৰ এধানি অনুভৱত বেলিটো সৌন্দৰ্যৰ আকৰ হৈ ধৰা দিছে। যথা –
গধূলি মা বে‍লিটো যে
ইমান ৰা পৰে,
গাৰ পৰা তাৰ
সোণ সৰে
ৰূপ সৰে
বালিছন্দা সৰে
বৰষুণৰ দৰে,
ঝৰ্ঝৰ কৰে;
গাৰ পৰা তাৰ–
জিলিলি্জালাক
বহুত পোহৰ সৰে।
(কুম্পুৰ সেপান, জ্যোতিপ্ৰসাদ ৰচনাৱলী, সম্পা. হীৰেন গোহাঁই, পৃ.৮১২)
শিশু মনৰ অবুজ হেঁপাহ, অদ্ভত কল্পনা, সেপানৰ মিঠা আেবশ, ভৱিষ্যত জীৱনৰ বাবে সু-উপদেশ–আদি দিশৰ সুসংহত উপস্থাপনে ‘কুম্পুৰ সেপান’ কবিতাটি শিশুৰ কোমল মনৰ উপযোগী কৰি তুলিছে।
সাধাৰণতে  শিশুসকলৰ মনত ভূতৰ প্ৰতি এক অজান আশংকা গঢ়ি উঠা দেখা যায়। ডাৰৰ মুখত সততে শুনিবলৈ পাৱা অলৌকিক সাধুুকথাবোৰে  অথবা মাক-দেউতাকৰ কঠোৰ অনুশাসনে নাইবা আনৰ মুখত শুনিবলৈ পোৱা আজব ঘটনাপ্ৰবাহে অজানিতে শিশুৰ মনত ভয় ভাৱৰ উদ্ৰেক কৰে। কিন্তু ভূত বুলি আচলতে একো নাই, ভয় যে অৱচেতন মনৰ এক ধাৰণাহে, সাহসেৰে সকলো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাতহে আচল কৃতিত্ব- এই প্ৰসংগত শিশুসকলক বুজনি দিয়াৰ মানসেৰে জ্যোতিপ্ৰসাদ আগৰৱালাই ‘ভূত পোৱালি’ নামৰ কবিতাত সৰু ল’ৰা এটাই সেপানত ভূতক  লগ পোৱা, ভূতলৈ ভয় নকৰি যখিনীৰ হাতত ধৰি নাচি থকা ভূতৰ কাণ মুচৰি দিয়াৰ কথা উল্লেখ কৰিছে। কবিতাটোত দেখা যায় ডাৰৰ মুখৰ পৰাই কণমানি ল’ৰাটোৱে শুনিছিল যে ভূতে ল’ৰা ধৰি খায়, ভৰি দুটা ওপৰ কৰি মূৰটো বালে বাকাত পুটি থয়। কিন্তু লেখকে এই কবিতাটোত দেখুৱাইছে কেনেকৈ চকু টেলেকা, তিলিকা-পিলিকা, নাঠ-পিঠ ভূতলৈয়ো ভয় নকৰি সৰু ল’ৰাটোৱে ভূতক ভালকৈ এসেকা দিছে। ভূতৰ ভয় জয় কৰি অনান্দতে সি মাকক কৈছে –
ক’ত মা, মোক দেখোন
সিহঁত দুটাই একোকে কৰা নাই·
ক’তা মোৰ ওচৰ চাপিবলৈ
সিহঁতে দেখোন অলেপাকেই
সাহেই কৰা নাই·
ভয় কৰা ল’ৰাকহে মা,
ভূতে ধৰি কিলায়।
মা, মোৰ হ’লে ভূতলে’ ভয় নাই (ভূত পোৱালি, উল্লিখিত, পৃ. ৮১৩)
সেইদৰে ‘অকণিৰ সেপান’ নামৰ কবিতাটো সেপানৰ প্ৰসংগ লক্ষ্য কৰা যায়। সেপানত পাক এটাই দেউতাকৰ পুৰণি গানৰ বহীত লিখি থোৱা গান দুটামান ঘোকাঘোকে খাই  পেলালে। কিন্তু গানৰ উক্মুকনিত পোকটোৰ পেট উফন্দি উঠিল। অৱশেষত সি গানকেইটা বতিয়াই উলিয়াই দিব লগা হ’ল। এই সেপানটোৰ মাজত ভাবিকালৰ সমাজখনত নতুনৰ পয়োভৰত পুৰণি সৃষ্টি তথা ঐতিহ্যই  নিজৰ অস্তিত্ব হেৰুৱাৰ আশংকা এটাৰ অৱস্থিতি নুই কৰিব নোৱাৰি। অৱশ্যে গৌৰৱময় পুৰণি ঐতিহ্যক সমূলি নিশ্চিহ্ন কৰা যে সম্ভব নহয় তাৰ ইংগিতো কবিতাটোৱে বহন কৰিছে। তথাওিকবিতাটোৰ শেষত ল’ৰাটোৰ মনত উদয় হোৱা চিন্তাই সেপানটোৰ বাস্তবতা দাবী নকৰাকৈয়ো থকা নাই। সি মাকক কৈছে –
মা! মোৰ সেপানটো মিছা বুলি
ভাৱিছ নেকি বাৰু·
মিছা নহয় মা!
সাক্ষী আছে সৌ তিনিটা গাৰু! (অকণিৰ সেপান, উল্লিখিত, পত্ৰ.৮২১)
কবিতাটোৰ বিষয়ে  প্ৰহলাদ কুমাৰ বৰুৱাই এইদৰে কৈছে –
অকণিৰ সেপান কবিতাটোত এটা পুৰণি গানক এটা পোকে  গিলি খোৱাৰ চিত্ৰকল্পটো কাবি্যক সৌন্দৰ্যৰ পিনৰ পৰা যিদৰে মোহনীয়, সেইদৰে নতুন নামৰ বিকৃতিয়ে পুৰণি ঐতিহ্যক গ্ৰাস কৰাৰ অৰ্থ ব্যঞ্জনাও চমকপ্ৰদ।৬
আনহাতে ‘ফুলকুঁৱৰী’ কবিতাত বাস্তবৰ সৈতে শিশু মনৰ কল্পনা একাকাৰ হৈ পৰিছে। সৰু ল’ৰা এটাই দেউতাকে আনি দিয়া ছবি থকা কিতাপৰ ছোৱালীজনীয়ে সেপানৰ কাৰেংঘৰত সোমাই তাঁতত ফুল বাছে, সৰু ল’ৰালৈ কলৰ পুলি ৰোৱে। শেন এটা ধৰি আনি এৰ’প্লেন বুলি তাক শেনৰ পিঠিত তুলি গড়গাঁৱলৈ লৈ যায়। শেনৰ পিঠিত উঠি উৰি যাওঁতে ওপৰৰ পৰা ক্ৰমাৎ সৰু যেন হৈ পৰা ঘৰ-বাৰী, গৰু-ছাগলী আদি দেখি ল’ৰাটোৰ মনত যি প্ৰতিক্ৰিয়া হৈছে সেয়া স্বাভাবিকতে বাস্তবিক।
‘অক্কমানি ল’ৰা’ কবিতাত কোনোমতে থিয়দা দিয়া ল’ৰাৰ থুপুক-থাপাক খোজেবাৰ, নুফুটা কল্কলনিবোৰ, যিকোনো বস্তু মুখলৈ নিব খোজা দুষ্টামিবোৰ বৰ মনোমোহাকৈ চিত্ৰধৰ্মীৰূপত বৰ্ণিত হৈছে। আকৌ, ‘অক’মান ল’ৰা’ শীৰ্ষক কবিতাত সৰু ল’ৰা এটিৰ মনোজগতত মাক-দেউতাক আৰু ভনীয়েকৰ কাম-কাজ তথা আচৰণৰ প্ৰতি থকা সহজাত ধাৰণা বাস্তবসন্মতভাবে চিত্ৰিত হৈছে। সাধাৰণতে শিশুৱে মাকৰ তুলনাত দেউতাকক অলপ সমীহ কৰা দেখা যায়। মাকে শিশুৰ দুষ্টালি দেখি মিছা ধমকেৰে সিহঁতক ভয় খুৱাই  যদিও মনে মনে মুখ টিপি হাঁহে। কিন্তু দেউতাকে তেনেকুৱা নকৰি দোষৰ শাস্তি দিবলৈ যত্ন কৰে। সেইবাবে মাকৰ প্ৰতি প্ৰত্যেক শিশুৰে চেনেহ, আব্দাৰ, মান-অভিমান আদি স্বাভাবিকতেই বেছি।           জ্যোতিপ্ৰসাদ আগৰৱালাই এই কবিতাটোত শিশুৰ দৃষ্টিৰে অভিভাবকৰ মৰম-চেনেহ তথা অনুশাসনৰ সঁচা ছবি এখন ফুটাই তুলিবলৈ যত্নপৰ হৈছে। জানি-বুজিয়েই হওক নাইবা অজানিতেই হওক দুষ্টামি কৰি ফুৰা শিশু এটায়ো দেউতাকৰ কথা ভাবি সচকিত হৈ পৰে। কবিতাটোত দেখা যায়–
ৰৈ ৰৈ মাজে মাজে চিঞৰ সোধাওঁ।
দেউতাক দেখিলেই
শান্ত-শিষ্ট হৈ
মাৰ পাছফালেগৈ
আঁৰত লুকাওঁ, (পৃ. ৮১৪)
অকৌ, মাকৰ মিছা খৰ ছবিখনৰো বৰ্ণনা পোৱা যায় এইদৰে–
মোৰ দুষ্টালি চাই
মায়ে হ’লে
মনে মনে
বৰ ভাল পায়,
চকু গাঁঠি ঘোপা কৰি
মোৰ ফালে চাই
আন ফালে মুখ কৰি
ওঁঠখন চেপা মাৰি
হাঁহে মিচিকাই; (পৃ. ৮১৪)
শিশুৰ ৰহস্যময় মনোজগতৰ বিচিত্ৰ চিন্তাবোৰ সূক্ষ্ম দৃষ্টিৰে উপলব্ধি কৰি আলোচ্য কবিতাটিত লেখকে ইেবাৰ বিশ্বাসযোগ্যকৈ তুলি ধৰিছে। কল্পৰাজ্যত উটি-ভাঁহি ফুৰিলেও শিশুৱে কঠোৰ বাস্তবৰ মুখামুখি হ’বই লাগিব। নিজৰ জীৱন গঢ়িবলৈ অধ্যয়নৰ অপৰিহাৰ্যতাৰ কথা কবিতাটোত ভীম মাষ্টৰ প্ৰসংগ উপস্থাপনৰ জৰিয়তে লেখকে ইংগিতময়তাৰে প্ৰকাশ কৰিছে।
সেইদৰে ‘অক’মানি ছোৱালী’ নামৰ কবিতাত সৰু ছোৱালী এজনীৰ ৰং-ধেমালি, ঠেহ-পেচ, আশা-আকাংক্ষা, ভাল লগা-বেয়া লগা আটাইেবাৰ দিশ সুন্দৰকৈ চিত্ৰিত কৰিছে। নাচি-বাগি ধেমালি কৰি ভালেপাৱা ছোৱালীজনীৰ ডাক্তৰলৈ বৰ ভয়। ঔষধ খাই আমনি পোৱা কণমানিজনীয়ে ভাৱে –
ডাৰ হ’লে মই
দৰৱসোপাকে গই
পুখুৰীত দিম নি পেলাই;
ভাত খাই উঠিলেই
দেৱাই খুৱাই বুলি
ভাতকেই  খাবলই
মাজে মাজে
মনকে নাযায়। (পৃ.৮২০)
মন কৰিবলগীয়া যে কবিতাটোত অসমীয়া সমাজ জীৱনৰ ঘৰুৱা ছবি এখন বৰ সংবেদনশীল ৰূপত ফুটি উঠিছে। এশৰাই ফুল তুলি কণমানিজনীয়ে আইতাকৰ থাপনাত চাকি দিয়ে। মনৰ মাজতে জাত জাত বিয়া নাম গাই অক’মান দৰা-কইনাৰ বিয়া পাতে। বায়েকৰ সৈতে থিয়েটাৰ-ভাওনা চাবলৈ যায়। এইেবাৰৰ উপৰিও কবিতাটোত বিবিধ অসমীয়া থলুৱা খাদ্য সম্ভাৰৰ তথা শাক-পাচলিৰ সোৱাদ লগা নামেবাৰৰ উল্লেখে কবিতাটোক এক অনন্য সৌন্দৰ্য প্ৰদান কৰিছে। সময়ৰৰ লগে লগে অসমীয়া থলুৱা খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নানান বিদেশী খাদ্যৰ কৌশলপূৰ্ণ উপস্থাপনে উক্ত কবিতাটো সুখপাঠ্য কৰি তুলিছে।
জ্যোতিপ্ৰসাদে শিশুৰ বাবে ৰচনা কৰা ‘নতুন অকণমানি গান’ আৰু ‘ আহ অ’ অকণি আহ’ নামৰ কবিতা দুটিত কবিগৰাকীৰ স্বদেশপ্ৰীতি আৰু জাতীয় অনুৰাগৰ প্ৰতিফলন ঘটিছে। জনমভূমিৰ গুণ-গৰিমা প্ৰকাশি কবিয়ে নতুন মনেৰে, নবচেতনাৰে নতুন সমাজ গঢ়িবলৈ অংগীকাৰবদ্ধ হৈছে। মাতৃভূমিৰ প্ৰতি শিশুৰ মনত শ্ৰদ্ধা আৰু প্ৰেমৰ ভাৱ জগাই তুলিবলৈ কৰা এনে প্ৰচেষ্টাই কবিতাকেইটিৰ জৰিয়তে কবিৰ নিস্বাৰ্থ দেশপ্ৰেম আৰু শিশুৰ প্ৰতি থকা সামাজিক দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে। দেশপ্ৰেমেৰে উদ্বুদ্ধ হৈ জনমভূমিৰসেৱা কৰিবলৈ শিশুসকল যাতে সাহসেৰে আগবাঢ়ি আহে তাৰবাবে আহত্ৰান জনাই কবিয়ে কৈছে–
তই জগাব লাগিব
ভাৰতৰ জন
জিনিব লাগিব
পৃথিৱীৰ মন,
তয়ে অসমৰ
তয়ে ভাৰতৰ
তয়ে জগতৰ
তয়ে অভিনৱ জ্যোতি
....       ....       ....       ....     
কোনে ৰোধে তোৰ প্ৰগতি অগ্ৰগতি
আকেৰা আলোকদীপ্ত অজেয় সেনাপতি। (আহ অ’ অকণি আহ, পৃ.৮২৪)
দেখা যায় ‘অকণমানিৰ প্ৰাৰ্থনা’ শীৰ্ষক কবিতাত পোহৰ সন্ধানী, আলোকময়ী শিশু প্ৰাণৰ কৰুণ প্ৰাৰ্থনা প্ৰাণস্পৰ্শীকৈ বৰ্ণিত হৈছে। সেইদৰে  কল্পনাৰ জগত আৰু মাটিৰ পৃথিৱীৰ সঁচা উপলব্ধিয়ে ‘মাক আৰু সোণ’ কবিতাটো ভাৱোদ্দীপক কৰি তুলিছে। কল্পনাৰ জগতত বিচৰণ কৰি ফুৰা শিশু এটিয়েও যেন এসময়ত জীৱনৰ বাস্তব অভিজ্ঞতাৰে পুষ্ট হৈ মাটিৰ মমতা অনুভৱ কৰিব পৰাকৈ পৰিপক্ক হৈ উঠে –কবিতাটোৱে যেন সেই দৰ্শনকে বহন কৰিছে। এগৰাকী সূক্ষ্মদৰ্শী তথা দূৰদৰ্শী কবি হিচাপে ইয়াতেই জ্যোতিপ্ৰসাদৰ কৃতিত্ব।
এগৰাকী স্নেহময়ী মাতৃৰ দৃষ্টিৰে কবিগৰাকীয়ে শিশুৰ মনোজগতখন চাবলৈ প্ৰয়াস কৰিছে ‘মনমা’ নামৰ কবিতাত। এঘাৰমহীয়া ছোৱালীজনীয়ে কেৱল আহ্ আহ্ বুলি চৰাই-চিৰিকটি, সাপ-বে, ৰ’দ-বৰষুণ, জোন-বেলি-তৰা সকলোকে মাতি থকাৰ যি কাব্যময় প্ৰকাশ কবিতাটোত ঘটিছে সি সঁচাকৈ নান্দনিক।
জ্যোতিপ্ৰসাদ আগৰৱালাই শিশুৰ মনোজগতৰ বিচিত্ৰ ভাৱৰাশিক শাব্দিক অভিব্যঞ্জনাৰে বৰ সুন্দৰকৈ কবিতাৰ ৰূপ দিলে। ‘শিশুৰ মনোজগতত কল্পনাৰ জৰিয়তে সোমাই পৰি তাৰ মাজৰপৰা জ্যোতিপ্ৰসাদে অসমীয়া সাহিত্যত বিৰল ধৰণৰ কবিতাৰ আনন্দ সৃষ্টি কৰি গৈছে। প্ৰাপ্তবয়ষ্ক পIÿুৱৈকো শিশুৰ জগতলৈ লৈ গৈ কবিয়ে সমস্যা-সজ্ঞান আত্মেবাধৰপৰা সাময়িক অব্যাহতিৰ সকাহ দিয়ে। ফলত আত্মেবাধৰ পুনৰাম্ভ সহজ আৰু পৰিশোধিত হয়।’৭ যদিও কেৱল বাৰটা কতিাহে তেওঁ শিশু বাবে ৰচনা কৰি থৈ গ’ল, তথাপিও ,অৰ্থব্যঞ্জক ভাৱবস্ত, চিত্ৰধৰ্মী বৰ্ণনা, হাস্যৰসৰ সুপ্ৰয়োগ, বিষয়ৰ কৌশলী উপস্থাপন, চিত্তাকৰ্ষক শব্দৰ প্ৰয়োগ,শিশু মনস্তত্ত্বৰ প্ৰতিফলন আদি বিবিধ দিশৰ সমাহাৰে আটাইকেইটা কবিতাকে সমৃদ্ধ কৰিছে আৰু যথাৰ্থতে শিশুৰ বাবে উপযোগী কৰি তুলিছে।
‘জ্যোতি ৰামায়ণ’ জ্যোতিপ্ৰসাদৰ আন এক উল্লেখনীয় সৃষ্টি। দুৰ্ভাগ্যবশত জ্যোতিপ্ৰসাদে সেইখন সম্পূৰ্ণ কৰিব নোৱাৰিলে যদিও অসমাপ্ত ৰূপতে এইখন এখন অপূৰ্ব শিশু-কাব্য। ‘জ্যোতি ৰামায়ণ’ৰ মাজেৰে লেখকে ৰামায়ণৰ কাহিনী শিশুসকলক ক’বলৈ প্ৰয়াস কৰিছে। শিশু উপযোগীকৈ ৰচনা কৰিছে যদিও মূল ৰামায়ণৰ ভাবাৰ্থ ইয়াত ব্যাহত হ’বলৈ দিয়া নাই। ‘জ্যোতি ৰামায়ণ’ৰ আগকথাত লেখকে দ্ৰাবিড়, মংগোলীয়,আৰ্য আদি অনেক প্ৰজাতিৰ সম্বন্বয়ত কিদৰে ভাৰতীয় সভ্যতা গঢ় লৈ উঠিছে তাৰ ব্যাখ্যা দাঙিধৰিছে। লগতে ভাৰতবৰ্ষৰ ঐতিহ্যমণ্ডিত ইতিহাস বৃটিছৰ হাতত কলংকিত হোৱাৰ কথাও প্ৰসংগক্ৰমে উনুকিয়াবলৈ পাহৰা নাই। আকৌ ‘সেৱা জননী’ অধ্যায়ত লেখলে আগৰৱালা পৰিয়ালৰ অসম আগমনৰ কথা আৰু পৰৱৰ্তী সময়ত হাড়ে-হিমজুৱে অসমীয়া হৈ অসমীয়া জাতিৰ বাবে আগৰৱালা পৰিয়ালে আগবেঢ়াৱা ত্যাগ আৰু সেৱাৰ কথাও উল্লেখ কৰিছে।
‘জ্যোতি ৰামায়ণ’ৰ ‘বাল্মীকি মুনিৰ কথা’ অংশত জ্যোতিপ্ৰসাদে ৰত্নাকৰ দস্যুৰ পৰা বাল্মীকিলৈ ৰূপান্তৰিত হোৱা ঘটনাৰ নীতিসমৃদ্ধ মনোৰম বৰ্ণনা আগবঢ়াইছে। সেইদৰে ‘বাল্মীকি বনত কবিতাৰ জন্ম’ অংশত বাল্মীকিৰ কাপৰ পৰা কিদৰে শ্লোকৰ ৰূপত কাব্যৰ সৃষ্টি হৈছিল সেই আদিকথা শিশুসকলে জানিব পাৰে। তেনেদৰে ৰামৰ জন্মৰ পূৰ্ব কিছু ঘটনা, Ùষ্যশৃঙ্গ মুনিৰ দ্বাৰা যজ্ঞ সম্পাদন কৰি দশৰথৰ পুত্ৰ লাভ, ইয়াৰ পৰৱৰ্তী অধ্যায়ত ৰাম-লক্ষণৰ ল’ৰালি কাল, শাস্ত্ৰ অধ্যয়ন, অস্ত্ৰ চালনাৰ শিক্ষা গ্ৰহণ আদি ঘটনাৰ বৰ্ণনাও শিশুৰ কোমল মনক প্ৰভাৱিত কৰি পৰাকৈ সাৱলীল।
দেখা যায় যে মূল ৰামায়ণৰ তুলনাত সংক্ষিপ্তৰূপত হ’লেও ‘জ্যোতি ৰামায়ণ’ত ৰাম-লক্ষণৰ বীৰত্বব্যঞ্জক কাহিনী বৰ্ণিত হৈছে। মাৰীচ আৰু সুবাহু বধৰ সময়ত অথবা হৰধনু ভংগৰ সময়ত ৰামৰ বীৰত্বৰ প্ৰতিফলন ঘটিছে। এই বৰ্ণনা শিশুৰ বাবে আকৰ্ষণীয় হোৱাৰ সমান্তৰালকৈ কিছুপৰিমানে ভয়াবহো। ৰাক্ষস-ৰাক্ষসীৰ অদ্ভবেশভূসাই শিশুৰ মনত ভয়ানক ৰসৰ সৃষ্টি কৰে। তদুপৰি ‘জ্যোতি ৰামায়ণ’ৰ ৰাক্ষস বধৰ বৰ্ণনাই শিশু কৌতূহলী মনত উদ্দীপনা জগাই নোতোলাকৈ নাথাকে। যথা –
তাড়কাৰ চকু যেন জুইৰ আঠা
গাত সাজপাৰ নাই আধা নাঠা
নালৰ ফাল যেন বৰ বৰ দাঁত
মানুহৰ হাড়-মীৰ অঁৰা গোট গাত। ( পৃ. ৮৪৬)
‘জ্যোতি ৰামায়ণ’ত অহল্যা উদ্ধাৰৰ কাহিনী আৰু কান্যকুব্জ দেশৰ কথাও শিশু উপযোগীকৈ সৰসভাবে উপস্থাপন কৰিছে। ইয়াৰ পৰৱৰ্তী অধ্যায়ত সীতাৰ সয়ম্বৰ সভাৰ সুদীৰ্ঘ বৰ্ণনা অতিশয় মনোৰঞ্জক ৰূপত চিত্ৰিত হৈছে। সীতাৰ বিয়াৰ বৰ্ণানাংশৰ আেবদনো সজীব আৰু হূদয়গ্ৰাহী।
‘জ্যোতি ৰামায়ণ’ত বীৰ, ভয়ানক,অদ্ভূত ইত্যাদি ৰসৰ সমাবেশ ঘটাৰ দৰে হাস্যৰসৰ প্ৰয়োগেও কাহিনীভাগ সপ্ৰতিভ কৰি তুলিছে।
উল্লেখযোগ্য যে ‘জ্যোতি ৰামায়ণ’ত অসমীয়া গ্ৰামীণ ৰূপৰ যি আভাস পৰিস্ফুট হৈ উঠিছে সি শিশু ৰামায়ণখনৰ এক অন্যতম আকৰ্ষণীয দিশ। সীতাৰ সয়ম্বৰ সভালৈ পূৰ্বদেশৰ পৰা অহা ৰজাৰ প্ৰসংগত বৰজাপিৰ উল্লেখ, সীতাৰ বিবাহৰ আয়োজনত তথা বিবাহৰ বৰ্ণনাত বিয়ানামৰ প্ৰয়োগ আদিয়ে অসমীয়া গ্ৰাম্য সমাজৰ নিখুঁত ছবি এখন চকুৰ আগত তুলি ধৰে।
ছন্দোবদ্ধ কাব্যভাষাৰ প্ৰয়োগেৰে জ্যোতিপ্ৰসাদে শিশুৰ উপযোগীকৈ ৰামায়ণৰ কাহিনীৰ আধাৰত অপূৰ্ব বৰ্ণনাভংগীৰে এখন সুন্দৰ শিশু ৰামায়ণ ৰচনা কৰি উলিয়ালে। ‘জ্যোতি ৰামায়ণ’ৰ সৰস চিত্ৰধৰ্মী প্ৰকাশভংগীয়ে কেৱল শিশুকেই নহয় বয়োজ্যেষ্ঠসকলকো সমানেই আকৰ্ষিত কৰে। এই প্ৰসংগত কবীন ফুকনৰ এষাৰ বক্তব্য প্ৰণিধানযোগ্য। যথা –
এই ৰামায়ণত পোনেই কবিয়ে প্ৰাপ্তবয়স্কৰ যুক্তিসৰ্বস্ব জগতখন আঁতৰাই থৈছে। সেয়েহে কবিৰ শিশুৰ অৰ্থে এই ৰামায়ণী অনুসৃষ্টি এনে অনুপম হৈছে। এই বিধৰ কাব্যকথনে শিশুক তাৎক্ষণিকভাৱে মোহিত কৰি শিশুৰ কল্পনাৰাজ্যকৈল লৈ যায়। পেটে পেটে প্ৰাপ্তবয়ষ্কইও খন্তেকেৰ বাবে এনে শিশুসুলভ জগতলৈ সোমাই গৈ ভাল পায়। গতিকে এনে শিশু-কাব্য শিশুক সন্মোহিত কৰি ৰখাৰ লগতে বয়সিয়ালৰ কাৰণেও আদিৰপৰা অন্তলৈকে উপেভাগ্য হৈ থাকে। জ্যোতিপ্ৰসাদৰ অসাধাৰণ কবি প্ৰতিভাৰ এইটো এক সুন্দৰ প্ৰমাণ।৮ 
আলোচ্য শিশু ৰামায়ণখনত পয়াৰ ছন্দ আৰু অনুপ্ৰাস অলংকাৰৰ সুপ্ৰয়োগেৰে জ্যোতিপ্ৰসাদে অসমীয়া পাঠকলৈ এক ব্যতিক্ৰমী স্বাদ দি থৈ গ’ল বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। অনুপ্ৰাস অলংকাৰৰ এটি উদাহৰণ –
উজল সুজল চলচল কলকল
ফটিকৰ ধাৰে বয় সৰযুৰ জল (পৃ. ৮৪১)
জ্যোতিপ্ৰসাদৰ শিশু-সাহিত্যৰ অন্তৰ্গত  ‘ঘোঁৰা ডাৰীয়া’ শীৰ্ষক ৰচনাংশত শিল্পীগৰাকীয়েঘোঁৰা আৰু গাধৰ সাধুকথাধৰ্মী কাহিনী এটিৰ জৰিয়তে শিশুসকলৰ বাবে নীতিশিক্ষাৰ ধাৰণা এটি দিবলৈ যত্নপৰ হৈছে।  আত্ম অহংকাৰত মত্ত হৈ গুৰু-গোসাঁই নমনা ঘোঁৰা এটাই এদিন বাটত লগেপাৱা  নিেৰ্বাধ গাধ এটাক অকাৰণতে লথিয়াই খালত পেলাই ৰং চাইছিল। কিন্তু ঘটনাক্ৰমে বাটেদি অহি থকা মটৰ গাড়ী এখনে ঘোঁৰা ডাৰীয়কো খুন্দিয়াই গাধৰ কাষতে পেলালেগৈ। মটৰ গাড়ীখনৰ চালকৰ প্ৰতি খং দেখুৱাই ঘোঁৰাই মানুহৰ এনে উদ্ভণ্ডালি ঈশ্বৰে নেদেখেনেকি বুলি সেইমুহূৰ্তত গাধক প্ৰশ্ন কৰোঁতে গাধই যি উত্তৰ দিছে তাৰ জৰিয়তে লেখকে এটি সুন্দৰ নীতিশিক্ষাৰ নিদৰ্শন আমাৰ শিশুসলকলৈ থৈ গৈছে। ঘোঁৰাৰ প্ৰশ্নত গাধই কৈছে –
ঈশ্বৰ কেলেই নহ’ব· এই মোৰ ওপৰত অত্যাচাৰ কৰাৰ বাবে মটৰ বাছে আেপানাক এখুন্দা দিলে নহয়। ঈশ্বৰ আছে দেখিহে এখুন্দা পালে। (ঘোঁৰা ডাৰীয়া, পৃ. ৮৬১)
সূক্ষ্মভাবে বিচাৰ কৰিলে দেখা যায় প্ৰকৃততে ঘোঁৰা আৰু গাধ সমাজৰ দুটা বিপৰীত শ্ৰেণীচৰিত্ৰৰ প্ৰতিনিধি। কিন্তু তথাপিও ন্যায়-অন্যায়ৰ বিচাৰৰ বেলিকা যে ঈশ্বৰে নিৰেপক্ষ দৃষ্টিভংগী পোষণ কৰে সেই শিক্ষা পাঠটিৰ পৰা সকলোৱে গ্ৰহণ কৰিব পাৰে।
‘নীলা চৰাই’ শীৰ্ষক গল্পত জ্যোতিপ্ৰসাদে শিশুৰ কল্পনাপ্ৰবণ মনক প্ৰভাৱিত কৰিব পৰাকৈ ৰহস্যঘন ঘটনা এটিক কাহিনীৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। তিলতিল আৰু মিতিল নামৰ দুই ভাই-ভনীয়ে সেপানতে নীলা চৰাই বিচাৰি যোৱা ঘটনা প্ৰবাহৰ মাজেৰে লেখকে প্ৰকৃততে সুখ সন্ধানী মানুহে সুখ বিচাৰি বিচাৰি যে জীৱনৰ আচল সময়েবাৰ অনাহকতে হেৰুৱাই পেলায়, অথচ সুখ মানুহৰ মনৰ মাজতে থাকে- সেই অৰ্থবহ কথাটিকে গল্পৰূপত বুজাবলৈ যত্ন কৰিছে।
জ্যোতিপ্ৰসাদ আগৰৱালাই তেখেতৰ শিশু উপযোগী সৃষ্টিৰাজিৰ মাজেৰে শিশুসকলক মনোৰঞ্জন প্ৰদান কৰি প্ৰয়োজনীয় দুই-এক নীতিকথাৰো জ্ঞান দিবলৈ যত্নপৰ হৈছে। সম্পূৰ্ণৰূপে শিশু মনস্তত্ত্বৰ জ্ঞান আহৰণ কৰি সাহিত্যিকগৰাকীয়ে তেখেতৰ ৰচনাত তাৰ সাৰ্থক প্ৰতিফলন ঘটাই প্ৰতিটো লেখনিয়েই শিশুৰ বাবে উপযোগী কৰি তুলিছে। শিশু-কবিতাবোৰত নিভাঁজ অসমীয়া ভাষাৰ শব্দৰ প্ৰয়োগে যিদৰে শিশুক আহ্লাদিত কৰে, সেইদৰে ধবনিযুক্ত শব্দৰ ছন্দোময় প্ৰয়োগেও শিশুৰ মনত সুৰৰ গুঞ্জন তোলে। সেইদৰে ‘জ্যোতি ৰামায়ণ’ আৰু ‘ঘোঁৰা ডাৰীয়া’ৰ বক্তব্য বিষয়ৰ গূঢ়াৰ্থয়ো শিশুক সমৃদ্ধ কৰে। অন্যান্য সৃষ্টিকৰ্মৰ সমান্তৰালকৈ এইগৰাকী মহান শিল্পীয়ে জীৱনকালৰ সীমিত সময়ছোৱাৰ ভিতৰতে শিশুৰ বাবেও উপাদেয় সাহিত্য ৰচনা কৰি শিশুৰ প্ৰতি গুৰুদায়িত্ব পালনেৰে অসমীয়া সাহিত্যলৈ যি নিদৰ্শন দেখুৱাই থৈ গ’ল, সেয়া প্ৰশংসনীয় আৰু চিৰস্মৰণীয়।

  উপসংহাৰ :
         জ্যোতিপ্ৰসাদ আগৰৱালাই যি সময়ত শিশুৰ বাবে সাহিত্য সৃষ্টিত মনোনিবেশ কৰিছিল, সেই সময়ত সাহিত্যৰ অন্যান্য শাখাৰ সমান্তৰালকৈ শিশু-সাহিত্যই বিকাশ লাভ কৰা নাছিল। সম্প্ৰতি শিশুৰ সুকীয়া মনোজগতৰ গুৰুত্ব উপলব্ধি কৰি সাহিত্যিকসকলে এইশ্ৰেণী সাহিত্যৰ মহত্ব অনুধাৱন কৰিবলৈ সক্ষম হৈছে। ফলস্বৰূপে বিভিন্নজনে এই দিশত নিজৰ অৱদান আগবঢ়াবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। কিন্তু তাহানি দিনতে জ্যোতিপ্ৰসাদে এই দিশটোৰ প্ৰতি সদিচ্ছাৰে যি অৱদান আগবঢ়াই থৈ গ’ল সেয়া নিতান্তই প্ৰশংসাৰযোগ্য। ‘জ্যোতিপ্ৰসাদৰ শিশু-সাহিত্য : এটি বিশ্লেষণ’ শীৰ্ষক  আলোচনাৰ অন্তত প্ৰাপ্ত সিদ্ধান্তকেইটা এনেধৰণৰ–
(ক)      জ্যোতিপ্ৰসাদ আগৰৱালাই শিশু মনস্তত্ত্বক সূক্ষ্মভাবে পৰ্যেবক্ষণ কৰি তেখেতৰ শিশু-সাহিত্যত তাৰ সাৰ্থক প্ৰয়োগ ঘটাইছে।
(খ)      শিশুৰ সৰল মনক প্ৰভাবিত কৰিব পৰা প্ৰসংগৰ উপস্থাপনেৰে তেখতে শিশু উপযোগী ৰচনাসমূহ সুখপাঠ্য কৰি তুলিছে।
(গ)      নীতিকথাৰ শিক্ষাই জ্যোতিপ্ৰসাদৰ শিশু-সাহিত্যৰাজি বাস্তবসন্মত কৰি তুলিছে।
(ঘ)      সাৱলীল বৰ্ণনাভংগী, ছন্দোময় শব্দ প্ৰয়োগ, নিভাঁজ অসমীয়া ভাষাৰ ব্যৱহাৰ আৰু হাস্যৰসৰ সুপ্ৰয়োগে জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু-সাহিত্যক অনন্য মাত্ৰা প্ৰদান কৰিছে।

প্ৰসংগ-সূত্ৰ ঃ
১।       হীৰেন গোহাঁই, ‘শিশু সাহিত্যৰ বিশ্বজনীনতা’, হীৰেন গোহাঁই ৰচনাৱলী - প্ৰথম খণ্ড - বিষয় ঃ সাহিত্য, শোণিত বিজয় দাস আৰু মুনীন বায়ন (সম্পা.), পৃ. ৫১৮
২।       গগনচন্দ্ৰ অধিকাৰী, ‘মহাৰথী - স্ৰষ্টাৰ শিশু সাহিত্য প্ৰীতি’, গৰীয়সী, হৰেকৃষ্ণ ডেকা (সম্পা.), ডিচেম্বৰ, ২০১৬, পৃ. ২৭
৩।      হৰিকৃষ্ণ দেৱসৰে, হিন্দী বাল সাহিত্য এক অধ্যয়ন, পৃ. ২১
৪।       সত্যেন্দ্ৰনাথ শৰ্মা, অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃ. ৪৪২
৫।      কৃষ্ণকুমাৰ মিশ্ৰ, ‘শিশু সাহিত্যৰ স্বৰূপ’, অনুষ্টুপ, পৃ. ১০৩
৬।      প্ৰহ্লাদ কুমাৰ বৰুৱা, জ্যোতি মনীষা, পৃ. ১৭০
৭।       কবীন ফুকন, ‘জ্যোতিপ্ৰসাদৰ শিশু সাহিত্য’ জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা, জ্যোতিপ্ৰসাদ শইকীয়া (সম্পা.),  পৃ. ৪২৩
৮।      উল্লিখিত, পৃ. ৪১৩

পৰিশিষ্ট :
গ্ৰন্থপঞ্জী :
মূলগ্ৰন্থ :
গোহাঁই হীৰেন(১৯৮১) (সম্পা.),জ্যোতিপ্ৰসাদ ৰচনাৱলী, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, পৰিমাৰ্জিত আৰু পৰিবৰ্ধিত ষষ্ঠ সংস্কৰণ, ডিচেম্বৰ,ষ২০০৩                                                                                                                         
প্ৰাসংগিক গ্ৰন্থ :
ডেকা,নমিতা আৰু বৰা, লীলাৱতী শইকীয়া (সম্পা.), জ্যোতি অন্বেষণ, বাণী মন্দিৰ, গুৱাহাটী,২০১০
দাস, শোণিত বিজয় আৰু  বায়ন, মুনীন (সম্পা.), হীৰেন গোহাঁই ৰচনাৱলী প্ৰথম খণ্ড, বিষয় ঃ সাহিত্য, কথা প্ৰকাশন, গুৱাহাটী, জানুৱাৰী, ২০০৯
দেৱসৰে, হৰিকৃষ্ণ, হিন্দী বাল সাহিত্য এক অধ্যয়ন, আত্মাৰাম এণ্ড চন্স, কাশ্মিৰী গেট, দিল্লী- ৬
বড়া, বৰ্ণালী, শিশু-সাহিত্য আৰু অন্যান্য প্ৰবন্ধ, নিৰীক্ষণ প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ, অে"াবৰ, ২০১৫
বৰুৱা, প্ৰহ্লাদ কুমাৰ, জ্যোতি মনীষা, বনলতা, ডিবèু¸গড়, তৃতীয় প্ৰকাশ, অক্টোবৰ, ২০০৩
মহন্ত, পোনা আৰু অন্যান্য (সম্পা.),ূৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদ, বনলতা, ডিবèু¸গড়, ২০০৩
মিশ্ৰ, কৃষ্ণকুমাৰ, অনুষ্টুপ, প্ৰভা প্ৰকাশনী, টিয়ক, যোৰহাট, চেপ্টেম্বৰ, ২০০৯দ
শইকীয়া, জ্যোতিপ্ৰসাদ (সম্পা.) জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা, সদৌ অসম ছাত্ৰ সন্থা, শিল্পী দিৱসৰ জ্যোতিস্মৰণ গ্ৰন্থ     ডেষ্টিনী প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী - ৩, ২০১৭
শৰ্মা, সত্যেন্দ্ৰনাথ, অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, প্ৰতিমা দেৱী, ৰিহাবাৰী, ঘৱাহাটী, সপ্তম সংস্কৰণ, ১৯৯৬

আলোচনী :
শইকীয়া, চন্দ্ৰপ্ৰসাদ (সম্পা.), প্ৰকাশ, ষষ্ঠ বছৰ, চতুৰ্থ সংখ্যা, জানুৱাৰী, ১৯৮১
গৰীয়সী, দশম বছৰ, চতুৰ্থ সংখ্যা, জানুৱাৰী, ২০০৩
           -------------------------------
 ডঃ বৰ্ণালী বড়া

 অংশকালীন সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, দুলীয়াজান মহাবিদ্যালয়  



SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

2 comments:

  1. সুন্দৰ বিশ্লেষণ

    ReplyDelete
  2. খুবেই ভাল লাগিল। মোৰ বহুত উপকাৰ হৈছে এই লেখাটো পঢ়ি। আমি নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদ,অসম হৈ ১৭ জানুৱাৰী ২০২১ শিলচৰ শহৰৰ উচৰত থকা শিলচৰ কলেজ প্ৰেক্ষাগৃহত শিল্পী দিৱস উদযাপন কৰিম। ধন্যবাদ।
    শিবেন্দ্র সিংহ, সাধাৰণ সম্পাদক, নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদ,অসম , ভকতপুৰ, শিলচৰ।
    ১১|১|২০২১

    ReplyDelete