(১)
বেকাৰ জীৱনটো হৈ পৰিছিল
টেঙা,
চাকৰিৰ বজাৰো যে আছিল মহঙা।
টাকুৰি ঘূৰাদি ঘূৰি,
পৰিছিল সি ভাগৰি ;
সকলোৱে কৈছিল নহয় তই চেঙা।।
(২)
টে’টত বহি অভাজনে পালে চাকৰি,
দুৰণিলৈ অহা-যোৱা নাই যে
আহৰি ।
দালালৰ নাই দাম,
মেধাই কৰিছে কাম ;
পাঠদানত ব্ৰতী হয় ক্লান্তি
পাহৰি।।
(৩)
প্ৰিয়জনকো দিবলৈ সময় যে
নাই,
পাৰ ভঙা উছাহেৰে পোহৰ বিলায়।
বছৰ পাঁচটা গ’ল,
সলনি একো নহ’ল ;
কান্দি উঠে হিয়া এনে অপযশ
পাই।।
(৪)
গুণোৎসৱত দিছে হিয়া-মন ঢালি,
মৰুময় ভূমিত ম'ৰাই ধৰে চালি।
বাৰ্তা আহে ঘনে ঘনে,
কান্দে হিয়া মনে মনে ;
দৰমহা খেলিমেলি জেপ হৈছে
খালী।।
◆◆◆◆◆◆◆◆
✍শ্ৰী প্রাণতোষ কুমাৰ সূত্ৰধৰ
সহ: শিক্ষক
গৰৈমাৰী সত্ৰ আদৰ্শ প্ৰাথমিক
বিদ্যালয়
শিক্ষাখণ্ড : ছয়গাঁও জিলা
কামৰূপ (গ্ৰাম্য)
ভ্ৰাম্যভাষ: ৯৮৬৪৪০৯৫৮১
0 Please Share a Your Opinion.: