ইতিহাসে ৰিঙিয়ায়, সৃষ্টিৰ কেন্দ্ৰ সেই ঠাই। প্ৰতি দিনেই উপস্থিত হাজাৰ ভক্ত-অনুৰাগীৰ সমাহিত তন্ত্ৰস্থল মা কামাখ্যা শক্তিপীঠ। প্ৰাগৈতিহাসিক কালৰে পৰাই পৰিচিত শক্তিপীঠ মা কামাখ্যা দেৱীৰ মন্দিৰ। ভাৰতীয় ধৰ্ম-সংস্কৃতিৰ আধ্যাত্মিকতাবাদে আজিও ৰেখাপাত কৰে যে অসমৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা দেৱালয় পৰ্যটনৰ এক আকৰ্ষণীয় ক্ষেত্ৰ। অসমৰ গুৱাহাটী স্থিত হিন্দু ধৰ্মৰ এই প্ৰাচীন মন্দিৰটো গোটেই ভাৰততে ব্যাপ্ত হৈ মুঠ ৫১ খন দেৱীপীঠৰ মাজত অন্যতম শক্তিপীঠ হিচাপে বিৱেচিত। কথিত যে এই মন্দিৰ অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু মন্ত্ৰ-তন্ত্ৰৰ ক্ষেত্ৰত প্ৰভাৱশালী। প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল মা কামাখ্যা দেৱীৰ শক্তিপীঠৰ উত্থানত বহু ৰহস্য আছে। প্ৰবাদ অনুসৰি মন্দিৰৰ নিৰ্মাণৰ ক্ষেত্ৰত অসুৰ ৰজা নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ বহু তথ্য ঐতিহাসিক সমলে দিয়ে। পৰ্যটনৰ মানচিত্ৰই আজি নীলাচলৰ বুকুত মা কামাখ্যা দেৱীৰ শক্তিপীঠৰ অঞ্চলটিক কামাখ্যা ‘মন্দিৰ নগৰী’ হিচাপে চিহ্নিত কৰে। সমান্তৰালকৈ ঐতিহাসিক সমল ‘কালিকা পুৰাণ’ আৰু ‘যোগিনীতন্ত্ৰ’-ই মা কামাখ্যাৰ বিষয়ে বহু তথ্য উদ্ঘাটন কৰি আহিছে।
একান্ত ধৰ্ম সাধনাত ব্ৰতী হোৱা দেশ-বিদেশৰ অলেখ অঘৰী সাধু-সন্ন্যাসীৰ বাবে পবিত্ৰ তীৰ্থস্থল মা কামাখ্যা শক্তিপীঠৰ ৰহস্যই আজিও বহুতৰ মনত অলেখ কৌতূহলৰ সৃষ্টি কৰে। কিন্তু কি মা কামাখ্যা দেৱীৰ সেই ৰহস্য, যি সৃষ্টিৰ দেৱী, যাৰ ছদ্মৰূপী প্ৰভাৱত ৰঙা হৈ পৰে ব্ৰহ্মপুত্ৰৰ পানী? ব্ৰহ্মাণ্ডৰ সকলোতকৈ ডাঙৰ শক্তি, যি আদি আৰু অন্তৰ দেৱী মা সতী আৰু ভগৱান শিৱৰ প্ৰেমৰ আৰম্ভণি হৈছিল ইয়াতেই। দেৱী সতী আৰু ভগৱান শিৱৰ এই ৰহস্যই অজস্ৰ ভক্তিপ্ৰাণ লোকক আজিও আলোড়িত কৰে। তন্ত্ৰ সাধনাৰ কেন্দ্ৰ হোৱা বাবেই বাৰ্ষিক অম্বুবাচী মেলাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হয়। বলী প্ৰথাৰ প্ৰচলন আৰু মন্ত্ৰ-তন্ত্ৰ পদ্ধতিয়ে আজিও মা কামাখ্যা দেৱী শক্তিপীঠক বহুতৰ বাবে শক্তিৰ উপাসনা স্থললৈ পৰ্যৱসিত কৰিছে।
উত্তৰ-পূব স্থিত অসম ৰাজ্যৰ গুৱাহাটীৰ পৰা ৮ কি.মি. দূৰৈত নীলাচল পাহাৰত কামাখ্যা দেৱীৰ মন্দিৰ অৱস্থিত। অম্বুবাচী মেলা, মনসা, দুৰ্গা পূজা আৰু ভিন্ন তন্ত্ৰ সাধনাৰ কেন্দ্ৰস্থল মা কামাখ্যা শক্তিপীঠ ব্ৰহ্মাণ্ডৰ ৫১ টা শক্তিপীঠৰ আটাইতকৈ শ্ৰেষ্ঠ। ইয়াৰ লগতে উপাসনাস্থল হিচাপে দশ মহাবিদ্যাৰ মূৰ্তিও বিদ্যমান। সেয়া ক্ৰমে ভূৱনেশ্বৰী, বগলামুখী, ছিন্নমস্তা, ত্ৰিপুৰা সুন্দৰী, তাৰা, কালী, ভৈৰৱী, ধূমাৱতী, মাতঙ্গী আৰু কমলা। মা কামাখ্যা শক্তিপীঠৰ মুখ্য দুৱাৰৰ বাহিৰতে এই অনন্ত দশ দেৱীৰ মূৰ্তিৰ পূজা-অৰ্চনা কৰা হয়। ভিন্ন প্ৰান্তৰ অঘৰী, সাধু-সন্ন্যাসীসকলৰ বাবে পৰম আশ্ৰয়স্থল মা কামাখ্যা দেৱীৰ গৃহত নিজ গুণে ভক্তি প্ৰদানৰ বাবে বলী প্ৰথাৰ লগতে দান কৰিও ভক্তসকলে পৰম সন্তুষ্টি লাভ কৰিব পাৰে। মনৰ অশুভ শক্তি আৰু বিভিন্ন অপায়-অমঙ্গলৰ লগতে বেমাৰ-ব্যাধি দূৰ কৰাৰ নিমিত্তে প্ৰতি দিনাই হাজাৰ হাজাৰ লোক সমৱেত হৈ আহিছে মা কামাখ্যা শক্তিপীঠত। নীলাচল পাহাৰৰ বিনন্দীয়া ৰম্যভূমিত অৱস্থিত মা কামাখ্য দেৱীৰ মন্দিৰটি তিনিটা খণ্ডত বিভক্ত । বিশেষ আশ্চৰ্যজনক এয়ে যে এই তিনিটা খণ্ডৰ এটা পাথৰৰ পৰা প্ৰতি মুহূৰ্তত অহৰহ পানী নিগৰিত হৈ থাকে। কথিত যে মে' মাহৰ কোনোবা সনয়ত এই পাহাৰৰ পৰাই তেজৰ সোঁত বয়। এয়া জানো সম্ভৱ?—এই প্ৰশ্নই আজিও বহুজনৰ মনত নতুন চিন্তাৰ খোৰাক জন্মায়। জনবিশ্বাস যে এই মন্দিৰৰ কিছুমান ৰহস্যই প্ৰকৃতিৰ নিয়মকো উলংঘা কৰি আহিছে। মূল প্ৰৱেশদ্বাৰৰ লগতে আছে তিনিখন দুৱাৰ। অৰ্থাৎ পূৰ্বদুৱাৰত গণেশ, নন্দী আৰু হনুমন্ত, পশ্চিম দুৱাৰত ভৃংগী, উত্তৰ আৰু দক্ষিণত মহাকাল সৰ্বদা থাকে। এওঁলোকে দেৱীক সদায়েই সুৰক্ষিত হৈ থকাত জাগ্ৰত প্ৰহৰী হৈ থাকে। নীলাচল পাহাৰত কামাখ্যা দেৱালয়ৰ উপৰি ১৩ টা অন্যান্য মন্দিৰো আছে। তাৰে ভিতৰত তাৰা মন্দিৰ, কালী মন্দিৰ, ভুৱনেশ্বৰী মন্দিৰ, সিদ্ধেশ্বৰ মন্দিৰ, গণেশ মন্দিৰ , পাণ্ডুনাথ মন্দিৰ আদি প্ৰসিদ্ধ। ইয়াৰ তিনিখন দুৱাৰৰ অন্তৰ্নিহিত ৰহস্য লগতে শিলাখণ্ডৰ পৰা নিগৰিত তেজৰ সোঁতে সকলোকে বিস্মৃতিৰ অন্তৰাললৈ টানি নিয়ে।
প্ৰসিদ্ধ বুৰঞ্জীবিদ লীলাধৰ হাজৰিকাৰ এটি বিশেষ লেখাত মা কামাখ্যাৰ মহাদেৱৰ পঞ্চপীঠৰ কথা উল্লেখ পোৱা যায়। সেইবোৰ হৈছে—কামেশ্বৰ বা কামদেৱ, ঈশান বা সিদ্ধেশ্বৰ, তৎপুৰুষ বা কৌটিলিংগ, হেৰুক ভৈৰৱ বা আঘোষ আৰু আম্ৰাতকেস্বৰ বা টোকেশ্বৰ। উল্লেখযোগ্য যে কামাখ্যা মন্দিৰলৈ অহা-যোৱা কৰা মঠৰ সমীপতেই আছে তিনিটা বাঘেশ্বৰী মন্দিৰ৷ সেইকেইটা হৈছে— ললিতা কান্তা, জয়দুৰ্গা আৰু বনদুৰ্গা মন্দিৰ। কামাখ্যা মন্দিৰৰ কাষতে আছে কুবেৰ দেৱতাৰ স্থান। ধীৰজ শৰ্মাদেৱৰ 'দৈনিক অসম'-ৰ এটি বিশেষ লেখাত (১৯৯৮) উল্লিখিত কামাখ্যা মন্দিৰৰ সাতটা কুণ্ডৰ কথা। তাৰ ভিতৰত সৈভাগ্য কুণ্ড, অমৃত কুণ্ড, ঋণমোচন কুণ্ড, দুৰ্গা কুণ্ড, গয়া কুণ্ড, ভৈৰৱী কুণ্ড আৰু ন-পুখুৰী বিখ্যাত। ভৈৰৱী কুণ্ডই কাছ পুখুৰী নামেৰে জনাজাত। একেলগে সাতটা কুণ্ড থকা নীলাচল পাহাৰৰ বুকুত কমাখ্যাই একমাত্ৰ শক্তিৰ স্থান। আহাৰ মাহৰ অম্বুবাচী উৎসৱৰ সময়ৰ পৰাই পৃথিৱীৰ বুকুলৈ নামি আহে প্ৰকৃতিৰ যৌৱনৰ ভৰ বাৰিষা। এই যৌৱনৰ ভৰ বাৰিষাই পূৰ্ণতা পায় শাওণ-ভাদ মাহত। লোকাচাৰ মতে বাৰিষা অহাৰ লগে লগে দেৱ-দেৱীৰ মন্দিৰবোৰ জাগ্ৰত হৈ উঠে। এই সময়ৰ ভিতৰতেই শুদ্ধ ধৰ্মীয় চিন্তাত নিমজ্জিত ব্যক্তিসকলৰ গাত দেৱ-দেৱীৰ শক্তিৰ কিয়দংশ প্ৰভাৱ পৰে। এই শক্তি অদৃশ্য শক্তিৰ দ্বাৰা আৰোপিত হয়। মন্দিৰ নগৰী কামাখ্যা ধামত অনুষ্ঠিত উৎসৱৰ ভিতৰত শাওণ-ভাদৰ দোমাহীৰ দিনাৰ পৰা অনুষ্ঠিত দেওধা নাচ অথবা দেওধ্বনি অন্যতম। এই উৎসৱটো মনসা পূজাৰ লগটো ওতপ্ৰোতভাৱে জড়িত হৈ মন্দিৰৰ বৰ্ণাধ্য ধৰ্ম-কৃষ্টিৰ শোভা দিয়ে।
তন্ত্ৰ সাধনাৰ পৰম তীৰ্থস্থল তথা সৃষ্টিৰ অন্যতম শক্তিপীঠ মা কামাখ্যা আদি শক্তিপীঠ বুলিও জ্ঞাত। নীলাচল পাহাৰৰ সুন্দৰ ভূমিত এদিন মহাদেৱ আৰু দেৱী সতীৰ মিলনভূমি কেনেকৈ আজি শক্তিপীঠলৈ পৰ্যৱসিত হৈছে, সেই কাহিনী নুই কৰিব নোৱাৰি। বিশেষ আশ্চৰ্যজনক যে এই মন্দিৰৰ মূল ভক্তিগৃহত কামাখ্যা দেৱীৰ কোনো মূৰ্তি নাই। তাত এক পাথৰকহে আৰাধনা কৰা হয়। পাহাৰৰ মাটিৰ পৰা ২০ ফুট তলত থকা এটা গুহাত অৱস্থিত কামাখ্যা শক্তিপীঠ। প্ৰতি মাহৰ বিশেষ তিনিটা দিনত বন্ধ কৰি দিয়া প্ৰৱেশদুৱাৰ তিনিখনৰ শেষৰখন অন্নপূৰ্ণ দুৱাৰ আৰু সেইফালেই মাৰ বাবে ভোজন প্ৰেৰণ কৰা হয়। প্ৰতি জুন মাহৰ অম্বুবাচী মেলাত চাৰি দিনলৈকে কোনো শুভ কৰ্ম ইয়াত কৰা নহয়। কথিত যে এই সময়তে ইয়াৰ এক শিলাখণ্ডৰ পৰা ৰঙা পানী নিৰ্গত হৈ লুইতৰ পানী ৰঙা কৰে। চাৰি দিনৰ শেষতেই পূৰ্জা-অৰ্চনা আৰম্ভ কৰে বহু ভক্তিপ্ৰাণ লোকে। মন্দিৰৰ পূজাৰী কবিন্দৰ নাথ শৰ্মাৰ মতে মন্দিৰৰ লগতে থকা সৌভাগ্য কুন্দত নিজৰ পাপ ধুই নিকা কৰিবলৈ স্নান কৰি প্ৰথমে ভক্তিপ্ৰাণ লোকে সন্মুখতে থকা প্ৰভূ গণেশক পূজা কৰে আৰু ইয়াৰ পাছতেই মন্ত্ৰ জপ কৰি মূল গৃহত প্ৰৱেশ কৰে। তেখেতৰ মতে ভক্তৰ মনোকামনা মা কামাখ্যাই পূৰ্ণ কৰে বুলি জনবিশ্বাস। সেইবাবেই ভিন্ন প্ৰান্তৰ ভক্তিপ্ৰাণসকলে ছাগলী, ম'হৰ লগতে চৰাই-চিৰিকতিও বলীৰ বাবে আগবঢ়ায়। নৱৰাত্ৰিৰ ন দিনত বহু লোকে ইয়ালৈ শ্ৰদ্ধা দিবলৈ আহে। সেয়েহে যোনী পূজাৰ স্থান কামাখ্যা শক্তিপীঠৰ মূল গৃহই সকলোকে আজিও আহ্লাদিত কৰি আছে।
আদিশক্তি মা কামাখ্যা মন্দিৰত যোনী পূজা কৰা হয় আৰু এই যোনী পূজাক লৈ বহুতৰ মনত আজিও বহু কৌতূহলতাৰ প্ৰশ্ন আনে। প্ৰতি অম্বুবাচী মেলাত সৃষ্টিৰ যোনীস্থান দৰ্শন কৰিবলৈ লাখ লাখ সাধু, সন্ন্যাসী, অঘৰী, তান্ত্ৰিক আৰু ভক্তিপ্ৰাণ লোকৰ সমাৱেশ হয়। কালীকা পূৰাণত উল্লেখিত যে সতীৰ পিতৃ মহাৰাজ দক্ষই এটি মহাযজ্ঞ আয়োজন কৰে। বিভিন্ন দেৱগণ,সাধু-সন্ন্যাসী অতিথিৰ লগতে অনিমন্ত্ৰিত যদিও উপস্থিত আছিল সতী দেৱী। সেই সময়তে মহাৰাজ দক্ষৰ পৰা স্বামী মহাদেৱক লৈ কৰা ঘোৰ অপমান সহিব নোৱাৰি সতী দেৱীয়ে অগ্নি দেৱতাক আমন্ত্ৰণ কৰি আত্মহত্যা কৰে। পত্নীৰ অকাল বিয়োগত ক্ষুদ্ধ হৈ মহাদেৱে ৰূদ্ৰ ৰূপ ধাৰণ কৰি মা সতী দেৱীৰ মৃত শৰীৰ কান্ধত লৈ তাণ্ডৱ নৃত্য আৰম্ভ কৰে।সমগ্ৰ ব্ৰহ্মান্ডত নানান অপায় অমঙ্গল দুৰ্যোগ আৰম্ভ হোৱাৰ ফল স্বৰূপে দেৱতা সকলৰ অনুৰোধ ৰক্ষা কৰি ভগৱান বিষ্ণুই নিজৰ সুদৰ্শন চক্ৰলৈ মাতা সতীৰ মৃত শৰীৰটো ৫১ তা খণ্ডত টুকুৰা কৰি কাটি পেলাই দিয়ে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত পৰা এই ৫১ টা খণ্ডৰ যোনী পীঠ গুৱাহাটীৰ এই নীলাচলৰ বুকুতে পৰে আৰু শক্তি পীঠ গঢ়ি উঠে। দেৱীৰ সন্তুষ্টিৰ বাবে তেতিয়াৰ পৰাই মাতা কামাখ্যা শক্তি পীঠত যোনী পূজা কৰা হয়।ত্ৰি শক্তিৰ এই অদ্ভূত চমৎকাৰী যোনী পূজাৰ ৰহস্যই আজিও বহুতৰ অনিসন্ধিৎসু মনক জোৱাৰ তোলে।অথচ মানৱৰ অশুভ শক্তিক নাশ কৰিবলৈ শক্তিৰ দেৱীয়ে যুগে যুগে নৱৰূপ লৈ দমন কৰি আহিছে। মাৰ মহাকাল ৰূপত সকলো ভক্তপ্ৰাণে সমাজ তথা নিজৰ কল্যাণৰ বাবে অশুভ শক্তিক নাশিবলৈ আজিও মাৰ চৰণত শৰনাপন্ন। জয় মা কামাখ্যা দেৱী।
-
অনুপ অসমীয়া
তেজপুৰ
৯৭০৫৮৬৪২০৮
0 Please Share a Your Opinion.: