আজি-কালি অসমীয়াত লিখোঁতে, কওঁতে সকলোতে ‘ক’লৈ’-ৰ পৰিৱৰ্তে ‘ক’ত’ শব্দটি বিনাদ্বিধাই ভেদ নোহোৱাকৈ ব্যৱহাৰ কৰি থকাটো মুঠেও যুক্তিসংগত হোৱা নাই। এই ক্ষেত্ৰত দূৰদৰ্শনৰ বেচৰকাৰী চেনেলবোৰৰ সংশ্লিষ্ট দায়িত্ববাহীসৱৰ অৱহেলা, অদূৰদৰ্শিতা আৰু আমাৰ ভাষিক সংবেদনশীলতাৰ অভাৱে মাতৃভাষাৰ সংকট আৰু প্ৰকট কৰি তুলিছে। অসমীয়াত ‘ক’ত’ শব্দটি ‘কোন ঠাইত’ বুলি প্ৰশ্ন কৰোঁতেহে ব্যৱহাৰ হ’ব লাগে। তেনেকৈ কোন ফালে বা কোন ঠাইলৈ বুলি সোধোঁতে ‘ক’লৈ’-ৰ সলনি যদি ‘ক’ত’ ব্যৱহাৰ কৰিলেই হয়, তেন্তে ‘‘কিতাপখন ক’ত আছে?’’ নুবুলি ‘‘কিতাপখন ক’লৈ আছে?’’ বুলি চৰ্চা কৰিলেও হয়তো এসময়ত সেয়াও শুদ্ধ যেনেই লাগিব।এতিয়া কথা হ’ল — ইংৰাজী, হিন্দী বা আন ভাষা চৰ্চা কৰোঁতে আমি শব্দৰ শুদ্ধতাৰ প্ৰতি যিমানখিনি সজাগ হওঁ, স্বাভাৱিকতে মাতৃভাষাৰ বেলিকা সিমান সজাগ নহওঁ। সম্প্ৰতি অসমীয়া ভাষা চৰ্চাৰ ক্ষেত্ৰত শিক্ষিত চামৰ মাজত মাত্ৰ ‘কাম চলি যোৱা’ নীতি অৱলম্বন কৰাটোহে পৰিদৃষ্ট হৈছে। এনে ধৰণৰ আৰু আলোচ্য বহু কথাই আছে। আমি অন্তঃকৰণেৰে আশা কৰোঁ, আমাৰ কাকত–আলোচনী বা সংবাদ মাধ্যমেৰে সৈতে জড়িত সকলোৱে এই দিশত সময়োচিত গুৰুত্ব দিব। তেহে ‘চিৰ চেনেহী ভাষা জননী’-ৰ মান অটুট থাকিব।
অবিনাশ কলিতা, টিহু
ভ্ৰাম্যভাষঃ ৯৬১৩৮ ১৭৫৯৬
0 Please Share a Your Opinion.: