দীপহঁতৰৰ পাৰ চৰাইযোৰৰ ৰং বগা৷ সিহঁত দীপহঁতৰ বৰ মৰমৰ৷ পাৰহালে বৰ
মিলা-প্ৰীতিৰে বাস কৰে৷ সাংসাৰিকভাৱে সিহঁত সুখী দম্পতী৷ মতা পাৰটো বৰ মৰমিয়াল আৰু
দয়ালু৷ ঘৈণীয়েকক সি বহুত মৰম কৰে৷ ঘৈণীয়েকেও তাক বহুত মৰম-শ্ৰদ্ধা কৰে৷ ঘৈণীয়েকজনী
কিন্তু স্বভাৱত বৰ অভিমানী৷ তাইৰ অভিমান আন পাৰবোৰতকৈ বহুত বেছি৷ এদিনাখন পাৰহালৰ
মাজত মনোমালিন্য হ'ল৷ মনোমালিন্যৰ কাৰণ একেবাৰে সৰাধাৰণ৷
সেইদিনা নিচেই পুৱাতে মাইকী পাৰজনীয়ে ৰুণ দিলে৷ মতা পাৰটো আছিল
চিকুণ টোপনিত৷ উৎকট গৰমৰ বাবে ৰাতি দুপৰলৈ তাৰ টোপনি অহা নাছিল৷ পুৱতি নিশা গৰম
কিছু কমাত তাৰ চকু দুটা জাপ খাইছিল৷ ঘৈণীয়েকৰ ৰুণত সি সাৰ পালে৷ ৰাতিপুৱাৰ চিকুণ
টোপনি ভাগি যোৱাত ঘৈণীয়েকলৈ তাৰ খং উঠিল৷ খঙতে সি ঘৈণীয়েকক গালি পাৰিলে -‘‘ইমান
ৰাতিপুৱাই ৰুণ দিবলৈ কিনো হ'ল তোমাৰ? গৰমৰ বাবে ৰাতি দুপৰলৈ টোপনি নাই৷ চকু দুটা
জাপ খাইছিলহে মাথোন৷ দিলাই টোপনি ভাঙি৷”
সেইদিনা গোটেই দিনটো গিৰীয়েকে তাইক ভালকৈ মাত-বোল নকৰিলে৷ আবেলি
এপাক গাঁৱখনৰ সিটো মূৰলৈ সি অকলে ফুৰিবলৈ ওলাই গ'ল৷ আনদিনা ঘৈণীয়েকো লগত যায়৷ গাঁৱৰ
ল'ৰাবোৰে খেলা ফুটবল খেল চায়, গাঁৱখনৰ মনোৰম দৃশ্য উপভোগ কৰে৷ গাঁৱখনৰ কিছু
আঁতৰেৰে নৈ এখনি বৈ গৈছে৷ নৈখনৰ ওপৰে ওপৰে কিছু দূৰ উৰি সিহঁতে মনত অজান সুখ-আনন্দ
অনুভৱ কৰে৷
‘‘এদিন নৈখনৰ ওপৰে ওপৰে উৰি গৈ থাকিম দেই৷”- মতা পাৰটোৱে ঘৈণীয়েকক
কয়৷
‘‘উম, যাম দেই কেতিয়াবা৷ গৈ থাকিলে কি পাম?” - মাইকী পাৰজনীয়ে
উৎসুকতাৰে সোধে৷
‘‘সৌ পাহাৰবোৰ পাম৷”- গিৰীয়েকে উত্তৰ দিয়ে৷
‘‘পাহাবোৰত কি আছে?”
‘‘গছ-গছনি আৰু ডাঙৰ ডাঙৰ শিল আছে কিজানি!”
গিৰীয়েকে নমতাত আৰু অকলে ফুৰিবলৈ যোৱাত মাইকী পাৰজনীৰ মনত বহুত দুখ
লাগিল, অভিমান জাগিল৷ নিচেই পুৱাতে ৰুণ দি তাই ইমান ডাঙৰ দোষ-অপৰাধ কৰা নাই৷ পোহৰ
হোৱাৰ লগে লগে ৰুণ দিয়াটো সিহঁতৰ পাৰবোৰৰ ধৰ্ম৷ তাইৰ দুখ-অভিমানবোৰ ক্ৰমশঃ বাঢ়ি
গ'ল৷ গিৰীয়েকক তাই বহুত বেয়া পালে৷ তালৈ তাইৰ খং উঠিল৷ ‘‘এনেকৈ সংসাৰ কৰিব নোৱাৰি
আৰু!”- পাৰজনীয়ে ভাবিলে৷ তাই সিদ্ধান্ত ল'লে, যদি গিৰীয়েকে ৰাতিও তাইক মাত-বোল
নকৰে, তেনেহ'লে তাই গিৰীয়েকৰ লগত আৰু নাথাকে৷ সংসাৰ নকৰে৷ তাক এৰি, বাহ এৰি
দূৰ-দূৰণিলৈ গুচি যাব৷
ৰাতিও গিৰীয়েকে তাইক মাত-বোল নকৰিলে৷ ফলত ভবা মতেই কাম৷ পিছদিনা
নিচেই পুৱাতে উঠি মুখ ধুই, প্ৰাতঃক্ৰিয়াকৰ্মাদি সমাপন কৰি পানী এটুপিও নোখোৱাকৈ,
খালী পেটেৰেই তাই বাহ এৰি উৰা মাৰিলে৷ ৰাতিয়ে তাই ভাবি থৈছিল, নৈখনৰ ওপৰে ওপৰে
নীলা পাহাৰবোৰ ধিয়াই উত্তৰ দিগন্তলৈ উৰি যাব, পাহাৰবোৰ চাব৷ ভাল লাগিলে পাহাৰৰ
বুকুতে বাহ সাজি আশ্ৰয় ল'ব৷ গিৰীয়েকৰ কাষলৈ কেতিয়াও আৰু উভতি নাহে৷
নৈখনৰ ওপৰে ওপৰে পাৰজনী উৰি গৈ থাকিল৷ উজনিৰ ফালে ধুনীয়া নৈখন আৰু
বেছি ধুনীয়া, ঠেক, পানীবোৰ নীলা আৰু খৰস্ৰোতা৷
উৰি উৰি পাৰজনীৰ অলপ ভাগৰ লাগিল৷ ডেউকা দুখনি কিছু অৱসাদগ্ৰস্ত হৈ
পৰিল৷ পেটত প্ৰচণ্ড ভোকো অনুভৱ কৰিলে৷ উৰণৰ গতি তাই হ্ৰাস কৰিলে৷ কিবা খাবলৈ পায়
নেকি বুলি নৈৰ দুয়োপাৰলৈ চালে৷ নৈৰ পাৰত এঠাইত নামিল তাই৷ ঠাইখন লেতেৰা৷ বনভোজথলী৷
ভাত, চাউল, মাংসৰ হাড়, মাছৰ কাঁইট, প্লাষ্টিকৰ গিলাচ, বটল, আধাপোৰা খৰি আদি পৰি
আছে তাত৷ পৰি থকা দুটামান চাউল তাই বুটলি খালে৷ পৰি থকা কাপোৰ এটুকুৰাৰে চাউল
কেইটামান ডেউকাত বান্ধি ল'লে৷ নৈৰ শীতল পানী দুঢোকমান খাই অকণ জিৰাই, শক্তি গোটাই
তাই পুনৰ ডেউকা মেলিলে৷
নৈৰ ওপৰে ওপৰে পাৰজনী উৰি গৈ থাকিল৷ নৈখনৰ দুয়োপাৰে সেউজীয়া
গছ-গছনি৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ শোভা সেয়া৷
পাৰজনী ভূটান পাহাৰত গৈ উপস্থিত হ'ল৷ তাৰে গছ এজোপাত পৰি অলপ জিৰণি
ল'লে৷ ডেউকাত বান্ধি নিয়া চাউল দুটামান খালে৷ ভূটান পাহাৰৰ অপৰূপ সৌন্দৰ্য দেখি
তাই মুগ্ধ হ'ল৷ তাইৰ বৰ আনন্দ লাগিল৷ চাট্কৰে গিৰীয়েকলৈ মনত পৰিল৷ ইতিমধ্যে
গিৰীয়েকলৈ উঠা তাইৰ খং আৰু অভিমান গলিবলৈ আৰম্ভ কৰিছিল৷ সি যে এই পাহাৰবোৰ নিচেই
কাষৰ পৰা দেখি কিমান আনন্দিত আৰু উৎফুল্লিত হৈ উঠিলহেঁতেন!
: ধ্যুৎ, তেওঁৰ কথা মই কিয় ভাবিম? তেওঁক এৰি আহিছোঁ, আহিছোঁৱেই৷ তেওঁৰ
কথা আৰু মই কেতিয়াও নাভাবোঁ৷ বাহলৈ কেতিয়াও উভতি নাযাওঁ৷ গিৰীয়েকৰ স্মৃতি মনৰ পৰা
জোকাৰি পেলাবলৈ চেষ্টা কৰি তাই আকৌ উত্তৰ দিগন্তলৈ ডেউকা মেলিলে৷
আন্ধাৰ হ'বলৈ কিছু সময় বাকী৷ পাৰজনী উৰি উৰি হিমালয়ৰ পাদদেশ পালে৷ তাই
দেহত প্ৰচণ্ড শীত অনুভৱ কৰিলে৷ আনফালে হু হু বতাহ৷ আৰু আগলৈ যোৱাতো অনুকূল নহ'ব
বুলি ভাবি তাই ওভতনি যাত্ৰা কৰিলে৷
ভাগৰ আৰু আন্ধাৰৰ বাবে পাৰজনী গছ এজোপাত আশ্ৰয় ল'বলৈ বাধ্য হ'ল৷ ইয়াতো
কিছু শীতৰ প্ৰকোপ৷ বতাহো বলি আছে৷ কিছু সময়ৰ পাছত কিন্কিনীয়া বৰষুণ এজাক নামি
আহিল৷ আপদীয়া বৰষুণজাকে শীতৰ প্ৰকোপ বৃদ্ধি কৰিলে৷ ডাঙৰ ডাল এটাৰ আঁৰত লুকাই তাই
বৰষুণৰ পানীৰ পৰা নিজকে ৰক্ষা কৰিলে৷
বৰষুণজাক পৰিয়ে আছে৷ পাৰজনী শীতত থৰ্থৰ্কৈ কঁপিছে৷ “প্ৰভু ৰক্ষা
কৰিবা” - তাই ভগৱানৰ নাম ল'লে৷ তাইৰ গিৰীয়েকলৈ বৰকৈ মনত পৰিল৷ গিৰীয়েকক এনেকৈ এৰি
আহিব নালাগিছিল তাই৷ পাৰজনীয়ে অনুশোচনা কৰিলে৷ ইতিমধ্যে গিৰীয়েকৰ প্ৰতি উঠা তাইৰ
খং-অভিমান গলি গলি নিঃশেষ হৈ গৈছিল৷ গিৰীয়েকৰ কাষলৈ উৰি যাবলৈ তাইৰ বৰ মন গ'ল৷
পিছদিনা ৰাতিপুৱা৷ এটা বিনিন্দ্ৰ ৰজনী পাৰ হ'ল পাৰজনীৰ৷ অলপ অলপ
পোহৰ হৈছে পৃথিৱীত৷ আকাশ ফৰকাল৷ ৰাতিৰ বৰষুণজাক কেতিয়াবাই এৰিছে৷ পাৰজনীয়ে
চাৰিওফালে চকু ফুৰালে৷ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য তাইৰ চাৰিওফালে৷ প্ৰকৃতিৰ অপৰূপ
সৌন্দৰ্য এৰি পাৰজনীয়ে বাহ অভিমুখে দ্ৰুতভাৱে ডেউকা কোবালে৷ এনে অপৰূপ সৌন্দৰ্য
অকলে উপভোগ কৰা নাযায়৷ সংগ লাগে প্ৰিয়জনৰ৷ গিৰীয়েকৰ সৈতে কেতিয়াবা আকৌ আহিব তাই৷
ঘৈণীয়েক অবিহনে মতা পাৰটোৰো এটা উজাগৰী নিশা পাৰ হ'ল৷ কালি
দুপৰীয়াৰ পৰা তাৰ পেটত খুদকণ এটাও পৰা নাই৷ দুখ, নিঃসংগতা আৰু নানান চিন্তাই তাক
হেঁচা মাৰি ধৰিছে৷ খং উঠিছে নিজৰ ওপৰত৷ হৈছে অনুশোচনা৷ ৰুণ দিয়াৰ কাৰণে ঘৈণীয়েকক
সি গালি পাৰিব নালাগিছিল৷ বেয়া ব্যৱহাৰ কৰিব নালাগিছিল৷ তাই বেচেৰীজনী মনৰ দুখ-খং
আৰু অভিমানত ক'লৈ বা গুচি গ'ল? ৰাতিটো ক'ত, কেনেকৈ বা কটালে! উভতি আহিবনে তাই? যদি
নাহে সি অকলে দীঘলীয়া জীৱনটো কেনেকৈ পাৰ কৰিব? কথাবোৰ দুখমনে ভাবি ভাবি সি নিচেই
পুৱাতে বাহৰ পৰা ওলাই নৈৰ পাৰলৈ উৰা মাৰিলে৷ এবাৰ ভাবিলে ঘৈণীয়েকক বিচাৰি উত্তৰ
দিশলৈ যাব৷ কিন্তু কিবা ভাবি তেনে নকৰিলে৷ নৈৰ পাৰৰ ওখ গছ এজোপাৰ ডালত পৰি সি
উত্তৰ দিশলৈ আকুল দৃষ্টিৰে চাই থাকিল৷ মনতে সিদ্ধান্ত ল'লে, যদি আজি ঘৈণীয়েক উভতি
নাহে, তেনেহ'লে সি কাইলৈ ৰাতিপুৱাই তাইক বিচাৰি উৰা মাৰিব৷
সময় গৈ থাকিল৷
মতা পাৰটো নৈৰ পাৰৰ গছজোপাতে পৰি ঘৈণীয়েকলৈ ৰৈ থাকিল৷
বেলি দুপৰ হ'ল৷ মতা পাৰটো অনাহাৰে নৈৰ পাৰৰ ওখ গছজোপাতে ঘৈণীয়েকলৈ
অপেক্ষাৰত হৈ ৰ'ল৷
বেলি লহিয়ালে৷ মতা পাৰটো এতিয়াও নৈৰ পাৰৰ ওখ গছজোপাত ঘৈণীয়েকলৈ
অপেক্ষাৰত৷ পেটত প্ৰচণ্ড ভোক৷ অথচ তাৰ একো খাবলৈ মন যোৱা নাই৷ ঘৈণীয়েক নথকা
বাহটোলৈ উভতি যাবলৈ মন যোৱা নাই৷ হঠাৎ সি বতাহত ডেউকাৰ চিনাকি শব্দ শুনিবলৈ পালে৷ হয়
হয়, সেয়া তাৰ ঘৈণীয়েকৰ ডেউকাৰ শব্দ৷ উত্তৰ দিশৰ পৰা বতাহত ভাহি আহিছে সেই শব্দ৷ ক্ৰমশঃ
কাষ চাপি আহিছে সেই আপোন, চিনাকি শব্দ৷ তাৰ বুকুখন আশা আৰু আনন্দত উথলি উঠিল৷ দুচকুত
জিলিকি উঠিল আশাৰ ৰেঙনি৷
তীব্ৰ বেগেৰে ঘৈণীয়েক উৰি অহা তাৰ চকুত পৰিল৷ সি আৰু ৰৈ থাকিব
নোৱাৰিলে৷ মৰমৰ ঘৈণীয়েকক আগবঢ়াই আনিবলৈ সি ডেউকা মেলি উৰা মাৰিলে...৷
দুয়ো গিৰীয়েক-ঘৈণীয়েক মুখামুখি হ'ল৷ অনাহাৰ, অনিদ্ৰা আৰু
দুখ-চিন্তাত বিধ্বস্ত গিৰীয়েকৰ চেহেৰা দেখি মাইকী পাৰজনীৰ মনত বহুত দুখ লাগিল৷ চকুপানী
নিগৰিল৷ গিৰীয়েকৰো দুখ লাগিল ঘৈণীয়েকৰ শুকান মুখখন দেখি৷
: “ক'লৈ গৈছিলা? তুমি অবিহনে মই জানো জীয়াই থাকিব পাৰোঁ?” - মতা
পাৰটোৱে থোকাথুকি মাতেৰে ঘৈণীয়েকক ক'লে৷
: “ময়োতো নোৱাৰোঁ তোমাৰ অবিহনে জীয়াই থাকিব৷”
: “তেনেহ'লে মোক এৰি কিয় গুচি গৈছিলা?”
: “ৰুণ দিওঁতে তুমি মোক কিয় গালি পাৰিছিলা? কিয় মোক এদিন এৰাতি
নমতাকৈ আছিলা?”-অভিমানী কণ্ঠৰে ঘৈণীয়েকে উত্তৰ দিলে৷
: “আজিৰ পৰা গালি নাপাৰোঁ দিয়া৷ নমতাকৈয়ো নাথাকোঁ৷”- মতা পাৰটোৰ
প্ৰতিশ্ৰুতিভৰা সান্ত্বনা৷
: “সঁচানে?”
: “সঁচা৷ ভগৱানৰ শপত...৷”
: “গালি পাৰিলে মই কিন্তু আকৌ বহু দূৰলৈ গুচি যাম৷ এইবাৰ গ'লে
উভতি নাহোঁ৷”
: “সেই সুযোগ তোমাক আৰু কেতিয়াও নিদিওঁ মোৰ অভিমানী সোণজনী...৷”
ইতিমধ্যে সিহঁত আহি বাহ পাইছিল৷ ঘৈণীয়েক ভোক আৰু ভাগৰত লেবেজান হৈ
পৰিছিল৷ তাই বিছনাত জিৰণি লৈছিল৷ গিৰীয়েকে আহাৰ আৰু পানী যতনাই আনি বৰ মৰমেৰে তাইক
খুৱাবলৈ আৰম্ভ কৰিছিল৷
(সমাপ্ত)
প্ৰদীপ পাটগিৰি৷
গাঁও: বাৰাপেটা৷
ডাক: মইনামাতা৷
জিলা: বাকসা, অসম৷
পিন: ৭৮১৩১৫,
দূৰভাষ: ৮৪৭৪০ ২১৫২৫
0 Please Share a Your Opinion.: