Wednesday, September 5, 2018

ইংৰাজী ভাষাৰ মজাৰ কথা কেইটামান


আজি আপোনালোকক ইংৰাজী ভাষাৰ মজাৰ কথা কেইটামান জনাব বিচাৰিছোঁ
১) ইংৰাজী ভাষাৰ আটাইতকৈ দীঘলীয়া শব্দ হৈছে ‘floccinaucinihipilification’.
২) উক্ত শব্দটোত 14 বাৰ vowel ব্যৱহাৰ হৈছে। অৰ্থাৎ আটাইতকৈ বেছি বাৰ vowel ব্যৱহাৰ হোৱা শব্দ।
৩) সাধাৰণতে পৰীক্ষাত ৮০ নম্বৰ পালে letter পোৱা বুলি জানো। সেই letter নম্বৰৰ ৰহস্য হ'ল L=১২, e=৫, t=২০, t=২০, e=৫, r=১৮ যোগফল৷
১২+৫+২০+২০+৫+১৮= ৮০
৪) ইংৰাজীৰ ‘madam’ আৰু ‘reviver’ শব্দ ওলোটাই লিখিলেও বানান একেই থাকে।
৫) “a quick brown fox jumps over the lazy dog” এই বাক্যটোত ইংৰাজীৰ আটাইকেইটা বৰ্ণ আছে।
৬) ইংৰাজীৰ আটাইতকৈ সৰু বাক্য হ'ল “I am.”৷
৭) ‘Abstemious’ আৰু ‘facetious’ শব্দ দুটাত আটাইকেইটা vowel ক্ৰমানুসাৰে আছে। 
৮) ‘q’-ৰে আৰম্ভ হোৱা সকলো শব্দত ‘q’-ৰ পিছত সদায় ‘u’ থাকে।
৯) ‘Queueing’ একমাত্র শব্দ, য’ত একেলগে ৫ টা vowel আছে।
১০) ‘Queue’ এনে এটা শব্দ, যাৰ শেষৰ ৪ টা বৰ্ণ কাটি দিলেও উচ্চাৰণ একেই হৈ থাকে।
১১) এটাও বৰ্ণৰ পুনৰাবৃত্তি নোহোৱাকৈ আটাইতকৈ দীঘলীয়া শব্দ ‘uncopyrightable’৷
১২) ‘Rhythm’ হ'ল আটাইতকৈ দীঘলীয়া শব্দ, য'ত এটাও vowel ব্যৱহাৰ হোৱা নাই।
১৩) vowel থকা আটাইতকৈ সৰু শব্দ হ'ল ‘a’ (এটা) আৰু ‘I’ (মই)৷
১৪) vowel নথকা আটাইতকৈ সৰু শব্দ ‘by’৷
১৫) গুপ্তহত্যাৰ ইংৰাজী প্ৰতিশব্দ ‘assassination’-ৰ বানান মনত ৰখাৰ ভাল উপায় হ'ল গাধ-গাধ-মই-জাতি।
১৬) ‘Lieutenant’ শব্দাটোৰ বানান মনত ৰখাৰ ভাল উপায় হ'ল মিছা-তুমি-দহ-পৰুৱা।
১৭) ‘uncomplimentary’ শব্দটোত আটাইকেইটা vowel আছে। মজাৰ কথা হ'ল যে ওলোটা ক্ৰমানুসাৰে (u-o-i-e-a) আছে।
১৮) ‘Exclusionary’ এনে এটা পাঁচটা vowel সমৃদ্ধ দীঘলীয়া শব্দ, য'ত এটাও বৰ্ণৰ পুনৰাবৃত্তি নহয়।
১৯) ‘study’, ‘hijak’, ‘nope’, ‘deft’ এই চাৰিটা শব্দৰ প্ৰথম তিনিটা বৰ্ণই ক্ৰমানুসাৰে আছে। 
২০) ‘executive’ আৰু ‘future’ এনে দুটা শব্দ, য'ত প্ৰত্যেক বৰ্ণৰ পিছত একোটাকৈ vowel আছে।
২১) ‘A1’ একমাত্ৰ ইংৰাজী শব্দ, য'ত সংখ্যাৰ ব্যৱহাৰ হয়।
২২) ‘I’-ৰ পিছত ‘am’ হয়। কিন্তু  “I is the ninth letter of alphabet.”
২৩) ‘Stewardesses’ ইংৰাজীৰ একমাত্ৰ দীঘলীয়া শব্দ, যিটো কীব'ৰ্ডত টাইপ কৰোঁতে মাথোঁ বাঁও হাতখন ব্যৱহাৰ হয়।
২৪) ‘dreamt’ একমাত্ৰ ইংৰাজী শব্দ, যাৰ শেষত mt আছে।
২৫) ইংৰাজীত তিনিটাই শব্দ আছে, যাৰ শেষত ceed হয় ‘proceed’, ‘exceed’, ‘succeed’৷
২৬) ‘Lollipop’ আটাইতকৈ দীঘলীয়া শব্দ, যিটো কীব'ৰ্ডত টাইপ কৰোঁতে অকল সোঁ হাতখন ব্যৱহাৰ কৰা হয়।
২৭) ‘almost’ একমাত্র দীঘলীয়া শব্দ, যাৰ বৰ্ণকেইটা ক্ৰমানুসাৰে আছে।
২৮) ইংৰাজীত মাথোঁ চাৰিটা শব্দই আছে, যাৰ শেষত dous ব্যৱহাৰ হয় — ‘tremendous’, ‘horrendous’, ‘stupendous’,
‘hazardous’৷ 
২৯) ‘Screeched’ হ'ল এটা syllable থকা আটাইতকৈ দীঘলীয়া শব্দ।
৩০) ‘underground’ এনে এটা শব্দ, যাৰ আৰম্ভণি আৰু সমাপ্তিত und থাকে। 
৩১) আপুনি জানেনে যে ‘set’ শব্দটোৰ আটাইতকৈ বেছি সংখ্যক অৰ্থ আছে।
৩২) ‘therein’ এনে এটা শব্দ, যাক নসজোৱাকৈ‍ দহটা নতুন শব্দ পাব পাৰি ‘the’, ‘her’, ‘ere’, ‘rein’, ‘in’, ‘there’, ‘he’, ‘here’, ‘herein’, ‘therein’৷
৩৩) ‘Typewriter’ একমাত্ৰ দীঘলীয়া শব্দ, যাক কীব'ৰ্ডত টাইপ কৰোঁতে অকল কীব'ৰ্ডৰ ওপৰৰ শাৰীৰ key-সমূহ ব্যৱহাৰ হয়।
৩৪) ‘indivisibility’ একমাত্ৰ দীঘলীয়া শব্দ, য'ত এটাই মাত্ৰ vowel ৬ বাৰ ব্যৱহাৰ হৈছে।
৩৫) ‘bookkeeper’ এনে এটা শব্দ, য'ত তিনিজোৰ শব্দ একেলগে ব্যৱহাৰ হৈছে oo, kk আৰু ee৷
৩৬) ‘Understudy’ এনে এটা শব্দ, য'ত চাৰিটা ক্ৰমিক বৰ্ণ rstu একেলগে আছে।
...................................
গৌতম দত্ত


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: