মনত অদম্য হেঁপাহ আছিল
ইঞ্জিনিয়াৰ হোৱাৰ৷
মেট্ৰিকৰ ৰিজাল্ট্ ওলাবৰ দিনা
মনত আনন্দৰ জোৱাৰ উথলি উঠিছিল৷
ইঞ্জিনিয়াৰিঙৰ প্ৰথম চিৰিত মই যেন বগালোঁৱেই!
দেউতাই সৰুৰে পৰাই সপোন দেখুৱাইছিল—
"মোৰ ছোৱালী ইঞ্জিনিয়াৰ হ'ব৷"
সেইমতে ময়ো সেই সপোনত উটি-ভাহি ফুৰিছিলোঁ৷
পিছে ইঞ্জিনিয়াৰিঙত নাম লিখি নিদিলে দেউতাই,
ক'লে— "তই নিৰ্জীৱ নহয়, সজীৱ সৃষ্টিৰহে ইঞ্জিনিয়াৰ হ'ব লাগিব৷"
একো নুবুজিলোঁ৷
পঢ়ি গ'লোঁ দেউতাই বিচৰা মতে
সপোন ভগাৰ বোজা বুকুত বান্ধি লৈ, নিৰৱে৷
এদিন শিক্ষয়িত্ৰীৰ চাকৰি এটা পাই
দেউতাক সেৱা জনাবৰ পৰত
তেওঁ সকলোকে কৈ ফুৰিছিল—
"মোৰ ছোৱালী আজি ইঞ্জিনিয়াৰ হ'ল;
নিৰ্জীৱ নহয়, সজীৱ সৃষ্টিৰ৷"
আজিহে বুজিলোঁ
দেউতাই আচলতে মই কি হোৱাটো বিচাৰিছিল৷
কিন্তু!
মই জানো হ'ব পাৰিছোঁ
মানুহ গঢ়া ইঞ্জিনিয়াৰ?
..............................
— বন্দনা বৰদলৈ
0 Please Share a Your Opinion.: