Wednesday, September 5, 2018

বজ্ৰপাতৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব?


    বজ্ৰপাতৰ ফলত প্ৰতি বছৰেই বহু লোকৰ মৃত্যু হোৱাৰ বাতৰি পাওঁ৷ গতিকে আমি কেনেকৈ বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিব পাৰোঁ, তাকে লিখিবলৈ লৈছোঁ৷
   প্ৰথমতেই কওঁ— কিছু গাঁৱলীয়া সমাজত বজ্ৰপাতৰ সম্পৰ্কে অন্ধবিশ্বাস আছে৷ গতিকে আমি প্ৰথমতেই এই অন্ধবিশ্বাস পৰিহাৰ কৰি বৈজ্ঞানিক দৃষ্টিভংগীৰে বজ্ৰপাত কি আৰু কেনেকৈ, কিয় হয়— এই বিষয়ে অধ্যয়ন কৰিব লাগিব৷ কাৰণ অন্ধবিশ্বাসী মানুহে সত্যক মানিবলৈ টান পায়৷
চমুকৈ ক’বলৈ গ’লে বতাহৰ ফলত বায়ুমণ্ডলৰ ওপৰৰ অংশত আৰু নিম্ন অংশত বায়ুৰ সৈতে পানীৰ সৰু সৰু কণিকাৰ ঘৰ্ষণৰ সৃষ্টি হয় আৰু এই ঘৰ্ষণৰ ফলত দুয়ো অংশতে অসংখ্য আধানৰ সৃষ্টি হয়৷ বায়ুমণ্ডলৰ ওপৰৰ অংশত সাধাৰণতে ধনাত্মক (+) আধান আৰু নিম্ন অংশত ঋণাত্মক (-) আধানৰ সৃষ্টি হয়৷ আনহাতে আমি সকলোৱে জানো যে বায়ু বিদ্যুতৰ কুপৰিবাহী৷ কিন্তু যেতিয়া এই আধানৰ পৰিমাণ অত্যধিক বৃদ্ধি পায়, তেতিয়া বায়ুৰ এই ধৰ্ম ভেদি ধনাত্মক আধান ঋণাত্মক আধানলৈ খুব বেগেৰে প্ৰবাহিত হয় আৰু তেতিয়া পোহৰ আৰু শব্দৰ সৃষ্টি হয়৷ পোহৰৰ গতিবেগ শব্দতকৈ বেছি বাবে আমি পোহৰ আগতীয়াকৈ‍ দেখা পাওঁ আৰু শব্দ পাছত শুনিবলৈ পাওঁ৷ বায়ুমণ্ডলৰ উচ্চ অংশত সৃষ্টি হোৱা এই আধানবোৰ ত্বৰি গতিৰে নিম্ন অংশৰ বিপৰীতধৰ্মী আধানৰ মাজেৰে ভূ-গৰ্ভলৈ পাৰ হৈ যোৱা পৰিঘটনাটোৱেই হৈছে বজ্ৰপাত৷
    এতিয়া আহোঁ বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিব পৰা উপায়সমূহলৈ—
(১) মনত ৰাখিব— বজ্ৰপাত সদায় সবাতোকৈ উচ্চ স্থানতহে পৰিব পাৰে৷ গতিকে বিজুলী-ঢেৰেকনি মৰা সময়ত কেতিয়াও মুকলি পথাৰত নাথাকিব বা মুকলি পথাৰৰ মাজেদি পাৰ হৈ যাবলৈ চেষ্টা নকৰিব৷ কাৰণ, মুকলি পথাৰখনত আপুনিহে ওখ হৈ থাকিব৷
(২) বিজুলী-ঢে‍ৰে‍কনি মৰাৰ সময়ত মুকলি স্থানত ম’বাইলত কথা পাতি বা ছাতি লৈ নাথাকিব৷
(৩) আপুনি যদি বিজুলী-ঢে‍ৰে‍কনি মৰাৰ সময়ত কোনোবা পথাৰ নাইবা হাবিৰ মাজত থাকে, তেতিয়া আপুনি কেতিয়াও ওখ গছৰ তলত আশ্ৰয় নল’ব৷ কোনোবা চাপৰ গছ এজোপাৰ তলত আশ্ৰয় লওক৷
(৪) বিজুলী-ঢেৰেকনি মৰাৰ সময়ত মুকলি ওখ মথাউৰিৰ মাজেৰে খোজকাঢ়ি বা বাইক চলাই নোজোৱাটোৱেই মংগল৷
(৫) আপুনি যদি বিজুলি-ঢেৰেকনি মৰাৰ সময়ত কোনোবা বাছ নাইবা গাড়ীৰ ভিতৰত থাকে, তেন্তে চিন্তা নকৰি সাৱধানে বহি ৰওক৷ কিন্তু গাড়ীৰ দৰ্জা, খিৰিকী বা ব’ডি‍ত স্পৰ্শ কৰি নাথাকিব৷
(৬) ঘৰত বজ্ৰপাত নপৰিবলৈ ঘৰৰ ওপৰৰ পৰা মাটিলৈ বিদ্যুৎ পৰিবাহী দণ্ড লগাওক৷
(৭) বিজুলী-ঢেৰেকনি মৰাৰ সময়ত বৈদ্যুতিক মাধ্যমসমূহ ব্যৱহাৰ নকৰি সংযোগ বিচ্ছি‍ন্ন কৰি ৰাখক৷
মনত ৰাখিব— আপোনাৰ ধৈ‍ৰ্য আৰু অলপ সতৰ্কতাই আপোনাক বজ্ৰপাতৰ দৰে ভয়ংকৰ দুৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে‍৷ গতিকে নিজেও বাচক আৰু আনকো সতৰ্ক কৰি তেওঁলোকৰো জীৱন ৰক্ষা কৰক৷
.................................
লাশ বৰগোহাঞি


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: