কবিতা হেৰুৱাই পেলাইছোঁ নিজকে on September 05, 2017 0 Comment হেৰুৱাইছোঁ মই ক্ৰমান্বয়ে নিজকে নিজৰ মাজতে অনুভৱৰ নীলা বিশাল আকাশত জাক হেৰুওৱা পখীৰ দৰে । পোৱা - নোপোৱা,আশা-নিৰাশাৰ এমুঠি সেউজীয়া সপোনৰ কিছু অনুভৱৰ নীলা ৰঙত...। ক্ৰমান্বয়ে হেৰুৱাই পেলাইছোঁ মই নিজকে সভ্যতাৰ বিশাল দাপোনত.....। কান্তা ছেত্ৰী ঠিকনা : সহকাৰী শিক্ষয়িত্ৰী , কলবস্তি প্ৰাথমিক বিদ্যালয়, নাগশংকৰ, বিশ্বনাথ SHARE THIS
0 Please Share a Your Opinion.: