Wednesday, April 25, 2018

মহীয়সী নাৰীৰ কথা


মহীয়সী নাৰীৰ কথা
(১৩ চ'ত জয়মতীৰ স্মৃতি দিৱস উপলক্ষে)

শান্ত-শিষ্ট সোণমইনাৰ
কৌত‌ূহলী মন,
প্রশ্ন সুধি কথা জনাৰ
লৈছে যেনিবা পণ ৷
শিৱসাগৰতে সোণমইনাৰ
মোমায়েকৰ ঘৰ,
স্কুল বন্ধত মাকৰ সৈতে
দিলে তালৈ লৰ ৷
ঘৰতেই কৰিছিল আঁচনি
জয়সাগৰলৈ‍ যাব,
জয়সাগৰৰ পুখুৰী-দৌল
যেনেতেনে চাব ।
আবেলি সেয়ে মোমায়েকৰ স'তে
ফুৰিবলে ওলাই গ'ল,
সাগৰ সদৃশ পুখুৰী দেখি
থৰ লাগি ৰ'ল ৷
এটাৰ পিছত এটা তাৰ
প্রশ্ন আৰম্ভ হ'ল ,
আঁতি-গুৰি ক'বলৈ‍ মোমায়েকো
বুৰঞ্জীলৈ উভতি‍ গ'ল।
ল'ৰাৰজাৰ দিনত লালুকসোলাৰ বাবে
চক্রান্ত চলিছিল ,
ৰজা হ'ব পৰা আহোম কোঁৱৰক
অংগক্ষত কৰিছিল ।
আহোমৰ মতে দেহত খুঁট থাকিলে
হ'ব নোৱাৰে ৰজা ,
সেয়ে যদি কোনোৰ কাণ কাটিছিল
কৰিছিল কাৰোক কণা।
গোবৰ ৰজাৰ পুত্র গদাপাণি কোঁৱৰ
ৰজাৰ যোগ্য আছিল,
ৰজাৰ চিপাহীয়ে তেওঁকো সেয়ে
বিচাৰি ফুৰিছিল ৷
লাইথেপেনাৰ কন্যা জয়মতী
গদাপাণিৰ পত্নী আছিল ,
চিপাহীৰ পৰা স্বামীক বচাবলৈ
পলুৱাই পঠিয়াইছিল ।
চিপাহীয়ে আহি গদাপাণিৰ কথা
জয়মতীক সুধিছিল,
সম্ভেদ নিদিয়াৰ বাবে জয়মতীকে
বন্দী কৰিছিল ।
জেৰেঙা পথাৰত কোট্‌কোৰা গছত
তেওঁক নি বান্ধি থ'লে.
নানা ধৰণেৰে চাওদাঙে
অত্যাচাৰ চলালে ।
দেশৰ বাবে স্বামীৰ বাতৰি
তথাপি নিদিলে কৈ
অশেষ কষ্ট সহি থাকিল
নিৰৱ-নিমাত হৈ ৷
যাতনাৰ পৰিণতিত জয়মতীয়ে
মৃত্যুক সাৱটি ল'লে,
গদাপাণি পিছত ৰজা হ'ল
গদাধৰ সিংহ নাম পালে ।
জয়মতীৰ দুই পুত্র ক্রমে
লাই আৰু লেচাই,
পিতৃৰ পিছত লাই ৰজা হৈ
ৰুদ্রসিংহ নাম পায় ।
কোট্‌কোৰা গছক কেন্দ্র কৰি লায়ে
এই পুখুৰী খন্দালে,
পুখুৰীৰ পাৰতে মাতৃৰ স্মৃতিত
সৌ জয়দৌলো সজালে ৷
কথাবোৰ শুনি সোণমইনাটোৰ
হৃদয় সেমেকি গ'ল ।
পুখুৰীটোলে চাই কিছুপৰ
টলকা মাৰি ৰ'ল ।
জয়মতীৰ ত্যাগৰ কথাই
তাৰ চকুলো সৰালে,
হঠাতে আগবাঢ়ি পুখুৰীলৈ সি
প্রণিপাত জনালে ।****


মানসী বৰা।
উইলমিংগটন( ডেলাৱেৰ),আমেৰিকা যুক্তৰাষ্ট্র
manashisivasagar@gmail.com


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: