Wednesday, April 25, 2018

হাউচে বিদ্যা কৃপণে‍ ধন


হাউচে বিদ্যা কৃপণে‍ ধন
                অসমৰ নামনি অঞ্চলত মুখে মুখে প্ৰচলিত এটি ফকৰা যোজনা – ‘হাউচে বিদ্যা কৃপণে‍ ধন’। নামনি অঞ্চলত এনে এজন ব্যক্তি নাই, যিয়ে এইষাৰ কথা ছাত্ৰ-জীৱনত এবাৰলৈ শুনা নাই। কোৱা হয় হাউচ অৰ্থাৎ আগ্ৰহ থাকিলে বিদ্যা আৰ্জিব পাৰি, কৃপণালি কৰিলে ধন গোটাব পাৰি বা ধনী হ’ব পাৰি । আমিও পঢ়া জীৱনত ছাৰসকলৰ মুখত বহুবাৰ শুনিছোঁ এইষাৰ কথা । কথাষাৰ সম্পূৰ্ণৰূপে সঁচা৷ আগ্ৰহেই শিক্ষা অৰ্জনৰ চৰম দিশ। আগ্ৰহ যদি নাথাকে, শিশু এটিক যিমানেই সুবিধা নিদিয়ক কিয়- "গা নুধুওঁ ধুৱালি, ভাত নাখাওঁ খুৱালি , নিগিলোঁ কি কৰ কৰ"-ৰ লেখি‍য়াৰ বাহিৰে অন্য একো নহয় ।
   আমি আমাৰ সমাজত দেখি আহিছোঁ, বহুতকে ঘৰখনে বহু সুবিধা দিয়ে, ভাল পাৰদৰ্শিতাৰে আগুৱাই যাওক বুলি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱায়৷ কিন্তু ফল একো নধৰে। বহু লোকে আকৌ এনেকৈ ভাবে‍ যে নিজৰ ল'ৰা বা ছোৱালীগৰাকীক চৰকাৰী বিদ্যালয়ত পঢ়ুৱালে‍ তাৰ বা তাইৰ জীৱনটো নষ্ট কৰা হ'ব আৰু ব্যক্তিগত বিদ্যালয়ত পঢ়ুৱালে যেনেকৈয়ে‍ নহওক, উন্নতি কৰিব পাৰিব। আনকি এনে বহু লোক আছে, যিয়ে‍ নিজৰ সন্তানে যদি কোনোবা এখন বিদ্যালয়ত পাৰদৰ্শিতা দেখুৱাব পৰা নাই সেইখন বিদ্যালয় বেয়া বুলি ইখনৰ পিছত সিখন বিদ্যালয়ত নাম লগাই দিয়ে । কিন্তু যিমানেই যি নকৰক, বিদ্যালয় চৰকাৰীয়েই হওক বা ব্যক্তিগতই হওক, যাৰ নিজৰ মনোযোগ নাই, আগ্ৰহ নাই, সি শিক্ষা-জীৱনত কেতিয়াও সুফল পাব নোৱাৰে ।
   বিদ্যালয় চৰকাৰী হওক বা ব্যক্তিগতই হওক, আগ্ৰহী হ'লে শিক্ষা-জীৱনত উন্নতি হ'বই , ই ধুৰূপ। এতিয়া কথা হ'ল, সৰুতেই শিশু এটিৰ শিক্ষাৰ প্ৰতি আগ্ৰহ জন্মিব কেনেকৈ! শিশু এটিৰ শিক্ষাৰ আদিকেন্দ্ৰ হ'ল নিজৰ ঘৰখন। নিজ ঘৰখনতেই শিশুৱে আচাৰ-ব্যৱহাৰ, নৈতিক জ্ঞান, শিষ্টাচাৰ, মনোযোগ, আগ্ৰহ আদি সকলোবোৰ গুণৰ আদিপাঠ শিকে। সেইবাবে শিশু এটিৰ ঘৰৰ লোকসকলে সিহঁতৰ লগত এনে ধৰণে ব্যৱহাৰ কৰিব লাগে, যাতে সি এই গুণবোৰৰ প্ৰতি আকৃষ্ট হয়। সৰুতেই যদি এই গুণবোৰ শিশুৱে আহৰণ কৰি ল'ব পাৰে, তেনেহ’লে সেই শিশুৰ উন্নতিৰ জখলাত বগাবলৈ সহজ হয়; অন্যথা ডাঙৰ হ'লে এই গুণবোৰ আহৰণ কৰিব নোৱাৰি বহু শিশু বিপথে পৰিচালিত হোৱা দেখা যায় । কিন্তু কিছুমান লোকে শিশুৰ লগত এনেকুৱা আচৰণ কৰে যে শিশুৰ মন-মগজু ভীতিগ্ৰস্ত হৈ পৰে। উদাহৰণ স্বৰূপে - বহু লোকে নিজ শিশুক আন শিশুৰ লগত লগ হ’বলৈ‍ নিদিয়ে, তলা মাৰি কোঠাৰ ভিতৰত সুমুৱাই ৰাখে, খেলা-ধূলা কৰিবলৈ‍ নিদিয়ে, জোৰ-জুলুমকৈ এবাৰতে সকলো বিষয় মগজুত সুমুৱাই দিব বিচাৰে। এনেবোৰ আচৰণৰ ফলত শিশুৰ মন-মগজুত আচৰণৰ কু-প্ৰভাৱ পৰে আৰু তাৰ ফলত আগ্ৰহ, অভিৰুচি কমি যায়। ফলত শিশু এটি শিক্ষাৰ দিশত উন্নতি লাভ কৰিব নোৱাৰে ।
   আনহাতে, অৰ্থনৈতিক দিশো শিক্ষা আহৰণত প্ৰাচীৰ হ'ব নোৱাৰে; যদিহে আগ্ৰহ থাকে। ইয়াৰ বহুতো উদাহৰণ আমি পেপাৰে-পত্ৰই প্ৰায়েই পাই থাকোঁ। দুখীয়া ঘৰৰ বহু ল'ৰা-ছোৱালীয়ে ভাৰতীয় প্ৰশাসনিক বিষয়া হোৱাৰ উদাহৰণ আমাৰ ভাৰতবৰ্ষত দুৰ্লভ নহয়। সেয়ে হয়তো কোৱা হয় – “হাউচে বিদ্যা কৃপণে‍ ধন”।
                                                                        মৃণাল মৃন্ময়



SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: