![]() |
বৰ্তমান সময় আৰু আমাৰ শিশুসকল |
"চালে চালে লগা ঘৰ,
সখীৰ হেনো জ্বৰ
মই খবৰ এটাকে কৰিব পৰা নাই ৷ "
সখীৰ হেনো জ্বৰ
মই খবৰ এটাকে কৰিব পৰা নাই ৷ "
বৰ্তমান যুগ তথ্য-প্ৰযুক্তিৰ
যুগ ৷ বৰ্তমান যুগ প্ৰতিযোগিতাৰ যুগ ৷ এক মুহূৰ্ততে পৃথিৱীৰ ইমূৰৰ খবৰ সিমূৰে পাব
পাৰে ৷ পৃথিৱীখন এখন গোলকীয় গাঁৱলৈ ৰূপান্তৰ হ'ল ৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই
মানৱ জাতিক যিমানে সুবিধা প্ৰদান কৰিছে, সিমানেই যেন মানুহৰ সময়ৰ নাটনি হৈছে ৷
প্ৰতিযোগিতাৰ দৌৰত সকলো মানুহেই ইমান ব্যস্ত, যে কাষত থকাজনৰো খবৰ ল'বলৈ সময় নাই,
এষাৰ কুশলবাৰ্তাৰ বিনিময় কৰিবলৈও সময়ৰ অভাৱ ৷ কবিয়ে কবিতাৰ চলেৰে ব্যস্ততাৰ
কথাকে কৈছে—
"চালে চালে লগা ঘৰ,
সখীৰ হেনো জ্বৰ
মই খবৰ এটাকে কৰিব পৰা নাই ৷ "
সখীৰ হেনো জ্বৰ
মই খবৰ এটাকে কৰিব পৰা নাই ৷ "
( ননী আছনে ঘৰত ,
নলিনীধৰ ভট্টাচাৰ্য)
ঠিক সেইদৰে মানুহৰ সহজাত প্ৰবৃত্তি 'ভালপোৱা'-ৰ বাবেও সময়ৰ অভাৱ—
"কাইলৈৰ পৰা
আপোনাক ভাল পাম
আজিযে এৰাব নোৱৰা ব্যস্ততা ৷"
আজিযে এৰাব নোৱৰা ব্যস্ততা ৷"
(নীলিম কুমাৰ)
এক কথাত ক'বলৈ গ'লে
সাম্প্ৰতিক সময়ৰ যন্ত্ৰই মানুহক যান্ত্ৰিক কৰি পেলাইছে ৷ সময় জটিলৰ পৰা জটিলতৰলৈ
ধাৱমান হ'বলৈ ধৰিছে ৷ এনে সন্ধিক্ষণত আমাৰ সন্তানসকলকো আমি যান্ত্ৰিক কৰি পেলাইছোঁ
৷ ৰাতিপুৱা নাকে-কাণে দুটামান খোৱা বস্তু গুঁজি স্কুললৈ পঠিয়াইছোঁ৷ স্কুলত সকলোতকৈ
আগত থকাৰ প্ৰতিযোগিতা৷ ঘৰলৈ আহি দূৰদৰ্শন, ম'বাইল, ভিডিঅ' গেইম, কম্প্যুটাৰ আদিৰ
সন্মুখত বহুৱাই থৈছোঁ ৷ একান্তভাৱে লক্ষ্য কৰিলে দেখা যাব যে আজিৰ শিশুসকলে
বেছিভাগ সময় যন্ত্ৰৰ লগতে অতিবাহিত কৰে ৷ মাক-দেউতাকৰ সময় নাই সন্তানক সময়
দিবলৈ ৷ নিজৰ চাকৰি বা কৰ্মক্ষেত্ৰ, নিজৰ কেৰিয়াৰক লৈ ব্যস্ত ৷ গতিকে সন্তান
ব্যস্ত হৈ থাকিবলগা হয় যন্ত্ৰৰ লগত৷ পঢ়া বা হ'মৱৰ্ক কৰিবলৈ ঘৰুৱা শিক্ষক নিয়োগ
কৰি দিছে ৷ গতিকে লাহে লাহে সন্তানে মাক-দেউতাক বা পৰিয়ালৰ জ্যেষ্ঠজনৰ আৱেগিক
সম্পৰ্কৰ পৰা ক'ব নোৱৰাকৈয়ে যে আঁতৰি গৈছে৷
আনহাতে আজিকালি
পৰিয়ালবোৰ হ'ল একক পৰিয়াল ৷ পেহী, খুৰা-খুৰী, বৰমা-বৰদেউতা, ককা-আইতা লগত নাথাকে৷
ল'ৰা-ছোৱালীক সংগ দিবলৈ মাক-দেউতাক বা কাম কৰা মানুহৰ বাদে কোনো নাথাকে৷ গতিকে
ল'ৰা-ছোৱালীয়ে সেইসকল পৰিয়ালৰ আত্মীয়ৰ মৰম-চেনেহ কেনেকৈ বুজিব! পৰিকল্পিত পৰিয়ালত
মানুহ থকাৰো সম্ভাৱনা নাথাকে৷ ডাঙৰ মানুহেই যদি ঘৰত নাথাকে, ডাঙৰক সন্মান কৰাৰ
প্ৰাথমিক জ্ঞান পাব ক'ৰ পৰা! মাক-দেউতাকে যদি সেই শিক্ষা নিদিয়ে, তেতিয়াহ'লে সন্তানে
সেই আদিপাঠ শিকিব নোৱাৰিব৷ সাধুকথাই মনোৰঞ্জন, বিস্ময়, কল্পনা আৰু নৈতিক শিক্ষা
প্ৰদান কৰে৷ ল'ৰা-ছোৱালীক নৈতিক শিক্ষা দিয়াৰ অন্যতম মাধ্যম হ'ব পাৰে সাধুকথা৷
আগতে অফুৰন্ত সময় আছিল, ককাক-আইতাকে নাতিসকলক বা জ্যেষ্ঠজনে কণিষ্ঠজনক সাধুকথা
কৈ শুনাইছিল ৷ এইধৰণে সাধুকথাৰ কথনে প্ৰধানতঃ দুটা কাম সাধন কৰিছিল — এটা হ'ল,
নৈতিক শিক্ষা দিয়াত সহায় হৈছিল আৰু আনটো হ'ল কোৱা আৰু শুনা কাৰ্যটোত দুয়োপক্ষৰ
আন্তৰিক সম্পৰ্ক গাঢ় হৈছিল ৷ বৰ্তমান ম'বাইল, দূৰদৰ্শন, কম্প্যুটাৰ, ভিডিঅ' গেইম
আৰু ব্যস্ততাই শিশুসকলক বঞ্চিত কৰিছে আইতাৰ মুখৰ সাধুকথাৰ পৰা ৷ সম্প্ৰতি এফালে
শিশুসকল বঞ্চিত হয় সাধু শুনাৰ পৰা; আনফালে আইতাক-ককাক অকলশৰীয়া হৈ পৰিছে৷
দূৰদৰ্শনৰ ৰঙীন কাৰ্টুনৰ মাজত সোমাই থাকোঁতেই হেৰাই গৈছে মাটিৰ গোন্ধ থকা সাধুকথাবোৰ;
কমি গৈছে আন্তৰিক সম্পৰ্কবোৰ ৷
ধৰাবন্ধা ৰুটিনৰ মাজত
সোমাই থাকি আজিৰ শিশুসকলে পাহৰি গৈছে আমাৰ থলুৱা খেল-ধেমালিবোৰ৷ গতিকে খেল-ধেমালিৰ
পৰা পাব পৰা শাৰীৰিক বিকাশ আৰু লগৰীয়াৰ লগত খেলাৰ আমেজ - দুয়োটাই হেৰুৱাবলগা
হৈছে ৷ যিবোৰ খেল সময় আৰু পইচা খৰচ কৰি অভিভাৱকসকলে সন্তানক খেলিবলৈ দিয়ে,
সেয়াও প্ৰতিযোগিতাৰ দৌৰত আগবঢ়াৰহে অনুশীলন, অকৃত্ৰিম নহয়৷ মুঠতে সকলোফালে
যান্ত্ৰিকতা, কৃত্ৰিমতা, সমতা স্থাপন অথবা আনতকৈ আগবাঢ়ি থকাৰ প্ৰতিযোগিতাৰ দৌৰত
সকলোৱে হেৰুৱাইছোঁ বহুমূলীয়া সময়, আন্তৰিক সম্পৰ্ক ৷ শিশুসকলে হেৰুৱাইছে সোণালী
শৈশৱৰ মধুৰ দিন৷ আজিৰ প্ৰজন্মই ভৱিষ্যতে শৈশৱক ৰোমন্থন কৰিলে কি পাব? — বন্ধ
কোঠাত, ধৰাবন্ধা ৰোটিন, কিছুমান যন্ত্ৰ ইত্যাদি ৷ যুগৰ লগত খাপ নাখালেও শাৰীৰ পৰা
বিচ্যুত হ'ব লাগিব ৷ ধৈৰ্যশক্তি অটুট ৰাখি সময়-পৰিকল্পনা অনুসৰি প্ৰাত্যহিক ৰুটিন
প্ৰস্তুত কৰিলে সন্তানক সময় দিব পৰা হ'ব ৷ তাৰোপৰি যান্ত্ৰিক বস্তুৰ পৰা যিমান
পাৰি আঁতৰাই প্ৰকৃতিৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ শিকাব লাগে ৷ প্ৰকৃতিক ভাল পোৱা
মানুহৰ মন সদায় সুন্দৰ হয়, উদাৰ আৰু মৰমীয়াল হয় ৷ সেইবাবেই ল'ৰা-ছোৱালীক আকাশ
চাবলৈ শিকাব লাগে, আকাশৰ বিশালতা উপলব্ধি কৰিবলৈ শিকাব লাগে৷ বৰ্তমান ম'বাইল, টিভিৰ
সৰু স্ক্ৰীণত দৃষ্টি ৰাখোঁতে ৰাখোঁতে আকাশৰ বিশালতালৈ চাবলৈ সময় আৰু মন, এটাও
নোহোৱা হ'ল ৷ চৰাই, ফুল, নদী, পাহাৰ, পথাৰ— এইবোৰ অনুপ্ৰেৰণাৰ অনন্ত উৎস৷ সেইবাবেই
জ্যেষ্ঠজনে কয়, "খং উঠিলে মাটিলৈ চাব লাগে"
আচলতে প্ৰকৃতি, পৃথিৱী সহনশীলতাৰ
অন্যতম উদাহৰণ৷ কিমান জ্ঞান পাব পাৰি প্ৰকৃতি-অধ্যয়নৰ পৰা! ক্ষুদ্ৰ পৰুৱাটোৰ পৰা
আকাশৰ জোনটোলৈকে বহু শিক্ষাৰ সমল পোৱা যায়৷ কবিয়ে এনেয়ে কোৱা নাই—
"যদি চাব জানা এই সুন্দৰ জগত
শিক্ষাৰ বিষয় পাবা অনেক মহৎ”
শিক্ষাৰ বিষয় পাবা অনেক মহৎ”
সময় পৰিৱৰ্তশীল৷ সময়ৰ লগত, যুগৰ লগত খাপ খাই চলিবই লাগিব৷ তথাপি অভিবাৱকসকলে নিজৰ সন্তানক, শিশুসকলক শিপাৰ পৰা বিচ্ছিন্ন নোহোৱাকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগিব৷ গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মাব পাৰিব লাগিব; কাৰণ কিতাপ হ'ল অন্যতম বিশ্বস্ত বন্ধু৷ সময় পৰিকল্পনা বৰ গুৰুত্বপূৰ্ণ কথা৷ আজিৰ শিশু কাইলৈ দেশৰ সুনাগৰিক, মানৱিয়তাৰে পৰিপূৰ্ণ মানুহ হিচাপে গঢ় দিয়া দায়িত্ব জ্যেষ্ঠসকলৰ, অভিভাৱকসকলৰ ৷
0 Please Share a Your Opinion.: