Wednesday, April 25, 2018

ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু-সাহিত্যত শিশুৰ নৈতিক শিক্ষাৰ প্ৰসংগ




  ভাল পালোঁ ৰঘুনাথ 
         তুমি মোক পুতেৰাৰ
         বিয়ালৈ মাতিলা
    পিছে ৰভাখন দিবলৈকে
         আমলখি গছজোপা
         কিয়নো কাটিলা?
    আলহী-অতিথি যাব
         ৰভা নাইকিয়া হ'ব
         বোৱাৰীয়ে ঘৰখন দিবহি পূৰাই,

    পিছে কোৱাচোন ৰঘুনাথ
ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু সাহিত্য:
    বৰ্তমান সময়ত অসমীয়া সাহিত্যৰ বিবিধ শাখা-প্ৰশাখাৰ যি ব্যাপক প্ৰসাৰতা লক্ষ্য কৰা যায়, তাৰ তুলনাত শিশু-সাহিত্যৰ বিকাশ আশানুৰূপ নহয় ৷ এক কথাত ক’বলৈ গ’লে সাহিত্যৰ বিভিন্ন বিভাগসমূহতকৈ ‘শিশু-সাহিত্য’ বিষয়টোৱেই কম চৰ্চিত ৷ এই ক্ষেত্ৰত সাহিত্যিক-সমালোচকসকলৰ শিশু-সাহিত্য সৃষ্টিৰ প্ৰতি থকা এক প্ৰকাৰৰ অনিহা আৰু পাঠকসকলৰো শিশু-সাহিত্যৰ পঠন-স্পৃহাৰ অভাৱেই হয়তো প্ৰধান কাৰণ ! উল্লেখযোগ্য যে সাহিত্যৰ অন্যান্য শাখাৰ দৰে শিশু-সাহিত্যসমূহো স্বকীয় বিশেষত্বৰে যথেষ্ট গুৰুত্বপূৰ্ণ ৷ শিশুৰ বুদ্ধি-বৃত্তি আৰু মানসিক ৰুচি-অভিৰুচিৰ প্ৰতি মনোনিৱেশ কৰি সৃষ্টি কৰা উপযোগী সাহিত্যই শিশুৰ সৰ্বাংগীন বিকাশ সাধনত বিশেষ ভূমিকা গ্ৰহণ কৰে ৷ এই কথাৰ গুৰুত্ব অনুধাৱন কৰি যিসকল বৰেণ্য সাহিত্যিকে অসমীয়া সাহিত্যৰ উক্ত শাখাটোক ব্যাপ্তি প্ৰদান কৰাৰ প্ৰচেষ্টা হাতত লৈছিল, তাৰ ভিতৰত ভবেন্দ্ৰ নাথ শইকীয়া আছিল অন্যতম ৷ এগৰাকী বিশিষ্ট সাহিত্যিক, প্ৰখ্যাত নাট্যকাৰ, সুদক্ষ চলচ্চিত্ৰকাৰ, সু-সম্পাদক তথা সমাজহিতৈষী ব্যক্তি ভবেন্দ্ৰ নাথ শইকীয়াই ঐকান্তিক নিষ্ঠাৰে অসমীয়া শিশু-সাহিত্যক এক উচ্চস্তৰীয় মৰ্যাদা দিবলৈ সক্ষম হৈছিল ৷ তেওঁ শিশুৰ লগতে কিশোৰসকলকো পাঠক হিচাপে সমগুৰুত্ব প্ৰদান কৰি তেওঁলোকৰ বুদ্ধি-বৃত্তিৰ বিকাশৰ দিশত শিশু-সাহিত্যক এক প্ৰকাৰৰ মাধ্যম কৰি তুলিব বিচাৰিছিল ৷ এই উদ্দেশ্যেৰেই ভবেন্দ্ৰ নাথ শইকীয়াই নিৰলসভাৱে শিশু-সাহিত্যসমূহ ৰচনা কৰি গৈছিল ৷ ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰকাশিত শিশু-উপযোগী গ্ৰন্থ মূলতঃ ছখন ৷ সেইকেইখন হৈছে—
   ক) শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট ( ১৯৯৫)
   খ) মৰমৰ দেউতা (১৯৯৮)
   গ) তোমালোকৰ ভাল হওক (১৯৯৮)
   ঘ) মহাদুষ্টৰ দুষ্টবুদ্ধি (১৯৯৯)
   ঙ) মৰম ( ২০০২)
   চ) পদ্যৰ ধেমালি (২০০২)
    ইয়াৰ উপৰিও শিশুসকলৰ জনপ্ৰিয় আলোচনী ‘সঁফুৰা’-ৰ ‘অসম বুক হাইভ’-ৰ দ্বাৰা প্ৰকাশিত পৰৱৰ্তী সংস্কৰণত শিশুসকলৰ বাবে তেওঁ ‘আশা কৰোঁ তোমালোক ভালে আছা’ নামেৰে নতুন শিতান এটি আৰম্ভ কৰিছিল ৷ আনহাতে ৰীতা চৌধুৰীৰ সম্পাদনাত প্ৰকাশ পোৱা ‘আধাৰশিলা’ নামৰ মাহেকীয়া আলোচনীখনতো শইকীয়াই ‘ককাদেউতাৰ চিঠি’ শীৰ্ষক কিছুমান উপদেশমূলক ৰচনা লিখিছিল ৷ ভবেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা সৃষ্ট এই সমগ্ৰ শিশু-সাহিত্যকে বৰ্তমান ‘ড
° ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু-সাহিত্য সমগ্ৰ’ নামেৰে বনলতা প্ৰকাশনে একত্ৰ সংকলন কৰি উলিয়াইছে ৷ উল্লেখযোগ্য যে এই একত্ৰ সংকলনটোত ‘সঁফুৰা’-ৰ পৰৱৰ্তী সংস্কৰণত প্ৰকাশ পোৱা ‘মহাদুষ্টৰ দুষ্টবুদ্ধি’-খনো সংকলিত কৰা হৈছে ৷
   ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু-সাহিত্যসমূহক বিষয়বস্তুলৈ লক্ষ্য ৰাখি দুটা ভাগত ভাগ কৰিব পাৰি ৷ সেইকেইটা হৈছে - উপদেশমূলক শিশু-সাহিত্য আৰু সৃষ্টিমূলক শিশু-সাহিত্য ৷ যি‍সমূহ ৰচনাৰাজিৰ মাজেৰে শিশু-সাহিত্যিকগৰাকীয়ে শিশুসকলক বিভিন্ন সজ উপদেশ, সজ পৰামৰ্শ আগবঢ়াই সজ চিন্তা, সজ আৰ্হিৰে সজ কাম কৰিবলৈ অনুপ্ৰাণিত কৰাৰ সমান্তৰালকৈ শিশুক বিভিন্ন দিশত শিক্ষা প্ৰদান কৰিছে, সেইসমূহ ৰচনাক উপদেশমূলক শিশু-সাহিত্যৰ অন্তৰ্ভুক্ত কৰিব পাৰি ৷ সেই দৃষ্টিকোণৰ পৰা ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘ককাদেউতাৰ চিঠি’, ‘তোমালোকৰ ভাল হওক’ আৰু ‘আশা কৰোঁ তোমালোক সকলো ভালে আছা’ শীৰ্ষক ৰচনাৰাজি উপদেশমূলক শিশু-সাহিত্যৰ অন্তৰ্গত ৷

    অসমীয়া সাহিত্যৰ আগৰণুৱা সাহিত্যকৰ্মী ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু-গ্ৰন্থকেইখনো স্বকীয় বিশেষত্বৰে যথেষ্ট গুৰুত্বপূৰ্ণ ৷ ভবেন্দ্ৰ নাথ শইকীয়াই অতি সচেতনভাৱে শিশুৰ মনোবৃত্তি আৰু ৰুচিৰ প্ৰতি দৃষ্টি ৰাখি শিশু-সাহিত্যৰ বিষয়বস্তু নিৰ্বাচন কৰিছে ৷ গ্ৰন্থকেইখন পঢ়ি চালেই এই কথা প্ৰমাণিত হয় ৷ যিহেতু শিশু-সাহিত্য বয়স্কসকলৰ দ্বাৰা নিৰ্মিত হয়; সেইবাবে শিশুৰ বৌদ্ধিক-মানসিক বিকাশ সাধন কৰিব পৰা তথা শিশুৰ ৰুচিৰ অনুকূল বিষয়বস্তু নিৰ্বাচন কৰাৰ ক্ষেত্ৰত শিশু-সাহিত্যিকসকল অত্যন্ত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ শিশু-সাহিত্যৰ এই সীমাবদ্ধতা অতিক্ৰমি ভবেন্দ্ৰ নাথ শইকীয়াই শিশুৰ মনোজগতক সূক্ষ্মভাৱে অধ্যয়ন কৰি শিশুৰ সৰ্বতোপ্ৰকাৰৰ কল্যাণ সাধন কৰিব পৰা বিষয়বস্তু নিৰ্বাচন কৰি শিশু-সাহিত্যসমূহ ৰচনা কৰিছিল ৷ সেইবাবে তেখেতৰ শিশু-উপযোগী গ্ৰন্থকেইখনে শিশুৰ বৌদ্ধিক-মানসিক উৎকৰ্ষ সাধন কৰাৰ সমান্তৰালকৈ শিশুক বিভিন্ন দিশৰ প্ৰয়োজনীয় শিক্ষাও প্ৰদান কৰে ৷ শইকীয়াই সচৰাচৰ শিশু-সাহিত্যত দেখা পোৱা সাধুকথাধৰ্মী অতিলৌকিক কাহিনী আদি সম্পূৰ্ণৰূপে উপেক্ষা কৰি বাস্তৱাশ্ৰয়ী বিষয়বস্তু নিৰ্বাচনতহে গুৰুত্ব আৰোপ কৰিছিল ৷ তদুপৰি শিশু-সাহিত্যিকগৰাকীয়ে তেখেতৰ শিশু-সাহিত্যত শিশুৰ মনোজগতৰ বিভিন্ন দিশৰ প্ৰতিচ্ছবি অংকন কৰিছে, যি তেখেতৰ শিশু-উপযোগী গ্ৰন্থকেইখনক বাস্তৱত শিশুৰ অধিক কাষ চপাই নিছে ৷ লক্ষণীয় যে, ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু-সাহিত্যত শিশুৰ উপযোগী প্ৰতিটো দিশৰে আমোদজনক উপস্থাপনে কেৱল শিশুৰে নহয়, পৈণতসকলৰো মানসিক চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে ৷ ভবেন্দ্ৰ নাথ শইকীয়াৰ এই প্ৰচেষ্টা নিঃসন্দেহে অসমীয়া শিশু-সাহিত্যৰ এক স্মৰণীয় অধ্যায় ৷
 
    ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু-সাহিত্যত শিশুৰ নৈতিক শিক্ষাৰ প্ৰসংগ :
   সুস্থ নৈতিক চৰিত্ৰইহে শিশুৰ সৰ্বাংগীণ বিকাশ সম্পূর্ণ কৰে ৷ শিশুসকলে পুথিগত বিদ্যা অৰ্জন কৰাৰ সমান্তৰালকৈ নৈতিকতাৰ শিক্ষা আহৰণ কৰাটোও অত্যন্ত প্ৰয়োজনীয়, কিয়নো বিদ্যা-বুদ্ধিৰে জ্ঞানৱন্ত লোকো চৰিত্ৰৰ দোষত সমাজৰ চকুত ঘৃণিত হয় ৷ শিশুৱে শৈশৱ অৱস্থাতে গ্ৰহণ কৰা সুস্থ নৈতিক আদৰ্শই সমাজ তথা সভ্যতাৰ উত্তৰণত উপযুক্ত ভূমিকা পালন কৰে ৷

   বৌদ্ধিক বিকাশৰ সমান্তৰালকৈ গঢ় লৈ উঠা সজ নৈতিক চৰিত্ৰইহে শিশুৰ সৰ্বাংগীণ বিকাশ সাধন কৰে ৷ জন্মগত প্ৰবৃত্তি অনুসৰি শিশুৰ স্বভাৱ-চৰিত্ৰত ভিন্নতা লক্ষ্য কৰা যায় ৷ কিন্তু উপযুক্ত নৈতিক শিক্ষাৰে শিশুৰ জন্মগত নেতিবাচক দিশবোৰৰ পৰিৱৰ্তন সাধন কৰি সৎ স্বভাৱ-চৰিত্ৰ গঢ় লৈ উঠাত বিশেষভাৱে সহায় কৰে ৷ শিশু-সাহিত্যিক ভবেন্দ্ৰ নাথ শইকীয়াই শিশুৰ সজ নৈতিক আদৰ্শ গঢ় লৈ উঠাত সমানে গুৰুত্ব আৰোপ কৰি তেখেতৰ শিশু-সাহিত্যত ইবোৰৰ কলাত্মক প্ৰকাশ ঘটাইছে ৷ শিশুৱে কৰ্তব্যবোধ গঢ়ি তুলি, সজ আচৰণৰ প্ৰচেষ্টাৰ দ্বাৰা, কু-অভ্যাস পৰিহাৰ কৰি, আত্মসংশোধনৰ জৰিয়তে, নিজৰ কামৰ বিচাৰ কৰিবলৈ শিকি, আনৰ উপকাৰ সাধন কৰি জানিবলগীয়া সৰু সৰু কথাবোৰ জানি-বুজি লৈ জীৱনত সেইবোৰৰ সু-প্ৰয়োগৰ জৰিয়তে নৈতিক আদৰ্শ গঢ়ি তুলিব পাৰে ৷ ভবেন্দ্ৰ নাথ শইকীয়াই উক্ত দিশবোৰলৈ লক্ষ্য ৰাখি তেখেতৰ শিশু-সাহিত্যত শিশুৰ গ্ৰহণযোগ্যকৈ নৈতিক শিক্ষাৰ প্ৰসংগ উপস্থাপন কৰিছে ৷
 
   কৰ্তব্যবোধ নৈতিকতাৰ এক প্ৰধান দিশ ৷ সৰুৰে পৰাই গঢ় লৈ উঠা কৰ্তব্যনিষ্ঠাই শিশুক সমাজত তথা পৰিয়ালত নিজৰ প্ৰস্থিতি উপলব্ধি কৰায় ৷ কৰ্তব্যনিষ্ঠাৰ জৰিয়তে শিশুৰ মনত এক ধৰণৰ দায়িত্ববোধৰো জন্ম হয় ৷ শিশুৰ নৈতিকতাৰ এই বিশেষ দিশটোৰ প্ৰসংগ লেখকে উপদেশ প্ৰদানৰ জৰিয়তে অথবা কৌশলেৰে তেখেতৰ শিশু-সাহিত্যত উত্থাপন কৰিছে ৷ তলৰ উদাহৰণকেইটাই এই কথা স্পষ্ট কৰি তুলিব৷
    ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘তোমালোকৰ ভাল হওক’ গ্ৰন্থখনৰ অন্তৰ্গত ‘ৰাখিব পৰা সৰু সৰু প্ৰতিজ্ঞা’, ‘তোমালোক নিজেই নিজৰ বনকৰা ল’ৰা-ছোৱালী হোৱা’, ‘ইটো আন, সিটো আন’, ‘ঘৰুৱা কাম নিজে কৰিবলৈ লোৱা’ শীৰ্ষক লেখাকেইটাত শিশুৰ কৰ্তব্যবোধ গঢ়ি তোলাৰ লগতে তেওঁলোকক নৈতিক শিক্ষা প্ৰদান কৰাৰ প্ৰচেষ্টা পৰিলক্ষিত হয় ৷

  ‘ৰাখিব পৰা সৰু সৰু প্ৰতিজ্ঞা’ নামৰ লেখাটোত ডায়েৰী লিখাৰ অভ্যাস গঢ়ি তুলিবৰ বাবে লেখকে শিশুসকললৈ পৰামৰ্শ আগবঢ়াইছে ৷ অন্য দেশৰ মানুহে বছৰৰ প্ৰথম দিনটোত নতুনকৈ কিবা এটা কাম আৰম্ভ কৰাৰ সংকল্প লোৱাৰ কথা প্ৰসংগক্ৰমে উল্লেখ কৰি ভবেন্দ্ৰ নাথ শইকীয়াই আমাৰ শিশুসকলকো তেওঁলোকে ৰাখিব পৰাকৈ তেনে ধৰণৰ সংকল্প ল’বলৈ পৰামৰ্শ দিছে ৷ এনে ধৰণৰ সৰু সৰু প্ৰতিজ্ঞাবোৰৰ কথা উল্লেখ কৰি তেখেতে কৈছে—
   “ধৰি লোৱা, আজিৰ পৰা পঢ়া মেজত পিয়াহ লাগিলে মই কাকো পানী এগিলাচ খুজি নিচিঞৰোঁ, নিজে উঠি গৈ পানী খাই আহিম; — আজিৰ পৰা কাপোৰ সলালে মোৰ নিজৰ কাপোৰ নিজে জাপি থ’ম;— আজিৰ পৰা কিতাপৰ পাত লুটিয়াবলৈ আঙুলিত থু নলগাওঁ; — আজিৰ পৰা মই ৰাতিপুৱা কোনোবাই এবাৰ মাতিলেই বিছনাৰ পৰা উঠি আহিম; — এইবোৰ— এইবোৰতো একোটা প্ৰতিজ্ঞা৷ দেখাত সৰু হ’লেও এইবোৰ আচলতে বৰ ডাঙৰ প্ৰতিজ্ঞা; তোমালোকে ৰাখিব পৰা প্ৰতিজ্ঞা৷’’
………………….
   লেখকৰ এই উক্তিৰ মাজেৰে শিশুৰ কৰ্তব্যবোধ গঢ়ি তোলাৰ প্ৰচেষ্টা পৰিলক্ষিত হয় ৷ সেইদৰে ‘ঘৰুৱা কাম নিজে কৰিবলৈ লোৱা’ লেখাটোত লেখকে দৈনন্দিন কৰিবলগীয়া কামবোৰৰ বাবে শিশুসকলক পিতৃ-মাতৃ তথা বাই-ভনীৰ ওপৰত নিৰ্ভৰ নকৰি নিজে সেইবোৰ কৰিবলৈ উপদেশ দিছে ৷ বহুতো ল’ৰা-ছোৱালীয়ে আকৌ ঘৰত থকা সিহঁতৰ সমবয়সৰ বনকৰা ল’ৰা-ছোৱালীৰ ওপৰতো অতিমাত্ৰা কতৃত্ব খটুৱায় ৷ এনে কৰা উচিত নহয় ৷ কিবা দুখত বা কষ্টত পৰিহে যে সিহঁতে আনৰ ঘৰত বন কৰিবলৈ আহিবলগীয়া হয়, সেই কথা লেখকে সুন্দৰকৈ বুজাই দিছে ৷ ভৱিষ্যতে নিজৰ জীৱন সুচাৰুৰূপে চলাই নিবলৈ হ’লে সৰুৰে পৰাই নিজৰ লগতে ঘৰখনৰো সৰু সৰু কামবোৰ নিজে কৰিবলৈ চেষ্টা কৰিব লাগে ৷ তেতিয়া যিকোনো পৰিস্থিতিতে মানুহ বিপদত পৰিবলগীয়া নহয় ৷ গতিকে শিশুসকলেও নিজৰ প্ৰয়োজনীয় কামবোৰ নিজে কৰি কৰ্তব্যবোধ গঢ়ি তুলিবলৈ চেষ্টা কৰা উচিত ৷

   ‘মহাদুষ্টৰ দুষ্টবুদ্ধি’ গ্ৰন্থখনৰ ৬৯ সংখ্যক গল্পটোত কৰ্তব্যবোধৰ আদৰ্শ প্ৰকাশ পাইছে ৷ গল্পটোত দেখা যায় — দুলু-বুলুৱে ঘৰুৱা কামৰ দায়িত্ব নিজৰ মাজত ভগাই লৈছে ৷ দুলুৱে ৰাতি গে’টত তলা মাৰে আৰু বুলুৱে আঠুৱা তৰে ৷ গল্পটোত অৱশ্যে সিহঁতৰ দুষ্ট বুদ্ধিৰ কাৰ্যকলাপৰ বৰ্ণনাৰ মাজেৰে নিজৰ কাম নিজে কৰাটোৱেই যে উত্তম, সেই শিক্ষা প্ৰকাশ পাইছে ; কিয়নো গল্পটোত বুলুৱে এবাৰ খঙতে দুলুত প্ৰতিশোধ ল’বলৈ সিহঁতৰ বিছনাৰ আঠুৱাখন তৰিলে যদিও বেৰৰ চুকৰ ফালে মহ সোমাব পৰাকৈ এটা ডাঙৰ ফুটা ৰাখি থ’লে ৷ সি কিন্তু মাকৰ লগতে শুলেগৈ ৷ দুলুক সেইদিনা কেইবাঠাইতো মহে কামুৰিলে ৷ তাৰ পি‍ছদিনা সি নিজে আঠুৱা তৰিলে, ভালকৈ খুঁচিও ল’লে ৷২

   দুলুৰ এই কাৰ্যই প্ৰত্যেকেই নিজৰ কাম যে নিজে কৰাটো উচিত সেই নীতিশিক্ষাকে প্ৰদান কৰে ৷
   সজ আচৰণৰ প্ৰচেষ্টা নৈতিকতাৰ আন এটি বিশেষ দিশ ৷ অসৎ ব্যৱহাৰ পৰিহাৰ কৰি সজ আচৰণ কৰিবলৈ শিকিলে শিশুৰ নৈতিক চৰিত্ৰ সবল হয় ৷ ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু-সাহিত্যত সজ আচৰণৰ নীতিশিক্ষা প্ৰত্যক্ষ কৰা যায় ৷ শিশুৰ মনোজগতত ক্ৰিয়া কৰা বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত ভবেন্দ্ৰ নাথ শইকীয়াই সৎ আদৰ্শেৰে তেখেতৰ শিশু-সাহিত্যত নীতিবচনমূলক উপদেশ প্ৰদান কৰিছে ৷ ‘তোমালোকৰ ভাল হওক’ গ্ৰন্থখনৰ ‘ছাত্ৰ নামটোৰ সন্মান’, ‘আমাক যুদ্ধ নালাগে’ শীৰ্ষক লেখা দুটাত সজ আচৰণৰ জৰিয়তে শিশুৰ নৈতিক চৰিত্ৰ গঢ়াৰ প্ৰসংগ উত্থাপিত হৈছে ৷

  ‘ছাত্ৰ নামটোৰ সন্মান’ নামৰ লেখাটোত লেখকে কৈছে যে কিছুমান ল’ৰা-ছোৱালীয়ে ‘ছাত্ৰ’ শব্দটোৰ সুবিধা লৈ অসৎ মনোভংগীৰে বেয়া কাম কৰা দেখা যায় ৷ উক্ত লেখাটোত তেখেতে নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ কথাই প্ৰকাশ কৰিছে ৷ এবাৰ কেইজনমান ল’ৰাই গোটেই ৰাস্তাটো অধিকাৰ কৰি খোজকাঢ়ি গৈ আছিল ৷ তেনেতে লেখকে গাড়ী পাৰ কৰিব নোৱাৰি সিহঁতৰ ওচৰত গাড়ীখন ৰখাই ক'লে —‘‘তোমালোকে অলপ কাষেৰে গ’লে আনৰ সুবিধা হয়৷” তেতিয়া এজন ল’ৰাই ক’লে, “আমি ষ্টুডেণ্ট্৷” মন কৰিবলগীয়া যে ষ্টুডেণ্ট্ হ’ল বুলিয়েই ৰাজহুৱা স্থানত যিকোনো ধৰণৰ বেয়া আচৰণ কৰাটো মুঠেই উচিত নহয়৷ এই নৈতিক শিক্ষা শিশুসকলে আহৰণ কৰি নিজেও সজ আচৰণৰ প্ৰয়াস কৰাটো প্ৰয়োজনীয় ৷ নহ’লে ইয়াৰ বিপৰীত আচৰণ সমাজৰ বাবে অহিতকৰহে হ’ব ৷ লেখাটোৰ জৰিয়তে শিশু-সাহিত্যিকগৰাকীয়ে শিশুসকলক নৈতিক সচেতনতাৰ এই শিক্ষা প্ৰদান কৰি কৈছে —
“ছাত্ৰ-ছাত্ৰীক সকলোৱে মৰম কৰে, তেওঁলোকক আমি সকলোৱে বহুতো সুবিধাও দিওঁ, কিন্তু তেওঁলোকে বাটে-ঘাটে দেখদেখকৈ‍ অশোভনীয় কাম কৰি সেই দোষৰ পৰা সাৰিবলৈ 'ছাত্ৰ' শব্দটো ব্যৱহাৰ কৰিব লাগেনে ! 'ছাত্ৰ' হিচাপে তেওঁলোকে ভাল সুবিধাবোৰহে ল’ব লাগে ৷ কোনোবাই তেনেকৈ 'ছাত্ৰ' শব্দটো ব্যৱহাৰ কৰিলে গোটেই ছাত্ৰ সমাজৰেই বদনাম নহয়নে? .......... ৷ তোমালোকৰ যিসকলে আচল ছাত্ৰ হৈ ভাল পোৱা, তেওঁলোকে চেষ্টা কৰিবা — তে‍নেকুৱা ঘটনা চকুৰ আগতে ঘটাই কোনো 'ছাত্ৰ' যাতে সাৰি যাব নোৱাৰে৷”

 এনেদৰে ‘মৰমৰ দেউতা’ নামৰ কিশোৰৰ উপযোগী উপন্যাসখনতো বিপুলৰ যি‍ নৈতিক অধঃপতিত ৰূপৰ প্ৰতিফলন ঘটিছে, তাৰ জৰিয়তে অসৎ মানসিক আচৰণৰ সাৰ্থক নিদৰ্শন ফুটি উঠিছে ৷ বিপুলৰ খিংখিঙীয়া স্বভাৱ, অভদ্ৰ আচৰণে মাক-দেউতাকৰ মনৰ শান্তি নোহোৱা কৰিছিল ৷ উপন্যাসখনৰ এঠাইত দেখা যায় — স্কুললৈ দেৰি হ’ব বুলি ভাবি ভনীয়েক ৰাণীয়ে বিপুলৰ কিতাপ-বহী বেগত ভৰাই থৈছিল ৷ উগ্ৰ স্বভাৱৰ বিপুলে এই কথা জানিব পাৰি মাক আৰু ভনীয়েকৰ লগত কাজিয়া কৰি যি কাণ্ড কৰিলে, সেইটো ঘটনাৰ বৰ্ণনাৰ পৰাই বিপুলৰ স্বভাৱৰ ইংগিত লাভ কৰিব পাৰি ৷ উপন্যাসখনত প্ৰথমাৱস্থাত লেখকে কৈশোৰৰ অপৰাধপ্ৰৱণতাৰ বলি হোৱা ‘বিপুল’ চৰিত্ৰটোৰ উগ্ৰ আচৰণৰ প্ৰতিফলন ঘটাই শেষত চৰিত্ৰটোৰ যি ইতিবাচক পৰিৱৰ্তন দেখুৱাইছে, তাৰ দ্বাৰা নৈতিক সচেতনতাৰ শিক্ষা উপলব্ধি কৰিব পাৰি ৷ সজ আচৰণে শিশুক নম্ৰ গুণৰ অধিকাৰী কৰি তোলাৰ লগতে সকলোৰে প্ৰিয় কৰি তোলে ৷ নিজৰ ব্যৱহাৰৰ জৰিয়তে আনৰ আদৰ-সন্মান পাবলৈ হ'লে নৈতিকতাৰ এই শিক্ষা গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয় ৷
 
    কু-অভ্যাস পৰিহাৰ কৰি সু-অভ্যাস গঢ়ি তুলিলেহে শিশু সজ নৈতিক চৰিত্ৰৰ অধিকাৰী হয় ৷ শিশুৰ চৰিত্ৰৰ এই বিশেষ দিশটোলৈ লক্ষ্য ৰাখি ভবেন্দ্ৰ নাথ শইকীয়াই তেখেতৰ শিশু-সাহিত্যত সু-অভ্যাস গঠনৰ বাবে শিশুসকলক আৱশ্যকীয় উপদেশ প্ৰদান কৰিছে ৷ ‘তোমালোকৰ ভাল হওক’ শীৰ্ষক গ্ৰন্থখনৰ ‘নিজৰ নামত লোকে লিখা কথা’, ‘কিছুমান অভ্যাস নাইকিয়া কৰিব পাৰি’, ‘ইটো নাখাওঁ সিটো নাখাওঁ’ লেখাকেইটাৰ মাজেৰে শিশুৰ সু-অভ্যাস গঠনৰ ক্ষেত্ৰত উপযুক্ত নীতি-শিক্ষা পৰিলক্ষিত হয়৷ উদাহৰণ স্বৰূপে ‘নিজৰ নামত লোকে লিখা কথা’ শীৰ্ষক লেখাটো পঢ়ি চালে দেখা যায় — কোনো কোনো ল'ৰা-ছোৱালীয়ে লোকে লিখা গল্প বা কবিতা নিজৰ নামত প্ৰকাশৰ বাবে পঠিয়ায় ৷ ছপা আখৰত নিজৰ নামটো দেখাৰ হেঁপাহতে তেওঁলোকে এনে চুৰি কাৰ্য কৰে ৷ এনেধৰণৰ চিন্তা-চৰ্চা বা কাম কৰাটো যে অনুচিত, সেই কথা ভবেন্দ্ৰনাথ শইকীয়াই শিশুসকলক উক্ত লেখাটোৰ জৰিয়তে সুন্দৰকৈ বুজাই দিছে ৷ তেখেতে কৈছে যে অসৎ উপায়েৰে সমাজত পৰিচিত হ’বলৈ গ’লে নিজৰ লগতে সমাজৰো ক্ষতিসাধন হয় ৷ তাৰ বিপৰীতে ভাল কামৰ জৰিয়তে খ্যাতি লাভ কৰিলে সকলোৰে উপকাৰ হয় ৷ সেইবাবে বেয়া অভ্যাস পৰিত্যাগ কৰি শিশুসকলে ভাল কৰ্মৰ জৰিয়তে সুনাম অৰ্জন কৰিবলৈ চেষ্টা কৰিব লাগে ৷ তেনেদৰে ‘কিছুমান অভ্যাস নাইকিয়া কৰিব পাৰি’ নামৰ লেখাটোত বাটে-ঘাটে, য’তে-ত’তে থু পেলোৱাৰ দৰে কু-অভ্যাসবোৰ যে চেষ্টা কৰিলেই নোহোৱা কৰিব পাৰি, সেই নীতি-শিক্ষা শিশুসকলক প্ৰদান কৰিছে ৷
 
   কিছুমান ল'ৰা-ছোৱালীয়ে খোৱাৰ সময়ত ইটো নাখাওঁ, সিটো নাখাওঁকৈ অভিভাৱকক বৰ আমনি কৰে ৷ কেতিয়াবা আনৰ ঘৰলৈ ফুৰিবলৈ গ'লেও ল'ৰা-ছোৱালীৰ এনে অভ্যাসেই মাক-দেউতাকক বিমোৰত পেলায় ৷ এনে অভ্যাসে শিশুক সু-স্বাস্থ্যৰ অধিকাৰী হোৱাতো বাধা দিয়ে ৷ ভবেন্দ্ৰ নাথ শইকীয়াই ‘ইটো নাখাওঁ সিটো নাখাওঁ’ নামৰ লেখাটোত শিশুসকলৰ এই অভ্যাস নাইকিয়া কৰিবলৈ আৰু শৰীৰৰ বাবে উপকাৰী সকলো খাদ্য খাবলৈ পৰামৰ্শ আগবঢ়াইছে ৷ অৱশ্যে কিছুমান বস্তু কোনোবাই একেবাৰে খাব নোৱাৰে ৷ কিন্তু যিসকলে এনেয়ে খোৱাৰ সময়ত ওজৰ-আপত্তি কৰে, তেওঁলোকে যাতে সেই অভ্যাস পৰিত্যাগ কৰি শৰীৰৰ উপযোগী খাদ্য খাবলৈ আগ্ৰহী হয়, লেখাটোৰ জৰিয়তে লেখকে এই বক্তব্যকে দাঙি ধৰিছে ৷

 ‘ককাদেউতাৰ চিঠি’-ৰ অন্তৰ্গত ২ নং চিঠিখনতো এই নীতি-শিক্ষাৰ প্ৰসংগই ঠাই পাইছে ৷

‘আশা কৰোঁ তোমালোক সকলো ভালে আছা’ ৰচনাৰাজিৰ অন্তৰ্গত ৫ নং চিঠিখনত অভ্যাসৰ দ্বাৰা যে নিজে কৰা ভুলবোৰ শুধৰাব পাৰি, সেই কথা উল্লেখ কৰিছে ৷ 'সঁফুৰা' আলোচনীখনত এবাৰ অনাকাংক্ষিতভাৱে হোৱা এটা ভুল কাৰ্যৰ বিৱৰণ দাঙি ধৰি প্ৰসংগক্ৰমে সেই ভুলৰ শুধৰণিৰ কথা ক'বলৈ গৈ ভবেন্দ্ৰ নাথ শইকীয়াই শিশুসকলক উদ্দেশ্যি কৈছে— "ভুল মানুহৰ হয়ে" ৷ কিন্তু এইষাৰ কথাৰ আশ্ৰয় লৈ মানুহে ভুল কৰি থাকিব নালাগে ৷ ধৰি লোৱা তোমাৰ এটা বেয়া শব্দ কৈ থকাৰ অভ্যাস আছে ৷ এইটো তোমাৰ ভুল কাম ৷ কিন্তু তুমি চেষ্টা কৰিলেই এই ভুল শুধৰাব পাৰা ৷ এবাৰ ক'বলৈ এৰি দিলেই গোটেই জীৱনলৈ সেই বেয়া শব্দটো তোমাৰ মুখৰ পৰা আঁতৰি যাব পাৰে ৷

    সু-অভ্যাসে শিশুৰ ব্যক্তিত্বক প্ৰভাৱিত কৰে ৷ গতিকে শৈশৱ অৱস্থাৰ পৰাই শিশুৱে সৎ অভ্যাসৰ অনুশীলন কৰিলেহে ভৱিষ্যৎ জীৱনত ইয়াৰ কাৰ্যকাৰীতা উপলব্ধি কৰিব পাৰিব ৷

   নৈতিকতাৰ আন এক উল্লেখযোগ্য দিশ হ'ল— আত্মসংশোধন ৷ জ্ঞাতে-অজ্ঞাতে কোনো ভুল কাম কৰিলেও পৰৱৰ্তী সময়ত উচিত-অনুচিত বিচাৰ-বিৱেচনাৰ জৰিয়তে আত্মসংশোধন কৰিব পৰাটো শিশুসকলৰ বাবে এটি ভাল গুণ ৷ আত্মসংশোধনে শিশুৰ নৈতিক চৰিত্ৰ সুদৃঢ় কৰি তোলে ৷ শিশুৰ প্ৰতিটো প্ৰয়োজনলৈ দৃষ্টি ৰাখি গ্ৰন্থ ৰচনা কৰা শিশু-সাহিত্যিক ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু-সাহিত্যত আত্মসংশোধনৰ প্ৰসংগ দৃষ্টিগোচৰ হয় ৷

'শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট' গ্ৰন্থখনত এই বিশেষ দিশটোৰ উল্লেখ দেখা যায় ৷ গ্ৰন্থখনৰ প্ৰথম কাণ্ডত বাপুহঁতে গাড়ীৰ নম্বৰ লিখি ৰখাৰ যি অভিনৱ খেল খেলিছিল আৰু সেই খেলত ভুলুৱে অন্যমনষ্ক হৈ হাঁহি-ধেমালি কৰি নম্বৰ ভুলকৈ টুকি ৰখাৰ যি ভুল কৰিছিল, সেই ভুলে কিদৰে সিহঁতৰ জীৱনলৈ এক প্ৰকাৰৰ অকল্পনীয় পৰিস্থিতি কঢ়িয়াই আনিছিল, সেই কথা উপলব্ধি কৰিব পাৰি শেষত ভুলুৱে নিজৰ ভুল বুজি উঠিছে—

ভুলু— “মোৰ ভুল হোৱাৰ কাৰণেহে এতিয়া ইমান ডাঙৰ গণ্ডগোল হ'ব ৷”

    গ্ৰন্থখনত ভুলুৰ স্বীকাৰোক্তিয়ে চৰিত্ৰটোৰ মহানতাৰ আভাস দিয়ে ৷ সেইদৰে শিশুসকলেও নিজৰ ভুলৰ সংশোধন কৰি মহানতাৰ পৰিচয় দিব পাৰে ৷
    তেনেদৰে 'মৰমৰ দেউতা' উপন্যাসত নিজৰ উদণ্ড স্বভাৱেৰে কৰা ভুলবোৰৰ কথা বুজি উঠি শেষত বিপুলে অনুশোচনাৰ জৰিয়তে আত্মসংশোধনৰ প্ৰয়াস কৰিছে এইদৰে— "মোক ভাল কৰি দিয়ক ছাৰ ৷ মোৰ ভৰিটো নকটাকৈয়ে মোক ভাল কৰি দিয়ক ৷ মই আৰু কেতিয়াও এনেকুৱা নকৰোঁ ৷”
   আত্মসংশোধনৰ দৰে নিজৰ কামৰ বিচাৰ কৰি চাবলৈ শিকাটো শি‍শুসকলৰ এটি ভাল অভ্যাস ৷ এনে অভ্যাসে নিজৰ কামৰ ভাল-বেয়া, শুদ্ধ-অশুদ্ধ বিচাৰ কৰিবলৈ শিশুক অৱকাশ দিয়ে ৷ ‘তোমালোকৰ ভাল হওক’ গ্ৰন্থখনৰ ‘নিজৰ কামৰ বিচাৰ’ শীৰ্ষক লেখাটোত লেখকে এই প্ৰসংগৰ অৱতাৰণা কৰিছে ৷ লেখাটোত তেখেতে কৈছে— “‘সঁফুৰা’ আলোচনীলৈ বহুতো ল'ৰা-ছোৱালীয়ে নিজৰ লেখা প্ৰকাশৰ বাবে পঠিয়ায় ৷ কিন্তু কোনো কোনো ল'ৰা-ছোৱালীৰ লেখাই উপযুক্ত বিৱে‍চিত নোহোৱাৰ বাবেই প্ৰকাশৰ মুখ নেদেখে ৷ সেইবাবে বহুতে সম্পাদকলৈ তেওঁলোকৰ লেখা কিয় প্ৰকাশ নকৰিলে, গাঁৱৰ ল'ৰা-ছোৱালী বুলিয়েই ছপা কৰিবলৈ আপচুচ কৰে নেকি ইত্যাদি নানান প্ৰশ্ন পঠিয়ায় ৷ আচলতে নিজৰ কামৰ উপযুক্ততা বিচাৰ নকৰাকৈয়ে শিশুসকলে কৰা এনে ধৰণৰ প্ৰশ্নবোৰ যে অমূলক, সেই কথা প্ৰকাশ কৰি শইকীয়াই কৈছে— “নিজে কৰা কাম ভাল হৈছে বুলি প্ৰায় সকলো মানুহে ভাবে ৷ কিন্তু হাজাৰ হাজাৰ মানুহৰ মানত সেই কামটো ভাল হৈছেনে নাই, সেইটো বিচাৰ সকলো মানুহে সদায় নিজে কৰিব নোৱাৰে ৷ নিজৰ কামৰ গুণেৰে আগবাঢ়িব নোৱৰা কিছুমান মানুহে পিচ পৰি থকাৰ কাৰণে লোকক দোষ দিবলৈ চেষ্টা কৰে ৷”
    নিজৰ কৰ্মৰ মানদণ্ড বিচাৰ কৰি চাইহে মানুহে সেই সম্পৰ্কে মন্তব্য প্ৰকাশ কৰিব লাগে, নৈতিকতাৰ এই শিক্ষাটো শিশুসকলে নিষ্ঠাৰে আহৰণ কৰিবলৈ চেষ্টা কৰা উচিত৷
   সেইদৰে 'কি ভুল কৰিছিলা, জানিবলৈ চেষ্টা কৰিবা' নামৰ লেখাটোতো লেখকে নিজৰ কামৰ বিচাৰ কৰি চোৱাৰ কথা উদাহৰণ সহকাৰে উল্লেখ কৰিছে ৷ সাধাৰণতে দেখা যায়, কিছুমান ল'ৰা-ছোৱালীয়ে পৰীক্ষাৰ বহীবোৰ ঘূৰাই দিলে বেয়া পায় আৰু কিছুমানে গালি পৰাৰ ভয়ত মাক-দেউতাকক বহীবোৰ নেদেখুৱায় ৷ কিন্তু তেনে কাম কৰিলে শিশুৱে নিজৰ ভুলবোৰ জানিবলৈ সুযোগ নাপায় ৷ গতিকে নিজৰ ভুল জানিবলৈ তাক পুনৰ নীৰিক্ষণ কৰাটো প্ৰয়োজনীয় ৷ উক্ত লেখাটোৰ জৰিয়তে লেখকে এই নীতি-শিক্ষাকে প্ৰদান কৰিছে ৷

   আনৰ উপকাৰ সাধনৰ প্ৰচেষ্টাৰে শিশুৱে নিজৰ নীতি-আদৰ্শৰ পৰিচয় দিব পাৰে। বিপদত অথবা প্ৰয়োজনত অসহায়জনক উপকাৰ কৰাটো মানুহৰ এটি মহৎ গুণ। এই গুণ আয়ত্ব কৰিলে শিশুসকলে বহুপ্ৰকাৰে লাভৱান হ'বলৈ সক্ষম হ'ব। ভবেন্দ্ৰ নাথ শইকীয়াই শিশুৰ নৈতিকতা গঠনৰ ক্ষেত্ৰত এনে দিশবোৰতো গুৰুত্ব আৰোপ কৰিছিল। ‘আশাকৰোঁ তোমালোক সকলো ভালে আছা’ শীৰ্ষক ৰচনাৰাজিৰ ৩ নং চিঠিখনত তেখেতে দেখুৱাইছে - একেখন ঘৰৰে ককায়েক-ভায়েক, বায়েক-ভনীয়েকৰ মাজতো স্বভাৱ-চৰিত্ৰ তথা জ্ঞান-বুদ্ধিৰ পাৰ্থক্য থাকে। তেনে ক্ষেত্ৰত পঢ়া-শুনাত চোকাজনে পঢ়া-শুনাত অলপ বেয়াজনক নিজৰ চেষ্টাৰে আগবঢ়াই নিবলৈ প্ৰয়াস কৰা উচিত। কিয়নো সৰুতে পঢ়া-শুনাত বেয়া ল'ৰা-ছোৱালীয়েও পাছলৈ যত্ন কৰি নিজৰ অন্য গুণৰ বলত সমাজত খ্যাতি অৰ্জন কৰিবগৈ পাৰে। সেইবাবে নিজৰ ভাই-ককাইৰ দুৰ্বল দিশবোৰ উপযুক্ত সময়তে আঙুলিয়াই দিলে তেওঁলোকৰ যে কিমান উপকাৰ হ’ব সেই কথা শিশুসকলে ভাবিবলৈ শিকিব লাগে। উক্ত লেখাটোত ভবে‍ন্দ্ৰ নাথ শইকীয়াই এই প্ৰসংগত শিশুসকলক উদ্দেশ্যি মূল্যবান মন্তব্য আগবঢ়াইছে। 

   তেনেদৰে ১০নং চিঠিখনতো লেখকে শিশুসকলক তেওঁলোকৰ ঘৰত থকা বনকৰা ল'ৰা-ছোৱালীক অযথা কামত নলগাবলৈ উপদেশ প্ৰদান কৰিছে। UNICEF নামৰ সংস্থাটোৱে গুৱাহাটীৰ তিনিদিনীয়া অনুষ্ঠানত শিশু-শ্ৰমিকৰ বিৰোধিতা কৰি সকলোকে শিশু-শ্ৰমৰ বিৰুদ্ধে পদক্ষেপ ল'বলৈ আহ্বান জনাইছিল। চিঠিখনত এই বিষয়ে উল্লেখ কৰি শিশু-সাহিত্যিকগৰাকীয়ে বনকৰা ল'ৰা-ছোৱালীৰ উপকাৰ সাধন কৰিবলৈ পৰামৰ্শ আগবঢ়াই কৈছে
‘আজি যদি সেই প্ৰস্তাৱটোৰ মতে এই সৰু ল'ৰা-ছোৱালীহঁতক কামৰ পৰা আঁতৰাই পঠোৱা হয়, তেনেহ'লে তেওঁলোকে খাবলৈ পাবনে? পিন্ধিবলৈ কাপোৰ পাবনে? পঢ়িবলৈ সুবিধা পাবনে?.....তোমালোকে হয়তো উপায় উলিয়াব নোৱাৰিবা, কিন্তু ভাবিবা। কৰাৰ ভিতৰত তোমালোকে এটা কাম কৰিব পাৰা। তোমালোকৰ কামত নখটুৱাবা! আৰু যেতিয়াই সুবিধা পোৱা তেতিয়াই তেওঁলোকক পঢ়িবলৈ আৰু লিখিবলৈ শিকাবা।”১০

  মানুহ হিচাপে সকলোকে সমমৰ্যাদা প্ৰদান কৰি লেখকে শিশুসকললৈ যি বহুমূলীয়া পৰামৰ্শ আগবঢ়াইছে, সিয়ে লেখকৰ উদাৰতা আৰু মহানতাৰ পৰিচয় দি‍ছে।
ঠিক একেদৰে ‘পদ্যৰ ধেমালি’-ৰ অন্তৰ্নিহিত ‘সৰস্বতী আইলৈ অনুৰোধ’ শীৰ্ষক কবিতাটোৰ শেষৰ দফাত শিশুৰ নৈতিক দায়িত্ব সুন্দৰকৈ প্ৰতিফলিত হৈছে। যথা
― 
   সৰস্বতী পূজাৰ দিনা এগৰাকী ছোৱালীয়ে নিজৰ আজলী ভনীয়েকৰ মংগল কামনাৰে সৰস্বতী মাতৃক প্ৰাৰ্থনা জনাইছে। ভনীয়েকৰ প্ৰতি থকা চিন্তাৰ মাজেৰে ছোৱালীজনীৰ পৰোপকাৰৰ মনোভাৱ সুন্দৰকৈ ফুটি উঠিছে। উদাহৰণ স্বৰূপে

"মোৰ এজনী ভনী আছে
         বুইছা সৰস্বতী আই
তাইৰ সমান আঁকৰী-বেঙী
         এই পৃথিৱীত নাই।
কিতাপত তাই ছবি আঁকে
        বহীখন চাই ABCD পঢ়ে
বজাৰৰ মোনাত কাঁহী-বাটি‍ লৈ
         স্কুললৈ যাব খোজে।
স্কুললৈ গৈ তাই কি যে কৰিব
         নেদেখাজনেহে বুজে।
........
অহা বছৰত তোমাৰ খাবলে
 
           যি মন যায় ক'বা
           যি মন যায় খাবা।
কিন্তু মোৰ ভনীজনী স্কুললৈ গ'লে
            অ' সৰস্বতী আই
 
            তুমি তাইক অকণমান চাবা।"

     পৰোপকাৰ গুণৰ অধিকাৰী হ'লে মানুহ সকলোৰে প্ৰিয়পাত্ৰ হয়। শিশুসকলেও এই গুণ আয়ত্ব কৰি নিজকে সকলোৰে প্ৰিয় কৰি তুলিব পাৰে। সমাজহিতৈষী এই গুণ নৈতিকতাৰ অন্যতম প্ৰচেষ্টা। ই শিশুক সামাজিকভাৱে দায়বদ্ধ কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰে। 
      যিকোনো কথা বুজিবলৈ চেষ্টা কৰাটো শিশুসকলৰ এটি উল্লেখযোগ্য গুণ। কোনো কথা নুবুজাকৈ যিকোনো ধৰণৰ পদক্ষেপ লোৱা উচিত নহয়। যিকোনো পৰিস্থিতি নিজৰ বিচাৰ-বুদ্ধিৰে বুজি লৈহে সেই অনুসৰি কাৰ্য কৰা উচিত। মাক-দেউতাক, বায়েক-ভায়েক, শিক্ষাগুৰুসকলে কোনো উপদেশ দিলে অথবা কোনো কথা বুজালে তাক হৃদয়ংগম কৰি কাৰ্যত পৰিণত কৰিবলৈ চেষ্টা কৰিব লাগে। এনে প্ৰচেষ্টাই শিশুৰ বোধশক্তি জন্মায়। ‘তোমালোকৰ ভাল হওক’ গ্ৰন্থখনৰ ‘দুখীয়া মা-দেউতা আৰু টিভি’ শীৰ্ষক লেখাটোৰ পৰা শিশুৱে এই নীতিশিক্ষা আহৰণ কৰিব পাৰে। লেখাটোত দেখা যায় যে, কিছুমান ল'ৰা-ছোৱালীয়ে ঘৰত টিভি কিনিবলৈ সামৰ্থ্য নথকাৰ বাবে মাক-দেউতাকক অত্যন্ত হেঁচা দিয়ে। তদুপৰি আনৰ ঘৰলৈ গৈও টিভি চায়। এইটো আচলতে মুঠেই ভাল কথা নহয়। টকা-পইচাৰ অভাৱত পৰিয়েই হয়তো মাক-দেউতাকে টিভি এটা গোটাই দিব পৰা নাই! এই কথাবোৰ ল'ৰা-ছোৱালীয়ে দেখি-শুনি বুজি পাব লাগে। কিন্তু তাৰ বিপৰীতে তেওঁলোকে বিভিন্ন কাৰ্যকলাপেৰে যদি মাক-দেউতাকক মানসিক হেঁচা দিয়ে, তেতিয়া হয়তো ল'ৰা-ছোৱালীৰ হেঁপাহ পূৰণ কৰিবলৈ তেওঁলোকে অন্যায়ভাৱে হ'লেও অৰ্থ উপাৰ্জন কৰিবলৈ উদ্যত হ'ব। এইটো একেবাৰে অনুচিত। নিজৰ সামৰ্থ্যৰ কথা জানি-বুজি নোলোৱাকৈ তেনে ঘৰৰ শিশুসকলে কোনো বস্তুৰ প্ৰয়োজন পূৰাবলৈ মাক-দেউতাকক আমনি দিয়াটো বৰ বেয়া কথা। সেইবাবে ভবে‍ন্দ্ৰ নাথ শইকীয়াই উক্ত লেখাটোৰ জৰিয়তে শিশুক নৈতিকতাৰ এই শিক্ষা প্ৰদান কৰি কৈ গৈছে – “কাকো আমনি নকৰাকৈ টিভি চাবলৈ পালা যদি পালা, নাপালা যদি নাপালা; কিন্তু মাৰা-দেউতাৰাক অন্যায় কৰিবলৈ বাধ্য নকৰিবা। তোমালোকৰ বয়সৰ কত ল'ৰা-ছোৱালী টিভি নোচোৱাকৈ কিমান গুণী-জ্ঞানী হৈছে! কিমানে যে চকুৰে নেদেখেই!”
এইবোৰৰ উপৰিও কিছুমান সৰু সৰু কথাৰ পৰাও শিশুৱে নৈতিক শিক্ষা লাভ কৰিব পাৰে। ভবে‍ন্দ্ৰ নাথ শইকীয়াই তেখেতৰ শিশু-সাহিত্যত তেনে কিছুমান কথাও শিশুৰ উপযোগীকৈ সংযোগ কৰিছে। 'তোমালোকৰ ভাল হওক’ গ্ৰন্থখনৰ 'প্ৰতিযোগিতাৰ পাছত', 'সকলো বন্ধু আচল নহ'বও পাৰে', 'পদ্যৰ ধেমালি'-ৰ অন্তৰ্গত 'গছ ভাল পোৱা ককাৰ খং' শীৰ্ষক লেখাৰ মূল ব্যক্তব্য হৈছে নৈতিক শিক্ষা। এই শিক্ষাৰ জৰিয়তে শিশুৰ নৈতিক দায়িত্ব গঢ় লৈ উঠে। উদাহৰণ স্বৰূপে - 'প্ৰতিযোগিতাৰ পাছত সকলো বন্ধু' শীৰ্ষক লেখাটোত তেখেতে দেখুৱাইছে দুটা দলৰ মাজত হোৱা খেলা-ধূলা অথবা নিৰ্বাচন আদিৰ প্ৰতিযোগিতাত কোনোবা এটা দলহে নিশ্চিতকৈ বিজয়ী হ'ব। কিন্তু সেইবুলিয়ে হৰা দলটোৱে জিকা দলটোৰ প্ৰতি বিৰূপ মনোভাৱ পোষণ কৰিব নালাগে। প্ৰতিযোগিতাৰ পাছত কোনেও কাকো শত্ৰু বুলি ভাবিব নালাগে। শিশুসকলক এই নীতি-শিক্ষা প্ৰদান কৰি লেখকে কৈছে
– “খেল এখন শেষ হোৱাৰ পাছত হৰা-জিকা দুয়োজনে ‘হেণ্ডছে‍ক’ কৰে ৷ খেল-পথাৰৰ বাহিৰত কোনেও কাকো শত্ৰু বুলি ভাবিব নালাগে,— সেইটোৱে ভাল কথা ৷ নিৰ্বাচনৰ পাছতো,— তোমালোকে যাৰ হৈ কাম কৰা নাছিলা, তেওঁলোকৰ প্ৰতি অকণো বেয়া ভাব নাৰাখিবা ৷ ১৩
    সেইদৰে ‘গছ ভাল পোৱা ককাৰ খং’ নামৰ কবিতাটোত লেখকে শিশুক এটি গুৰুত্বপূৰ্ণ নৈতিক শিক্ষা প্ৰদান কৰিছে ৷ আমলখি এজোপা বৰ উপকাৰী গছ ৷ এনেকুৱা উপকাৰী গছবোৰ নিজৰ প্ৰয়োজনৰ স্বাৰ্থত ধ্বংস কৰা অনুচিত ৷ উক্ত পদ্যটোৰ মাজেৰে শিশুসকলক এই উপদেশ প্ৰদান কৰি তেখেতে কৈছে—
    ভাল পালোঁ ৰঘুনাথ 
         তুমি মোক পুতেৰাৰ
         বিয়ালৈ মাতিলা
    পিছে ৰভাখন দিবলৈকে
         আমলখি গছজোপা
         কিয়নো কাটিলা?
    আলহী-অতিথি যাব
         ৰভা নাইকিয়া হ'ব
         বোৱাৰীয়ে ঘৰখন দিবহি পূৰাই,
    পিছে কোৱাচোন ৰঘুনাথ
         আমলখি গছজোপা
         সহজতে পাবানে ঘূৰাই? ১৪

   সহজ-সৰল কাব্যময় ভাষাৰে লেখকে পদ্যটোৰ জৰিয়তে সমাজলৈ এটা গভীৰ অৰ্থবোধক বাৰ্তা প্ৰেৰণ কৰিছে ৷
   এইদৰে শিশুৰ সু-চৰিত্ৰ, সু-অভ্যাস গঠনৰ প্ৰতি লক্ষ্য ৰাখি ভবেন্দ্ৰ নাথ শইকীয়াই তেখেতৰ শিশু-উপযোগী গ্ৰন্থকেইখনত বিভিন্ন দিশৰ নৈতিক শিক্ষা প্ৰদান কৰিছে ৷ এইবোৰ আয়ত্ব কৰি তাক কাৰ্যকৰী কৰিলে শিশুসকল যথেষ্ট উপকৃত হ'ব ৷

প্ৰসংগ সূত্ৰ:
১) ভবেন্দ্ৰ নাথ শইকীয়া, ‘ৰাখিব পৰা সৰু সৰু প্ৰতিজ্ঞা’, তোমালোকৰ ভাল হওক, ড৹ ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু-সাহিত্য সমগ্ৰ, অনন্ত হাজৰিকা (প্ৰকাশক), পৃষ্ঠা ৩৬
২) ভবেন্দ্ৰ নাথ শইকীয়া, মহাদুষ্টৰ দুষ্টবুদ্ধি, উল্লিখিত পৃষ্ঠা ৩০৩
৩) ভবেন্দ্ৰ নাথ শইকীয়া, 'ছাত্ৰ' নামটোৰ সন্মান, তোমালোকৰ ভাল হওক, উল্লিখিত পৃষ্ঠা ৪৩
৪) তদীয়, উল্লিখিত 
৫) তদীয়, উল্লিখিত পৃষ্ঠা ৪৪
৬) ভবেন্দ্ৰ নাথ শইকীয়া, আশা কৰোঁ তোমালোক সকলো ভালে আছা, পূৰ্বোল্লিখিত পৃষ্ঠা ১৫৬
৭) ভবেন্দ্ৰ নাথ শইকীয়া, শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট, উল্লিখিত পৃষ্ঠা ৩৬৮
৮) তদীয়, উল্লিখিত পৃষ্ঠা ৫৫৬
৯) ভবেন্দ্ৰ নাথ শইকীয়া, নিজৰ কামৰ বিচাৰ, তোমালোকৰ ভাল হওক, উল্লিখিত পৃষ্ঠা ৫৫
১০) ভবেন্দ্ৰ নাথ শইকীয়া, আশা কৰোঁ তোমালোক সকলো ভালে আছা, উল্লিখিত পৃষ্ঠা ১৬৩
১১) ভবেন্দ্ৰ নাথ শইকীয়া, সৰস্বতী আইলৈ অনুৰোধ, পদ্যৰ ধেমালি, উল্লিখিত পৃষ্ঠা ২০৯
১২) ভবেন্দ্ৰ নাথ শইকীয়া, দুখীয়া মা-দেউতা আৰু টিভি, তোমালোকৰ ভাল হওক, উল্লিখিত পৃষ্ঠা ১৪২
১৩) তদীয়, প্ৰতিযোগিতাৰ পাছত সকলো বন্ধু, উল্লিখিত পৃষ্ঠা ৫৯
১৪) ভবেন্দ্ৰ নাথ শইকীয়া, গছ ভাল পোৱা ককাৰ খং, পদ্যৰ ধেমালি, উল্লিখিত পৃষ্ঠা ২০৫


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: