Thursday, April 26, 2018

আপোনাৰ সন্তানটিয়ে আপোনাক অনুকৰণ কৰে নেকি?


    শিশু স্বভাৱতে অনুকৰণপ্ৰিয় ৷ ডাঙৰৰ প্ৰতিটো কথা বা কামেই শিশুৱে অনুকৰণ কৰিবলৈ বিচাৰে ৷ ডাঙৰৰ কথা-বতৰা, চলন-ফুৰন, খোৱা- লোৱা আদি সকলো কাৰ্যই শিশুৱে অনুকৰণ কৰে ৷ শিশুৱে বিশেষকৈ পিতৃ-মাতৃৰ প্ৰায়বোৰ কাৰ্য অনুকৰণ কৰিবলৈ বিচাৰে
৷ সেয়ে কেতিয়াবা সৰু ল'ৰাবোৰে দেউতাকৰ দৰে কাপোৰ পিন্ধি গালত তুলা আদিৰ নকল দাঢ়ি-মোচ লগাই দেউতাকৰ দৰে খোজ-কাটল দিয়া বা কথা-বতৰা কোৱা দেখা যায় ৷ ছোৱালীবোৰে মাকৰ চাদৰ-মেখেলা পিন্ধি মাকৰ দৰে সাজে-কাচে ৷ তদুপৰি পুতলাৰ দৰা-কইনা সাজি বিয়া পতা, ভাত ৰন্ধা আদিৰ পৰাই গম পাব পাৰি শিশুৰ মনৰ অনুকৰণশীলতাৰ কথা ৷

শিশুৰ এই অনুকৰণনীলতাই শিশুক যাতে বিপথে পৰিচালিত নকৰে, তাৰ বাবে অগ্ৰজসকলৰ বহু দায়িত্ব আৰু কৰ্তব্য আছে ৷ অগ্ৰজসকলে নিজৰ আচৰণ, কথা-বতৰা, চলন-ফুৰন আদিত চকু দিব লাগিব, যাতে শিশুৱে তেওঁলোকৰ পৰা অনুকৰণৰ নামত ভুল পথে পৰিচালিত নহয় ৷ পৰিয়ালৰ অগ্ৰজসকলে নিজৰ মাজত সদায় ভাল চিন্তা-চৰ্চাহে কৰা উচিত ৷ এনে কৰিলে শিশুৱেও ভাল চিন্তা-চৰ্চা কৰিবলৈ শিকিব ৷ অন্যথা শিশুৱে বেয়া কথাবোৰ আয়ত্ব কৰিবলৈ বেছি সময় নালাগে ৷  সেয়েহে শিশুৰ সন্মুখত কাজিয়া লগা, কাৰোবাক গালি-গালাজ পৰা, অশ্ৰাব্য মাত মতা আদি ত্যাগ কৰিব লাগে ৷

   শিশুৱে দেখাকৈ কেতিয়াও চিগাৰেট, মদ,ভাং আদি খাব নালাগে ৷ ডাঙৰসকলে এইবোৰ খোৱা দেখিলে শিশুৱে ভাবিব যে এইবোৰ নিশ্চয় খোৱাৰ উপযোগী বস্তু আৰু শিশুটিয়েও কম বয়সতে এইবোৰৰ প্ৰতি আসক্ত হৈ উঠিব ৷

 মাত্ৰাধিক খং উঠিলেও এই খং সংযত কৰিবলৈ অগ্ৰজসকলে চেষ্টা কৰিব লাগে ৷ খঙৰ প্ৰকোপত আনক মাৰ-ধৰ কৰা, গালি পৰা, বস্তু ভঙা বা দলিওৱা আদি কৰিব নালাগে ৷ শিশুৱেও সহজতে এইবোৰ কাৰ্য ডাঙৰৰ পৰা শিকি ল'ব ৷ সেয়ে অগ্ৰজসকল অত্যন্ত সংযমী হোৱা উচিত ৷

   অগ্ৰজসকল যথেষ্ট নম্ৰও হোৱা উচিত ৷ কথা কওঁতে কঠোৱা বা খিংখিঙীয়া মাতেৰে কেতিয়াও ক'ব নালাগে ৷ শিশুৱেও এইবোৰ শিকি ল'ব পাৰে ৷

  গতিকে ক'ব পাৰি—  শিশুৰ ভৱিষ্যৎ নিৰ্ণয়ত পিতৃ-মাতৃ বা অগ্ৰজসকলৰ ভূমিকা তথা দায়িত্ব অপৰিসীম ৷ শিশুৰ মনক এখন বগা, উকা কাগজ বুলি ভবা হয় ৷ উকা, বগা কাগজখনত আমি নিজ ইচ্ছা মতে যিদৰে বিভিন্ন কথা লিখিব পাৰোঁ, সেইদৰে শিশুকো আমি বিভিন্ন শিক্ষা, অভিজ্ঞতা প্ৰদান কৰি সমাজৰ এক সুব্যক্তি ৰূপে প্ৰতিষ্ঠিত হোৱাত সহায় কৰিব পাৰোঁ ৷ সেই শিক্ষা, অভিজ্ঞতাৰে শিশুক শুদ্ধ পথেৰে পৰিচালিত কৰিব পৰা যায় ৷

    অনুকৰণশীলতা শিশুৰ স্বভাৱজাত বৈশিষ্ট্য ৷ কিন্তু এই স্বভাৱজাত বৈশিষ্ট্যই শিশুৰ জীৱনলৈ যাতে দুৰ্যোগ বা অমানিশা কঢ়িয়াই নানে, তাৰ বাবে অগ্ৰজসকল সচেতন হোৱা উচিত ৷
গীতিকা শৰ্মা

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: