Monday, April 30, 2018

লিমাৰিক


(১)
ধনবৰ ৰতনৰ বৰপেৰা দুটা
দুয়োটাৰে তলৰ ফালে এটা এটা ফুটা
কৃপণ ৰতনে ক'লে দেখা পাই
ৰক্ষা নাই মোৰ, হে গোসাঁই
তোমাক পূজিও মোৰ বিপদ নাইটুটা ৷


(২)

সৰুকণে দেখিছে সপোন বৰশী বোৱা
লাগিছে মাছ এটি দাঙিব নোৱৰা
কোনোমতেহে টানি টানি
পাৰত থ'লেহি আনি
ৰাতিলৈ খাব ভোজ উদৰ পূৰোৱা ৷

 (৩)
 কনকে ভাবি আছে আকাশলৈ চাই
তৰাবোৰ কোনে বাৰু থৈছেহি সজাই
যদি এটা পৰে সৰি
ল'ব সি ঘপহকৈ বুটলি
চ'ৰাঘৰৰ বেৰতে থ'বগৈ ওলোমাই ৷

(৪)
বাঘ হেনো 'বনৰজা' ,ফুটনিও বৰ
তাৰ ভয়ত সিংহও বোলে কঁপে থৰথৰ
বাকীবোৰনো কোন কূটা
নাপায় একোতে পাত্তা
কোনেও নোৱাৰে তাক কৰিব লৰচৰ ৷


নিৰ্মালি হাজৰিকা
উত্তৰ গড়াজান প্ৰাথমিক বিদ্যাল
সহ:  শিক্ষয়িত্ৰী
                                    শিক্ষাখণ্ড : লাওখোৱা
                                    জিলা : নগাঁও

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: