বহু দিনৰ আগতে নৱগড চহৰৰ পৰা কিছু দূৰত এটা মন্দিৰ নিৰ্মাণৰ কাম চলি আছিল ।মন্দিৰটোত কাঠৰ কাম বহুত আছিল সেই কাৰণে কাঠফালা বহুতো মজদুৰ কামত লাগি আছিল ।সকলো বোৰ মজদুৰ দুপৰীয়াৰ সময়ত আহাৰ খাবলৈ চহৰলৈ যাব লগা হৈছিল ।সেয়েহে দুপৰীয়া এঘণ্টা মানৰ বাবে তাত কোনো নাথাকিছিল ।
এদিনাখন খোৱাৰ সময় হ'লত সকলোবোৰ মজদুৰ কাম এৰি গুছি গৈছিল ।এটা কাঠৰ কুণ্ডা আধা ফলা হৈ আছিল ।সেই আধাফলা কাঠৰ কুণ্ডাটোৰ মাজত কাঠৰ সৰু ঠিলা এটা সোমোৱাই গুচি গৈছিল।
তেনেতে তালৈ বান্দৰৰ এটা দল উপস্থিত হৈছিলহি ।তাৰ মাজতে এটা অতি উতপতিয়া বান্দৰ এটাও আছিল,যিটোৱে কোনো প্ৰয়োজন নোহোৱাকৈ বস্তুবোৰত টনা আজোৰা কৰিবলৈ ধৰিছিল ।সেই দেখি বান্দৰ দলটোৰ প্ৰধান বান্দৰটোৱে সকলোকে বস্তুবোৰ নুচুবলৈ আদেশ দিছিল ।
যাৰ বাবে সেই দুষ্ট বান্দৰটোৰ বাদে সকলোবোৰ বান্দৰ ওচৰ পাজৰৰ গছবোৰত উঠিছিলগৈ ।কিন্ত সেই বদমাইছ বান্দৰটোৱে সকলোৰে চকুৰ পৰা লুকুাই পাছত থাকি গৈছিল আৰু বস্তুবোৰত নানা খেল খেলি ফুৰিছিল ।তেনেতে হঠাৎ তাৰ চকু কাঠৰ ঠিলা লগাই থোৱা কাঠৰ কুণ্ডাটোত পৰিছিল ।আৰু সি একেজাপে গৈ কুণ্ডাটোৰ কাষ পাইছিলগৈ ।লগে সি কাঠৰ সেই ঠিলাটো অতি ইচ্ছুকতাৰে চাবলৈ ধৰিছিল ।তাৰ পাছত কাষতে পৰি থকা কুঠাৰ খন চাইছিল।কুঠাৰখন হাতত লৈ সি ঘঁহিবলৈ ধৰিছিল।তাৰ পৰা কেক-কেককৈ শব্দ আহিবলৈ ধৰাত সি খঙতে কুঠাৰখন পেলাই দিছিল ।আৰু পুনৰ সেই কাঠৰ ঠিলাটো সি ভালকৈ চা ধৰিছিল।
ঠিলাটো দেখি বান্দৰটোৰ মনত এক কৌতুলহলৰ সৃষ্টি হৈছিল ।সি ভাবিছিল কুণ্ডাটোৰ মাজৰ পৰা এই ঠিলাটো আতৰাই দিলে কি হ'ব?সি লগে লগে ঠিলাটোত ধৰি বাহিৰলৈ উলিয়াই আনিবৰ বাবে জোৰ দিবলৈ ধৰিছিল ।কিন্তু কাঠৰ ফাল দুটাৰ মাজত ঠিলাটো কঠিনকৈ সোমাই থকাৰ বাবে তাক উলিয়াই অনাটো বান্দৰটোৰ বাবে অসম্ভৱ আছিল।তথাপি বান্দৰটোৱে নিজৰ সমস্ত বলেৰে লৰচৰ কৰিবলৈ যত্ন কৰি আছিল।এবাৰ হঠাৎ ঠিলাটো লৰচৰ কৰি যোৱাত বান্দৰটোৱে মনত শক্তি পাইছিল ।সি আৰু অধিক জোৰেৰে ঠিলাটো টানিবলৈ যত্ন কৰোতে সি নজনাকৈয়ে তাৰ নেজ ডাল কুণ্ডাটোৰ ফালদুটাৰ মাজত সোমাই ধৰিছিল ।এবাৰ যেতিয়া সি জোৰকৈ ঠিলাটো টানি দিছিল তেতিয়াই ঠিলাটো উলাই আহিল আৰু তাৰ নেজ ডাল কুণ্ডাটোৰ মাজত সোমাই গ'ল ।লগে বান্দৰটো চিঞৰি উঠিল ।বিষত বান্দৰটোৰ চুলিৰ আগে যেন তাৰ জীৱটোহে উলাই গ'ল ।বিষতে সি খেক খেককৈ চিঞৰি উঠিল ।
তেনেতে মজদুৰ বোৰ তালৈ ঘূৰি আহিল ।ইমানবোৰ মজদুৰক দেখি সি ভয়তে পলাই পতং দিব খোজিছিল যদিও সি তেনে কৰিব পৰা নাছিল ।এবাৰ জোৰকৈ নেজ ডাল টানি সি পলাই গুচি গ'ল।সেই দিন ধৰি সি বুজি পালে যে নভবা নিচিন্তাকৈ কাম কৰিলে সদায় নিজৰেই বিপদ হয় ।সেয়ে আমি সদায় কোনো এটা কাম কৰাৰ আগতে এবাৰ দকৈ চিন্তা কৰিব লাগে নহ'লে নভবাকৈ কৰা কামে সদায় আমাক হিতে বিপৰীত পৰস্থিতিৰ মাজত পেলায় ।সেয়ে জ্ঞানী কৈ থৈ গৈছে যে-ভাবি চিন্তি কৰিবা কাজ
হাৰিলে জিকিলে নাই লাজ।।
✍️ দৰ্শনা কলিতা।
0 Please Share a Your Opinion.: