Thursday, April 26, 2018

135 No. Kokoya LP School

যিসময়ত গুণোৎসৱ সম্পৰ্কে মনত খু-দুৱনি লাগি আছিল, সেই সময়তে ফেচবুকত গুণোৎসৱৰ Evaluation সম্পৰ্কীয় সময়োপযোগী লেখা এটি পাইছিলো। লিখনিটো পঢ়ি মনৰ দুৰ্বলতাবোৰ দূৰ হোৱাৰ লগতে, বিশেষ সাহস অনুভৱ কৰিছিলো; তেতিয়াই ভাবিছিলো-
আমাৰ বিদ্যালয়তো একেইধৰণৰ অভিজ্ঞ ব্যক্তিত্বৰ কোনোবা ছাৰ আহিলে আমাৰ কষ্টৰ সাৰ্থকতা পাম।…
পিছত যেতিয়া গম পালো যে আমাৰ বিদ্যালয়ত তেনেকুৱা অভিজ্ঞতা সমৃদ্ধ ব্যক্তি EE হিচাপে নিযুক্ত নহ'ল, নিযুক্ত হৈছে যাৰ দৰে ভাবিছিলো, তেখেত নিজেই!
তেখেত আমাৰ সকলোৰে শ্ৰদ্ধাৰ, দক্ষিন নলবাৰী মহাবিদ্যালয়ৰ গণিত বিষয়ৰ প্ৰবক্তা লগতে "প্ৰেৰণা পুথিভঁ‌ৰাল"ৰ মুখ্য পৰিচালক তথা সঞ্চালক Sir Dwijendra Narayan Sarma
তেখেতে আমাৰ বিদ্যলয়ত বহিঃনিৰীক্ষকৰ দায়িত্ব পালন কৰি যোৱাৰ পিছৰ পৰাই আমাৰ বিদ্যালয়ৰ সমূহ কাৰ্যসূচী তথা শৈক্ষিক দিশত সন্তুষ্ট হৈ ভূয়সী প্ৰসংশাৰে নিজৰ ফ্যেচবুক টাইমলাইনত বহুদিন ধৰি লিখিছিল…
বিশেষকৈ তেখেতে আমাৰ বিদ্যালয়ৰ এগৰাকী শিক্ষক শ্ৰীবীৰেন্দ্ৰ ঠাকুৰদেৱে ৰচনা কৰা গুণোৎসৱ সম্পৰ্কীয় সমবেত সংগীতটি আন বিদ্যালয়ৰ তুলনাত ব্যতিক্ৰমী কাৰ্যসূচী হিচাপে লৈছিল, লগতে অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহৰ বাবে আদৰ্শ স্বৰূপ বুলি কৈছিল, যিবোৰ কথাই আমাক অধিক উদ্যমেৰে কৰ্মক্ষেত্ৰত আগবাঢ়িবলৈ উৎসাহ যোগাইছিল।…
প্ৰকাশ নকৰিলেও আনন্দৰ সীমা নোহোৱা হৈছিল সেইগৰাকী ব্যক্তিক EE হিচাপে পাই… তেখেতৰ লগত আছিল VVIP হিচাপে Sir Raunak Ali Hazarika, DIG(P), Crime Branch. বহুত ভাল লাগিছিল দুগৰাকীকৈ অভিজ্ঞ তথা স্বনামধন্য ব্যক্তিক EE হিচাপে পাই… ধন্য হৈছিলোঁ মই, ধন্য হৈছিলোঁ আমি, ধন্য হৈছিল ১৩৫ নং ককয়া নিম্ন বুনিয়াদী বিদ্যালয়।…
আজি আমাৰ বিদ্যালয়ে ৯৯.২৯% ৰে তৃতীয় পৰ্যায়ৰ গুণোৎসৱত A+ গ্ৰেড লাভ কৰিলে…
যদিওবা, অসমীয়া ভাষা চহকী শব্দ সম্ভাৰেৰে সমৃদ্ধ তথাপি এই মুহূৰ্তত আমাৰ এই ফলাফলৰ বাবে তেখেতসকলক কৃতজ্ঞতা জনাবলৈ ভাষা বিচাৰি পোৱা নাই…
                                                                                                                  Dwip Sarania AT

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: