জোনাক ৰাতি
আইতাকক মাতি,
সোণমইনাই সুধিলে
নতুন কথা এটি ৷
আইতাকে ক'লে
কোৱাচোন সোণ তুমি,
আজি সুধিবলগা
কথাটিনো কি ?
সোণমইনাই ক'লে
সৌ আকাশলৈ চোৱা,
মোৰ প্ৰশ্নৰ এতিয়া
উত্তৰটো দিয়া ৷
জোনটৌৱে কিয়নো বাৰু
কৃপণালি কৰে,
সদায় পোহৰ
একেদৰে নিদিয়ে?
কেতিয়াবা কম
নতুবা বেছি,
নিতৌ হয় তাৰ
আকৃতিৰ সলনি ৷
মন গ'লে পোহৰ দিয়ে
গোটেই ৰাতি,
মন নগ'লে কিয় যায়
আকাশখন এৰি?
আইতাকে ক'লে
কথাটো শুনা,
জোনৰ এইয়া
নহয় নিজৰ ইচ্ছা ৷
সূৰ্যৰ পোহৰহে গৈ
চন্দ্ৰত পৰে,
সেই পোহৰেই ঘূৰি
পৃথিৱীলৈ আহে।
পৃথিৱীৰহে ছাঁটো আকৌ
চন্দ্ৰত পৰি,
ছাঁ পৰা অংশটোহে
অন্ধকাৰ দেখি ।
চন্দ্ৰ, সূৰ্য আৰু পৃথিৱী
নাথাকে একে থিৰে,
সেইবাবেহে জোনৰ আকৃতি
সদায় সলনি হৈ থাকে ।
"""""""""""""*******""""""""""
0 Please Share a Your Opinion.: