Wednesday, April 25, 2018

পোহৰ (শিশু-নাট)

পোহৰ (শিশু-নাট)

চৰিত্ৰসমূহ :
পৰিনীতা : ঘৰৰ মালিকনী 
প্ৰিয়া : পৰিনীতাৰ ছোৱালী 
জুৰি : কাম কৰা ছোৱালী 
বৰষা ,মনিষা,ববিতা : স্থানীয় মহিলা সমিতিৰ সদস্যা 
মি: শইকীয়া - পুলিচ বিষয়া 
যদু : হাৱলদাৰ 

( মঞ্চ : সুসজ্জিত বহাকোঠা, য’ত জুৰিয়ে লাহে লাহে ঝাড়ু দি থাকিব আৰু জুৰিক মাতি মাতি সৰু ছোৱালীজনীৰ হাতত ধৰি পৰিনীতা ভিতৰৰ দিশৰ পৰা সোমাই আহিব ।)


পৰিনীতা : ‘‘জুৰি, অ’ জুৰি ,ক’লৈ গলি তই !”
জুৰি : “বাইদেউ আপুনি মোক মাতিছিল নেকি ?”
পৰিনীতা : ওঁ ,মই প্ৰিয়াক লৈ বজাৰলৈ যাওঁ ৷ তাইৰ চুলিখিনি কটোৱাবলগা হৈছে ।তই ৰুমবোৰ ঝাড়ু দি বাচনবোৰ ধুবি ; আৰু শুনচোন, প্ৰিয়া আৰু মোৰ কাপোৰখনি তিয়াই থোৱা আছে, তই ধুবলৈ নাপাহৰিবি ৷”
জুৰি : “হ’ব বাইদেউ ৷”
পৰিনীতা : “আমি আহোঁদেই ।”
প্ৰিয়া : “বাই বাই জুৰিবা৷”

(পৰিনীতা আৰু প্ৰিয়া ওলাই যাব আৰু কোঠাটো সাৰি জুৰি ভিতৰলৈ সোমাই আহিব । অলপ পাছতে বাহিৰৰ পৰা জুৰিৰ মাকে মাত দিব৷ )

জুৰিৰ মাক : “বাইদেউ ,অ’ বাইদেউ।”

(জুৰি ভিতৰৰ পৰা বহাকোঠালৈ ওলাই আহিব ।মাক আৰু তিনিগৰাকী মহিলা বহাকোঠালৈ সোমাই আহিব৷)

জুৰি : “মা ………মা , তোমালোক !” (আচৰিত হৈ )
জুৰিৰ মাক : “অঁ, আইজনী । আইজনী, বাইদেউ নাই নেকি ?”
জুৰি : “নাই মা। বাইদেউহঁত বজাৰলৈ গৈছে৷”
জুৰিৰ মাক : “আইজনী, তুমি এওঁলোকক চিনি পাইছানে ?”
জুৰি : “নাইপোৱা মা৷”
জুৰিৰ মাক : “এওঁলোক হৈছে স্থানীয় মহিলা সমিতিৰ সদস্যা। কালি এখেতসকল আমাৰ ঘৰলৈ গৈছিল ।”

(জুৰিয়ে মহিলাকেইগৰাকীক হাতযোৰ কৰি সম্ভাষণ জনাব)

বৰষা : “এৰা, আইজনী। তোমাৰ নাম জুৰি নহয় জানো !”
জুৰি : “হয়। মোৰ নাম শ্ৰী জুৰিমণি বৰা।”
মনিষা : “আমি যদিও স্থানীয় মহিলা সমিতিৰ সদস্যা, আমাক চৰকাৰে কিছুমান দায়িত্ব অৰ্পণ কৰিছে।”
ববিতা : “তোমালোকৰ দৰে সৰু সৰু ল’ৰা-ছোৱালীবোৰে পঢ়া-শুনা আধাতে সামৰি লোকৰ ঘৰত কাম কৰাকৈ থকাটো আইনমতে দণ্ডনীয় ।”
বৰষা : “তোমাৰ কথা গম পাই সেয়ে আমি তোমাৰ মাৰাক লৈ তোমাক ইয়াৰ পৰা লৈ যাবলৈ‍ আহিছোঁ ।”
মনিষা : “তুমি আকৌ বিদ্যালয়লৈ যাব পাৰিবা ৷”
জুৰি : “সঁচা মা !” (আনন্দিত হৈ )
জুৰিৰ মাক : “এৰা অ’ আইজনী !”

(এই সময়তে বাহিৰৰ পৰা পৰিনীতা আৰু জীয়েক প্ৰিয়া সোমাই আহিব ।প্ৰিয়াই মানুহবোৰ দেখি ভিতৰলৈ দৌৰি যাব ।)

পৰিনীতা : “অ’ জুৰিৰ মাক ।”
জুৰিৰ মাক : “হয় বাইদেউ ।”
পৰিনীতা
 : “এওঁলোক ?” ( অচিনাকি মানুহকেইজনীৰ পিনে চাই ক’ব )
জুৰিৰ মাক : “বাইদেউ, মই জুৰিক লৈ যাবলৈ‍ আহিছোঁ ।”
পৰিনীতা : “কি কথা কোৱা হে ? পইচা লাগে যদি লৈ যোৱা ।হুঁ, লোৱা দুশ টকা । (বেগৰ পৰা দুশ টকা উলিয়াই জুৰিৰ মাকৰ পিনে দিব৷ মহিলাকেইজনীয়ে নিৰৱে লক্ষ্য কৰি থাকিব )
জুৰিৰ মাক : “নহয় বাইদেউ ।মই জুৰিক লৈ যাম ।”
বৰষা : হয় |বাইদেউ আমি জুৰিক ইয়াৰ পৰা লৈ যাব আহিছো ।
পৰিনীতা : “আপোনালোকে ক’লেই মই জুৰিক লৈ যাবলৈ‍ দিম নেকি ?”
(ববিতা নামৰ মহিলাগৰাকীয়ে কাকো একো নোকোৱাকৈ কোঠাৰ পৰা ওলাই যাব)
মনিষা : “বাইদেউ, আপুনি এগৰাকী শিক্ষিতা মহিলা হিচাপে‍ নিশ্চয় জানে যে‍ সৰু, মানে চৈধ্য বছৰ বয়সলৈ কোনো ল’ৰা-ছোৱালীক কাম কৰা বনুৱা হিচাবে ৰখাটো আইনমতে দণ্ডনীয় ৷”
 
বৰষা : “সকলোকে শিক্ষা দিয়াটো বাধ্যতামূলক ।চৰকাৰী বিদ্যালয়ত সকলো বিনামূলীয়াকৈ দিয়া হয় ।”
জুৰিৰ মাক : “কালি বইদেউহঁত আমাৰ ঘৰলৈ গৈ মোক কথাবোৰ বুজাই দিয়াতহে মোৰ চকু মুকলি হ’ল ।

(ইতিমধ্যে দুজন পুৰুষক লৈ ববিতা সোমাই আহিব৷)

মনিষা : “অ’ , অ’.চি. ছাৰ দেখোন ! নমস্কাৰ।”
মি: শইকীয়া : “নমস্কাৰ। মই আচলতে বৰ্তমান ডিউটিত নাই ।এইফালে আহি থাকোঁতে মিছ ববিতাই বাটত লগ পাই মোক কথাবোৰ ক’লে । সেইবাবে এপাক আহিলোঁ ।”
বৰষা : “হয় ছাৰ । আমি বাইদেউক বুজাইছোঁ ।”
মি: শইকীয়া : “এৰা ! সৰু ল’ৰা-ছোৱালীক শিক্ষাৰ পৰা বঞ্ছিত কৰি এনেদৰে কামত খটুওৱাটো আইনবিৰুদ্ধ । সংবিধান উলংঘা নকৰি আপুনি ছোৱালীজনীক যাবলৈ দিয়ক ৷ অন্যথা, মই আইনমতে ব্যৱস্থা ল’বলৈ বাধ্য হ'ম ।”
ববিতা : “বাইদেউ, আপুনি কি সিদ্ধান্ত ল'লে ?”
পৰিনীতা : “আপোনালোকৰ কথাই সত্য ।মই জুৰিক ঘৰলৈ পঠিয়াই দিম । দুদিন পাছত মোৰ ছোৱালীজনীক বিদ্যালয়ত দিয়াৰ কথা চিন্তা কৰি আছিলোঁ । কিন্তু জুৰিৰ কথা মই তেনেদৰে ভৱাই নাছিলোঁ।”
জুৰিৰ মাক : “বাইদেউ …”
পৰিনীতা : “জুৰি, যা তোৰ কাপোৰবোৰ লৈ আহ । মাৰৰ লগত তই ঘৰলৈ যা ।” (জুৰিৰ পিনে চাই ক’ব)
জুৰি : “হ’ব বাইদেউ ( ভিতৰলৈ যাব আৰু অলপ পাছত বেগ এটা লৈ ওলাই আহিব )
পৰিনীতা : “জুৰিৰ মাক ,তুমি জুৰিক বিদ্যালয়লৈ পঠিয়াবা ।কেতিয়াবা কিবা অসুবিধা হ'লে মোক জনাবা ।”
মি: শইকীয়া : “কথাবোৰ মীমাংসা হ’ল যিহেতু, আমি এতিয়া যাওঁ…ব’ল অ’ যদু । ( মি: শইকীয়া আৰু যদু কোঠাটোৰ পৰা ওলাই যাব ।)
জুৰি : (পৰিনীতাৰ ভৰি চুই) “বাইদেউ, মোক আশীৰ্বাদ কৰিব ।”
পৰিনীতা : “তোৰ মংগল কামনা কৰিছোঁ, জুৰি ।”
জুৰিৰ মাক : “বাইদেউসকল, আপোনালোকলৈ ধন্যবাদ । আপোনালোকে চৰকাৰী সা-সুবিধাবোৰৰ বিষয়ে জনাই মোৰ চকু মুকলি কৰিলে ।”
বৰষা : “অজ্ঞতাৰ পৰা মানুহবোৰক মুক্ত কৰাই আমাৰ দায়িত্ব ।”
মনিষা : “অন্ধকাৰৰ পৰা পোহৰৰ বাট দেখুওৱাটোৱেই আমাৰ কৰ্তব্য ।”
পৰিনীতা : “এৰা, মই মোৰ স্বাৰ্থৰ কথাহে ভাবিছিলোঁ । জুৰিৰো নিজা স্বাধীনতা আছে, অধিকাৰ আছে । তাই ভালদৰে পঢ়া-শুনা কৰি ভাল হওক৷ এতিয়া এয়ে মোৰ কাম্য ।”
জুৰিৰ মাক : “আমি এতিয়া যাওঁ বাইদেউ ।”
মনিষা : “ধন্যবাদ বাইদেউ । আপুনি আমাৰ লগত সহযোগিতা কৰি জুৰিৰ শৈশৱ তাইক উভতাই দিলে ।”
বৰষা আৰু ববিতা : “আমি আহোঁ ।”
পৰিনীতা : “আপোনালোককো ধন্যবাদ । ব’লক, মই আপোনালোকক আগবঢ়াই থৈ আহোঁ ।”

(পৰিনীতা, জুৰি, জুৰিৰ মাক, ববিতা, বৰষা, মনিষা আটাইকেইগৰাকী কোঠাৰ পৰা ওলাই যাব৷ )


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: