Wednesday, April 25, 2018

ব'হাগ

ব'হাগ
ব'হাগ আকৌ  আহিছে
অসমীয়াৰ মনত
অসমীয়াৰ প্ৰাণত

থৌকি-বাথৌ লগোৱা ব'হাগ!
আঁহতৰ তলত জুৰীয়া পেঁপাটি বাজিলেই
"গচকত ভাঙি যাওঁ যঁতৰ"-


গাভৰুহঁত
ঢুলীয়াৰ ঢোলৰ চাপৰত
ৰচকী পখিলা হৈ ঘূৰাৰ সময়৷
সূতাৰ টাকুৰীটো এইকেইদিন বৰকৈ ঘূৰিছে,
চেনেহৰ বিহুৱানখন সযতনে বৈছে
মনৰ মানুহজন কোন সময়ত আহি ওলায়?
উগুল-থুগুল মন,
বাৰেপতি চকু যায় পদূলিমুখলৈ,
মাকোঁ সৰে সঘনে৷

কুলিজনীৰ সুৱদী গীতত হিয়া শাঁত পৰি ৰয়;
ঢেকীৰ ঢমঢমনিত সাৰ পায় চৌপাশ
আখলত বিবিধ জুুতি
জলপান, পিঠা, লাৰুৰ!
বনগীত একোফাঁকি সৰি পৰে
 ডেকাটিৰ ওঁঠৰ ফাঁকেৰে
পানী অনা গাভৰুজাক দেখি৷
সকলোতে উলাহৰ ঢল
ন-বাৰিষাৰ ন-ঢল নামে প্ৰকৃতিলৈ
কপৌফুলে হাঁহে নাচনীৰ খোপালৈ চাই

প্ৰগতি গগৈ

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: