জোনাকী গদ্য
('আনে যোৱা বাটে নোযোৱা ছোৱালীজনী...')
প্ৰবাসত আপোন মানুহ আৰু মাটিয়ে আমাক অধিক আকুল কৰে।যুগনায়ক শংকৰদেৱৰ
তীৰ্থ ভ্ৰমণ, বেজবৰুৱা-চন্দ্ৰকুমাৰ-হেমচন্দ্ৰৰ কলিকতাত (বৰ্তমানৰ কলকাতা) ত্ৰিবেণী সংগম, জ্যোতিপ্ৰসাদ-ভূপেন হাজৰিকাৰ বিদেশ যাত্ৰা এই প্ৰসংগতে উল্লেখ কৰিব পাৰি।বিচ্ছেদে অন্তৰৰ দাপোণ স্বচ্ছ কৰে, আৰু সৃষ্টিৰ অনাবিল স্বাক্ষৰ কঢ়িয়াই আনে।অৱশ্যে সেই বিচ্ছেদৰ মাধুৰ্য ভাবনাৰ সাগৰ মথি আমি অমৃতৰ দৰে আহৰণ কৰিব পাৰিব লাগিব।
বাট কাটিবলৈ বাট বোলাৰ ধৈৰ্য আৰু সাহস থাকিব লাগিব।চন্দ্ৰলৈ যোৱা প্ৰথম মানুহজনো আমাৰ মাজৰেই আছিল, কিন্তু তেওঁৰ কাম-কাজ, জীৱন-চৰ্যা আমাতকৈ সুকীয়া আছিল।বেলেগ কিবা এটা কৰাৰ আন্তৰিক স্পৃহা নাথাকিলে মানুহৰ মানসিক স্থিতি একেটা স্তৰতে ৰৈ যায় ('আনে যোৱা বাটে নোযোৱা ছোৱালীজনী....')।নিউটনৰ সমুখত সৰি পৰা সেই আপেলটো আৰু আজি আমি খাই থকা আপেলটোৰ মাজত বাহ্যিক দৃষ্টিত কোনো পাৰ্থক্য নাই-- পাৰ্থক্য আছে দৃষ্টিৰ আৰু চিন্তাৰ অভিনৱত্বৰ।
মহাভাৰতত অৰ্জুনে অসীম কষ্ট আৰু ত্যাগেৰে জীৱনৰ প্ৰজ্ঞা আহৰণ কৰি লৈছিল( অৰ্জুন শব্দৰ অৰ্থই হৈছে--যি নিজে অৰ্জন কৰি লয়। আৰু যোগ্যজনক প্ৰজ্ঞাৱানজনে সংগ দিবলৈ সদায় আতুৰ হয়, তেনে অৰ্থত পাৰ্থৰ জীৱনলৈ ভাৰতীয় সংস্কৃতিৰ মহাকাব্যিক চৰিত্ৰ কৃষ্ণৰ আগমন আমি লক্ষ্য কৰিব পাৰোঁ ।সংস্কৃতি ৰক্ষাৰ যুদ্ধখন কৃষ্ণই অকলে কৰা নাই, বৰঞ্চ হৃদয়ৰ সখা অৰ্জুনৰ সহযোগত ভাৰতবৰ্ষত কৰ্ম-সংস্কৃতিৰ (কৃষ্ণ-সংস্কৃতি) নতুন বুনিয়াদ গঠন হৈছে।সেয়েহে অব্যৰ্থ বা নিৰ্ভুল লক্ষ্যৰ কথা ক'বলৈ গ'লে আমি পোনচাটেই মহাধনুৰ্ধৰ অৰ্জুনৰ নাম লওঁ।
বিভিন্ন সমস্যাৰ মাজতো মূৰ দাঙি থিয় দি থকাটো সাহসী মানুহৰ পৰিচায়ক, কৰ্তব্যত ভয়াতুৰ মানুহে ইমানেই লেখি লেখি খোজ দিয়ে যে, তেওঁৰ কোনো খোজ মাটিত নপৰে, শূন্যতে ওপঙি ৰয়-- মাটিৰ লগত সম্পৰ্ক নথকা মান ৷
অকণি আকাশৰ ৰং
==============
বৰ্তমান অসমীয়া শিশু-সাহিত্যৰ ধাৰাটো বৰ সন্তোষজনক নহয়। বেজবৰুৱা, জ্যোতিপ্ৰসাদৰ পৰা নৱকান্ত বৰুৱা, ভবেন্দ্ৰ নাথ শইকীয়া, নিৰ্মলপ্ৰভা বৰদলৈ, গগনচন্দ্ৰ অধিকাৰীলৈ শিশু-সাহিত্যৰ যি সোণালী ঐতিহ্য, সেয়া সম্প্ৰতি কিছু স্তিমিত হোৱা লক্ষ্য কৰা যায়। অথচ, এটা জাতিৰ আধাৰ নিৰ্মাণত, মানসিক স্বাস্থ্য মজবুত কৰাত শিশু সাহিত্যৰ ভূমিকা বিশেষ গুৰুত্বপূৰ্ণ । আজিৰ সৰহভাগ শিশু যেন ভিডিঅ' গে'ম, দূৰদৰ্শনৰ বিভিন্ন কাৰ্টুনৰ ধাৰাবাহিক, লেপটপ, কম্পিউটাৰৰ এহাত আকাশতে বন্দী। এয়া নিতান্তই চিন্তনীয়। এনে এক বাতাবৰণলৈ লক্ষ্য কৰিয়েই আমি 'অসম দাপোণ'-ৰ এই সংখ্যাটো শিশু-সাহিত্য বিশেষ সংখ্যাৰূপে আগবঢ়াইছোঁ। সুখৰ কথা যে, এই সংখ্যাটিয়ে অসমৰ জকাইচুকৰ পৰা আমেৰিকাৰ উইলমিংগটনলৈকে লেখকৰ পৰিধিক সামৰি লৈছে। এতেকে আমি নিৰাশ হ'বৰ সকাম নাই। কেৱল নিজৰ দায়িত্ব নিজে কান্ধ পাতি ল'লেই হ'ল। শেষত সকলোলৈকে বাপতি সাহোন ৰঙালীৰ ওলগ জনাই আমাৰ সম্পাদকীয় একাষাৰৰ ইতিৰেখা টানিলোঁ।
Nice post
ReplyDelete