Friday, May 11, 2018

মহানগৰৰ ওপৰ চোতালত হিৰু ককা (১ম খণ্ড)


মহানগৰৰ ওপৰ চোতালত হিৰু ককা


   অ’ বল্টু অ’ বল্টুকৈ গল্‌গলীয়া মাতেৰে ঘৰ কপাওঁ যেন কৰিছে ৷ 
কাহিলী পুৱাতে আমাৰ বিশাল মহানগৰখনৰ সেউজ পথৰ চুবুৰীটোত উথপ্‌থপ ৷ সুদূৰ মাজুলীৰ পৰা  হিৰু ককা আহি আমাৰ ঘৰ পাইছেহি ৷ বিশেষকৈ মোৰ মন-প্ৰাণ

আনন্দত উথলি উঠিছে ৷ হঠাৎ তেওঁৰ আগমনে মোক চঞ্চল কৰি তুলিছে ৷ কি কৰিম, ক’লৈ যাম, খামনে শুম - উৱাদিহ নোপোৱা হৈছোঁ ৷ মোক ককাই কিয় জানো মৰমতে বল্টু বুলি কয় ! মই ৰৈ নাথাকি আমাৰ লগৰ সকলোকে এই শুভ সংবাদটো দৌৰি দৌৰি দিলোঁগৈ ৷ আমাৰ দেউতাৰ গাঁৱৰে হিৰু ককা ৷
    ইতিমধ্যে আমাৰ পৰীক্ষাৰ সামৰণি পৰিছে ৷ সেয়েহে হিৰু ককাৰ উপস্থিতিয়ে সঁচাই কিমান যে আনন্দ দিছে ! তেওঁ আমাক কিমান যে চৰাইৰ কাহিনী কয় ! কিমান যে পোক-পৰুৱাৰ কাহিনী কয় ! কিমান যে বিল-জলাহৰ মাছ-কাছৰ কথা কয় ! নদ-নদীত থকা জলকুঁৱৰ-জলকুঁৱৰীৰ কথা কয় ! বাঁকৰ কথা কয় ! মই এতিয়ালৈকে মাজুলী নিজ চকুৰে দেখাগৈ নাই ৷ কিন্তু হিৰু ককাৰ মুখত শুনি শুনি ডাৱৰময় কঁহুৱানিৰ পৰা কোন বিল-জলাহত কি কি পৰিভ্ৰমী চৰাই আহি মায়াময় কৰি ৰাখে, সেয়া নখদৰ্পণত ৷ আজি নিশা আমাৰ ঘৰৰ চাদৰ ওপৰ (ওপৰ চোতালত) দেউতাই মোনা ভৰাই আনি থোৱা কয়লা জ্বলাই তাৰ অঙঠাৰ তিৰ্‌বিৰনি আৰু তুল্‌তুলকৈ ৰঙা ককাৰ মুখখনৰ পৰা সৰি পৰা শব্দবোৰ ! জিউ, পল, ৰিকু আৰু বাৰ্বীক ককা অহা বাতৰিটো দি আহি পাওঁতেও দেখোঁ - ককা ঘূমতিত লাল্‌কাল ৷ হয়তো ৰাতিটো গাড়ীত আহি আছে! টোপনি খতি‍ ৷ ৰহ বাপেকে! মোৰ লগৰবোৰ যে সন্ধিয়া আহিব, মাক কথাটো কৈ আহোঁ ৷ মা যিহে ! আমি অকণমান চিঞৰ-বাখৰ কৰিলেই কাণ-মূৰ গৰম উঠি যায় ৷ দিনৰ দিনটো টিভি চাই থাকিলে পিছে তেওঁৰ একো নহয় ৷ অৱশ্যে আমাৰ দেউতাই মাক বহুত বুজায় দেই !

  আবেলি জিউক দেউতাকে পল আৰু ৰিকুক পেহীয়েকে আৰু বাৰ্বীক মাকে আমাৰ ঘৰত থৈ গ’লহি ৷ তেওঁলোকে নিশা কিমান সময়ত নিবহি, মাক কৈ থৈ গ’ল ৷ ককাই খুন্দনাটো ঘৰৰ পৰা লৈ আহে ৷ খুন্দনাটোত তামোল খুন্দি তাৰে এজেবা মুখত ভৰাই কেঁকো-জেঁকোকৈ আমাৰ ওপৰ চোতাললৈ উঠি গ'ল ৷ ককাৰ কাষে কাষে আমি ৷ আজি আকৌ মাই আগে-ভাগে গৈ কয়লাখিনি জ্বলাই সৰু সৰু টুলকেইখনমান ঘূৰণীয়াকৈ পাৰি থৈ আহিছে ৷ তাতে আমি বহিলোঁগৈ ৷

বল্টু — “ককা, আগৰবাৰ আহোঁতে যে তুমি চৰাইৰ কথা ক'ম বুলি কৈছিলা, আজি ক’বানে ককা?”
বাৰ্বী— “অ’ মোৰ মনত আছে ৷ ককাই আমাক টোকোৰা চৰাইৰ কাহিনী ক’ম বুলি কৈছিলা৷”
ককা— “বুজিলোঁ বুজিলোঁ বাৰু — পিছে তোমালোকৰ সকলোৰে পৰীক্ষা কেনে হ'ল? মামাৰ ঘৰলৈ গ’লানে নাই?” সকলোৱে একেমুখে চিঞৰি ভাল হৈছে বুলি ক’লে ৷ পিছে জিউহে পৰীক্ষাৰ পিছত মোমায়েকৰ ঘৰলৈ গৈ আহিলে ৷
ককা— “ঠিক আছে তেন্তে ৷ আজি তোমালোকক টোকোৰা চৰাইৰ কথা ক’ম৷ তাৰ আগতে কওঁ শুনা - আমাৰ মাজুলীখনক পখীৰ স্বৰ্গ বুলি ক’লেও বোধকৰোঁ অধিক কোৱা নহ’ব ৷ খাল-বিল-নৈ-ডোবাৰ লগতে ইয়াৰ বহল বনভূমি পক্ষীৰ বাবে নিৰাপদ আশ্ৰয়স্থল ৷ আমাৰ উমাল মৰমত পক্ষীৰ থকা ঠাই দিনে দিনে বৃদ্ধি হৈছে ৷ আমাৰ ঘৰৰ পৰা অলপ দূৰৰ গায়নগাঁও, লাওভগা পথাৰ, আলিছিগা, ভকতি, চৰাইচোং, পোহাৰদিয়াত শ শ কাউৰী, বগলী, পানীকাউৰী একেলগে দেখিলে তোমালোকৰ যে কিমান ভাল লাগিব! নামকাটনি গাঁৱলৈ জাক জাক শামুকভঙা চৰাই আহে ৷”
জিউ— “মই যে কাউৰীটোৰ বাদে তুমি নাম কোৱা এটা চৰায়ো দেখা নাই ৷ মোক তোমাৰ লগত লৈ যাবানে? বৰ মন যায় ককা, জাক জাক চৰাই চাবলৈ ৷”
ককা — “হ’ব ৰ’বা ৷ মই সেইবোৰৰ কথাও ক’ম ৷”
ৰিকু— “পিছে টোকোৰা চৰাইৰ কথা কোৱানা ৷”
ককা— “শুনাহঁক বাৰু ৷ আমাৰ মাজত যিদৰে খেতিয়ক, গায়ক, মিস্ত্ৰী, শিক্ষক, ডাক্তৰ, ইঞ্জিনীয়াৰ আদি আছে, ঠিক সেইদৰে চৰাইৰ মাজতো বিভিন্ন কথা জনা চৰাই আছে ৷”
বল্টু— “ককা, সিহঁতেতো কথা নকয়!”
ককা— “নহয় অ’ বোপা ৷ কথা মানে মই সিহঁতে কৰা কামৰ কথা কৈছোঁ ৷ চৰাইৰ মাজৰ ইঞ্জিনীয়াৰ হ’ল টোকোৰা ৷ ওখ ওখ তাল, নাৰিকল, খেজূৰ আদি গছৰ পাতৰ আগত ওলমি থকা টোকোৰা চৰাইৰ বাহ বহু দূৰৰ পৰা চকুত পৰে ৷ আন বাহ সাজে লুকাই চুৰকৈ গোপন ঠাইত ; কিন্তু টোকোৰাই বাহ সাজে আনে দেখাকৈ ৷ চৰাই একোটায়ো যে ইমান ধুনীয়াকৈ বাহ সাজিব পাৰে, সেইটো নেদেখিলে বিশ্বাস কৰা টান৷”
ৰিকু— “ককা, তেনেহ’লে টোকোৰা চৰাইক যদি কওঁ, আমাৰ ঘৰটো সাজি দিবনে ককা? আমিও তেতিয়া ওলমা ঘৰত থাকিব পাৰিম ৷”
ককা— “এইবাৰ মই ঘৰলৈ গৈ সুধি আহিম দিয়া ৷ এতিয়া শুনা — টোকোৰা চৰাই ছয় ইঞ্চিমানহে দীঘল ৷ মতা-মাইকী দেখাত প্ৰায় একেই ৷ কিন্তু সিহঁতৰ বিয়াৰ সময়ত মতাটোৰ পাখিবিলাক ৰঙীন হৈ পৰে ৷ সিহঁতে বাহ কেনেদৰে সাজে জানা? — তামোল বা নাৰিকল গছৰ দৰে গছবোৰৰ মূল পাতখিলাৰ আগত কেইবাখিলাও সৰু পাত দীঘে দীঘে ফালি, সেইবিলাককে পকাই একোডাল শকত ৰছী তৈয়াৰ কৰে আৰু তাতে ওলোমাই বাহটো সাজে৷ এবাৰ কি হ’ল জানা? — এহাল মতা আৰু মাইকী চৰায়ে আনন্দ মনেৰে বাহটো সাজি আছিল ৷ লাহে লাহে ইমান সুন্দৰ হৈ উঠিছে যে স্বৰ্গৰ বায়ু দেৱতাৰ চকুত পৰিল ৷ বায়ু দেৱতা স্বৰ্গৰ পৰা পৃথিৱীলৈ নামি আহি সিহঁতৰ আগত দেখা দিলে৷ টোকোৰা চৰাই দুটাৰ লগত বায়ু দেৱতাই কথোপকথনত মিলিত হ’ল৷
বায়ুদেৱতা — “তহঁত দুয়োটা লগ হৈ স্বৰ্গলৈ গৈ মোক এটা ওলোমা ঘৰ সাজি দিব লাগে ৷”
মতা টোকোৰা— “তুমি কোন?”
বায়ুদেৱতা— “মই এই চৰাচৰৰ বায়ুদেৱতা ৷ মোৰ বাবেই তহঁতে উশাহ-নিশাহ লৈ আছ ৷ মই নহ’লে তহঁত নিগমে মৰিবি ৷”
মাইকী টোকোৰা— “পিছে তোমাৰ স্বৰ্গতো আমি চিনি নাপাওঁ ! তাত বা গছ-বন আছেনে নাই ! আমাৰ আকৌ বিপদ হ’ব নেকি?”
বায়ুদেৱতা— “তেনে কোনো চিন্তা কৰিব নালাগে ৷ সকলো সুবিধা কৰি দিয়া হ’ব ৷”
মতা টোকোৰা— “তোমাৰ বাবে যিমান ডাঙৰ ঘৰ লাগিব, আমি সিমান ডাঙৰ ঘৰ গঢ়ি দিব নোৱাৰিম ৷ আমি মাথোঁ কণমানি চৰাইহে !”
বায়ুদেৱতা— “মোক ঘৰ সাজি দিব লাগিবই ৷ নহ’লে মই এফালৰ পৰা তহঁতৰ ঘৰ অনিষ্ট কৰি দিম ৷ কথাটো ভাবি চা ৷ দুদিন সময় দিলোঁ ৷”
বল্টু — “তাৰপাছত টোকোৰা চৰাইহালৰ কি হ’ল ককা, কোৱানা ৷”
ৰিকু — “কোৱানা ককা ৷”
বাৰ্বী— “মোক নিবলৈ দেউতা আহিলেই ৷ ককা, আজি নক’বা ৷ কাইলৈ ক’বানে ককা ?”
ককা— “হয় দিয়া ! আজি আমাৰ বহুত সময় হ'ল৷”
                                                                                       ( আগলৈ)

লেখক : শ্ৰী চন্দন গোস্বামী।
CRCC ভুৰবন্ধা, মৰিগাঁও।
ফোন : 9854790167


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: