Thursday, September 6, 2018

ইঞ্জিনিয়াৰ

ইঞ্জিনিয়াৰ


মনত অদম্য হেঁপাহ আছিল
ইঞ্জিনিয়াৰ হোৱাৰ৷
মেট্ৰিকৰ ৰিজাল্ট্ ওলাবৰ দিনা
মনত আনন্দৰ জোৱাৰ উথলি উঠিছিল৷
ইঞ্জিনিয়াৰিঙৰ প্ৰথম চিৰিত মই যেন বগালোঁৱেই!

দেউতাই সৰুৰে পৰাই সপোন দেখুৱাইছিল—
"মোৰ ছোৱালী ইঞ্জিনিয়াৰ হ'ব৷"
সেইমতে ময়ো সেই সপোনত উটি-ভাহি ফুৰিছিলোঁ৷
পিছে ইঞ্জিনিয়াৰিঙত নাম লিখি নিদিলে দেউতাই,
ক'লে—  "তই নিৰ্জীৱ নহয়, সজীৱ সৃষ্টিৰহে ইঞ্জিনিয়াৰ হ'ব লাগিব৷"
একো নুবুজিলোঁ৷


পঢ়ি গ'লোঁ দেউতাই বিচৰা মতে
সপোন ভগাৰ বোজা বুকুত বান্ধি লৈ, নিৰৱে৷

এদিন শিক্ষয়িত্ৰীৰ চাকৰি এটা পাই
দেউতাক সেৱা জনাবৰ পৰত
তেওঁ সকলোকে কৈ ফুৰিছিল—
"মোৰ ছোৱালী আজি ইঞ্জিনিয়াৰ হ'ল;
নিৰ্জীৱ নহয়, সজীৱ সৃষ্টিৰ৷"

আজিহে বুজিলোঁ
দেউতাই আচলতে মই কি হোৱাটো বিচাৰিছিল৷
কিন্তু!
মই জানো হ'ব পাৰিছোঁ
মানুহ গঢ়া ইঞ্জিনিয়াৰ?
..............................
—  বন্দনা বৰদলৈ 
কুটিল খেল

কুটিল খেল


ক্ৰমশঃ
আকাশখন এন্ধাৰ হৈ আহিল,
উতনুৱা কুটিল বতাহজাকত
কাৰোবাৰ আঁচল খহিল
তিৰবিৰাই জ্বলি উঠিল৷
দুটি তৰা;
এহালি চকুত চমকি উঠিল
তৰাৰ বিজুলী৷

মহাবি‍ষ খহি পৰিল
সৌ বালিচাপৰিত
সৰগৰ পৰা,
অপৰাধ
পলকবিহীনতাত ডুব যোৱাৰ বাবে৷
তৰা দুটিৰ উজ্জ্বলতাত চমকি উঠাৰ বাবে৷

এয়াইতো অন্য এক ষড়যন্ত্ৰ!
দেৱৰ সভাত মানৱৰ স্থান
কাৰোবাৰ বাবে অসহ্য যন্ত্ৰণা!
.............................
                                    যতিন বড়া

এগণ্ডা লিমাৰিক

এগণ্ডা লিমাৰিক


            (১)
বেকাৰ জীৱনটো হৈ পৰিছিল টেঙা,
চাকৰিৰ বজাৰো যে আছিল মহঙা।
টাকুৰি ঘূৰাদি ঘূৰি,
পৰিছিল সি ভাগৰি ;
সকলোৱে‍ কৈছিল নহয় তই চেঙা।।
            (২)
টে’টত  বহি অভাজনে পালে চাকৰি,
দুৰণি‍লৈ অহা-যোৱা নাই যে আহৰি ।
দালালৰ নাই দাম,
মেধাই কৰিছে কাম ;
পাঠদানত ব্ৰতী হয় ক্লান্তি পাহৰি।।
           (৩)
প্ৰিয়জনকো দিবলৈ সময় যে নাই,
পাৰ ভঙা উছাহেৰে পোহৰ বিলায়।
বছৰ পাঁচটা গ’ল,
সলনি একো নহ’ল ;
কান্দি উঠে হিয়া এনে অপযশ পাই।।
             (৪)
গুণোৎসৱত  দিছে  হিয়া-মন ঢালি,
মৰুময় ভূমিত ম'ৰাই  ধৰে  চালি।
বাৰ্তা আহে ঘনে ঘনে,
কান্দে হিয়া মনে মনে ;
দৰমহা খেলিমেলি জেপ হৈছে খালী।।
  ◆◆◆◆◆◆◆◆

✍শ্ৰী প্রাণতোষ কুমাৰ সূত্ৰধৰ
সহ: শিক্ষক
গৰৈমাৰী সত্ৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড : ছয়গাঁও জিলা কামৰূপ (গ্ৰাম্য)
ভ্ৰাম্যভাষ: ৯৮৬৪৪০৯৫৮১