Thursday, September 6, 2018

ক্ষুদ্ৰ গল্প

ক্ষুদ্ৰ গল্প


-------------পোন্ধৰ আগষ্টৰ দিনাই বৰুৱাৰ একমাত্ৰ সন্তান ঈশানৰ জন্ম।কথাটোৰ পৰা বিনা বেতনে শিক্ষকতা কৰা বৰুৱাৰ আচলতে লাভেই হয়। কাৰণ এসময়ৰ আনন্দৰ দিনটোত আজিকালি যেন যুদ্ধৰ হে আখৰা চলে --- । সকলোবোৰ প্ৰায় বন্ধ থাকে—গতিকে জন্মদিন পতাৰ খৰছ কমি যায়।কাৰণ বন্ধ বাবে ঈশানৰ স্কুলৰ লগৰ বোৰ আহিব নোৱাৰে-- গতিকে পতাই নহয় ।অবশ্যে খোলা থাকিলেও টিউচন কৰি যি কেই টকা পায় তাৰে বৰুৱাই এনেও জন্মদিন পাতিব নোৱাৰিলেহেঁতেন।
পোন্ধৰ আগষ্টটো মাত্ৰ এটা দায় সৰা যুক্তি।অবশ্যে এই কথাটো বৰুৱাই নিজে ভবাহে---- তেওঁক এই কথাটো না চতুৰ্থ শ্ৰেণীৰ ঈশানে কৈছে, না মাকে।কোনেও বৰুৱাক কোৱা নাই আজিলৈকে---জন্ম দিন পতাৰ কথা।কিন্তু বৰুৱানীয়ে এই দিনটোত বৰ ধূনীয়াকৈ পায়স বনাই থাপনাত ধূপ- চাকি জ্বলাই--- বহু সময় সেৱা কৰি পাৰ কৰে।মাকৰ লগত কিছু সময় লৰাটোৱে প্ৰাৰ্থনা কৰে---" কিমতে ভকতি কৰিবো তোমাক----"
--- কিন্ত এইবাৰ বৰুৱাই ভাবিছিল, ঈশানৰ জন্মদিন পাতিব, ---- , তেওঁলোক-- সকলোৰে ভাল লগাকৈ পাতিব।চাকৰি নিয়মীয়া হোৱাৰ প্ৰতিশ্ৰুতি পোৱাৰ পিছত প্ৰথম এই কথাটোৱেই মনলে আহিছিল---- । কিন্তু প্ৰতিশ্ৰুতি পূৰণৰ দাবীত অনশণ কৰি বৰুৱা বৰ্তমান চিকিৎসালয়ত।
---ভাল পাইছেনে দেউতা।
--- বৰুৱাই জোৰকৈ চকু মেলি চালে।পুতেকে তেওৰ চুলিত আলফুলকৈ হাত ফুৰাই আছে— বৰুৱানী ভৰি পথানত বহি বৰুৱাৰ ভৰি পিটিকি আছে।
--- অনশণ থলিত হঠাত স্বাস্থ্যৰ অৱনতি ঘটাত বৰুৱাকে ধৰি কেবাজনো চিকিৎসালয়ত।তেওঁলোকক জোৰ কৰি চৰকাৰী চিকিৎসা দিয়া হৈছে।
--- পুতেক ঈশানলে চাই বৰুৱাই ভাবিলে---- “ এইবাৰো তোমাৰ জন্মদিন পাতিব নোৱাৰিলো। মোক বেয়া নেপাবা দেই বাবা”--- বৰুৱাই যেন তাক কব ।
দৰমহা

দৰমহা


হঠাৎ দৰমহা কথা মনত পৰি গ’ল
*******
দিনটো ৰঙীন পৃথিৱীৰ ৰঙৰ আবিৰতে পাৰ হৈ গ’ল৷ হঠাতেই দৰমহা কথা মনত পৰি গ’ল৷ টেট শিক্ষকৰ চাকৰি ৷ দৰমহা কেইটাই যেনে তেনে চলি আছো ৷ আবেলি চাৰিআলি দোকানীজনে প্ৰশ্ন কৰিলে হোলীত ঘৰলৈ নগ’ল৷
মইয়ো কলো,"নাই , নগলো৷"
দোকানীজনে ক’লে , "হয় দিয়ক , কিবা উৎসৱৰ নামত ঘৰলৈ গলেই কেইবাশ টকাও যায়৷ তাতে আপোনলোকৰ দৰমহানো কেইটকা৷"
"হয় দিয়ক৷ নিজেই চলি আছো ৷"
"উপাই নাই আৰু৷ তাতে ইমান দুৰৈত৷"
লাহে লাহে তাৰপৰা আতৰি আহিলো৷ তেওঁ কথাষাৰে মোক দুখ লগাই দিলে৷ তেওঁ গাতো কোনো দোষ নাই৷ কাৰণ টেট শিক্ষকৰ দৰমহা সকলোৱে জানে৷
সঁচাকৈয়ে ঘৰৰপৰা বহু দূৰৈত শিক্ষকতা চাকৰি কৰিছোহি৷ ইমান ভিতৰুৱা ঠাই৷ গাঁৱৰ মাজে মাজে ঘুৰি ফুৰিছো৷ গাঁও অঞ্চলত ভাড়া ঘৰ নাই৷ সেয়েহে চাৰিআলিহেন ঠাইত থাকিব লগা হৈছে৷ তাৰোপৰি স্কুললৈ অহা যোৱা কৰিবলৈ কেইবাটকাও খৰচ হয়৷ সেইয়া আতৰত থাকি স্কুল কৰা সকলোৱে জানে৷
দোকানীজনৰ দৰমহা অংকটোৱে মোক ভবাই তুলিলে৷ সিদিনা ফেচবুকতে এজনে দিছে ছয় বছৰ চাকৰি জীৱন হ’ল একাউন্টত শূন্য টকা জমা আছে৷ এনেকুৱা হাজাৰজনৰেই হৈছেে৷ ঘৰৰ বাহিৰত চাকৰি কৰা মানে ঘৰভাড়া, দৈনন্দিন আহাৰ, পানী, কাৰেন্টৰ বিল সকলোবোৰৰে দাম বাঢ়িল৷ কিন্তু শিক্ষকৰ দৰমহাহে গেঠেলা লাগিল৷ চেণ্টেল চৰকাৰৰ সাধাৰণ শ্ৰেণীৰ প্ৰাৰম্ভিক দৰমহাই বহুত৷ কিন্তু অসমৰ শিক্ষকৰ দৰমহা বিশেষকৈ টেট শিক্ষকৰ দৰমহা পুতৌজনক৷ ঘৰলৈ অহা যোৱা কৰিলেই এবাৰত তিনি চাৰিহাজাৰ খৰচ হয়৷ নামনি অসমৰপৰা উজনী অসমলৈ গাড়ী ভাৰাটোকেই চাওঁকচোন৷
এৰা , এইবোৰ নিতান্তই ব্যক্তিগত কথা৷ কিন্তু দৰমহাটোযে হাতত নাথাকেই৷ যি অনুপাতে বস্তুৰ দাম বাঢ়িছে তাৰ তুলনা একেবাৰে অৰ্থহীন হৈ পৰে আমাৰ দৰমহা৷ শাক পাচলি, মাছ, মঙহ , দৈনন্দিন প্ৰয়োজনীয় বয় বস্তুত সুৰা সুৰে দাম বাঢ়ি গৈয়েই আছে৷ কিন্তু দৰমহা প্ৰাপ্যৰ পৰাও বঞ্চিত হলো৷ সকলো বাস্তৱ ছবি৷ ঘৰত বৃদ্ধ পিতৃ মাতৃ৷ এইয়া সকলোজনৰেই বুলিব পাৰি৷ কিবা এটা উৎসৱ আহিলেই সাউৎকৈ মনত পৰে দিয়কচোন৷ আতৰৰপৰাই উৎসৱৰ দিনা ফ’নত কথা পাতি মনৰ অনুভৱক বুজ লওঁ৷ তেওঁলোকৰ মনৰ বিষাদ নিৰৱেই ঢাকি ৰাখে৷ কোনোবাজনৰ পত্নী, লগতে কণমানি কেচুৱা৷ কাৰোবাৰ ঘৰুৱা অলেখ জঞ্জাল৷ এই সকলোবোৰৰ দায়িত্ব আতৰত কৰ্মৰত শিক্ষকজনেই৷ যিদৰে মই ইয়াৰ উদাহৰণ৷
কেতিয়াবা কোনোবাজনেটো কৈয়েই পেলাই ইমান আতৰত সেইকেইটা টকা লৈ চাকৰি কৰে নেকি৷ তাৰ সলনি বেলেগ কিবা এটাকে কৰ৷ উপাইহীন মনোভাৱনা, উপায়হীন আৰ্থিক৷ কি কৰিব ৷ কাৰোবাৰ কথালৈ অৱশ্যে কোনো ভ্ৰুক্ষেপ নকৰো৷ তথাপি ও চাকৰি এৰি গলেও এচামে হাঁহিব৷ কৰি থকা দেখিও এচামে হাহে৷ কিংকতব্যবিমূঢ়৷
চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ কাৰণ

চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ কাৰণ


চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ কাৰণ সমূহ ..
১.অভিভাৱকৰ মানসিকতা । বহুতৰে মাজত কেৱল ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ত হে গুণগত শিক্ষা লাভ কৰিব বুলি এটা ভুল ধাৰণাই শিপাই আছে।
২.ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক আকৰ্ষণ কৰিব পৰাকৈ প্ৰাইভেট স্কুলৰ দৰে কেইখন চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁঠনি ভাল ?(না ভাল এটা লাইব্ৰেৰী আছে ,না কেণ্টিন আছে,না ভাল শ্ৰেণীকোঠা আছে ,না ভাল toilet আছে ,না ভাল খোৱা পানীৰ সু ব্যৱস্থা আছে ,না ভাল ডাইনিং হল আছে, না ভাল Auditorium ,না আধুনিক প্ৰযুক্তিৰে সু সজ্জিত শ্ৰেণীকোঠা আছে যিবোৰে ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিব??)
৩.বিষয় অনুপাতে শিক্ষকৰ অভাৱ।
৪.ছাত্ৰ ছাত্ৰীক পঢ়োঁওৱাৰ উপৰিও শিক্ষকক আন বিভিন্ন দায়িত্ব জাপি দিয়া ।
৫.তথাকথিত প্ৰাইভেট বিদ্যালয়ত চৰকাৰী বিদ্যালয়ত কৈ অনুশাসন ভাল বুলি জনমানসত এটা বিশ্বাস আছে। যাৰ বাবে কিছুমান চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম ।
৬.Evaluation পদ্ধতিৰ ভুল ব্যাখ্যা । বহুতে চৰকাৰী বিদ্যালয়ত pass fail নাই বুলি অভিযোগ কৰে ।
৭.যাচি দিলে সোঁণৰো মূল্য নাই ।শুনিবলৈ আচহুৱা যেন লাগিলেও কিন্তু চৰকাৰী স্কুলত সকলো বস্তু ফ্ৰী হোৱাৰ বাবেও ছাত্ৰ ছাত্ৰী কম হোৱাটো নুই কৰিব নোৱাৰি ।(ফ্ৰী বস্তুৰ গুণাগুণ বেয়া বুলি আমাৰ সমাজত এটা ভুল ধাৰণা আছে).সেয়েহে সমসাজৰ পৰা আৰম্ভ কৰি বহি কিতাপৰ পৰা মাধ্যাহ্ন ভোজন সকলো বিনামূলীয়া হোৱা সত্বেও লক্ষণীয় ভাৱে কিছুমান দুখীয়া অভিভাৱকে নিজৰ গাঁঠিৰ ধন ভাঙি হলেও নিজৰ সন্তানটিক ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ত হে পঢ়োৱাইছে ।
এইকেইটা প্ৰধান সমস্যাৰ উপৰিও আৰু এশ এবুৰি সমস্যা আছে। আৰু কি কি সমস্য থাকিব পাৰে বাৰু?আপোনালোকৰ বহুমূলীয়া মন্তব্য আগবঢ়াব ।
(ইমান সমস্যাৰ পিছতো কিন্তু আমাৰ বিদ্যালয়ত প্ৰায় 300 ছাত্রছাত্ৰী আছে ..ই চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ বাবে এক শুভ লক্ষণ বুলি মই ভাবো )