Thursday, September 6, 2018

দান-প্ৰতিদান

দান-প্ৰতিদান


শাওণ মাহ৷ দিনটোৰ প্ৰখৰ ৰ'দজাকে আবেলি জিৰণি লৈছে সমীৰণৰ সুকোমল কোলাত৷ বতাহজাকত যেন শাওণৰ পংকময় পথাৰৰ সেউজ কোমল সুবাস এটি উৰি ফুৰিছে! চৌপাশৰ সৌন্দৰ্যত যেন কিবা এটা ক্লান্তিৰ ভাব বিৰাজমান! বতাহত দুলি থকা গছৰ পাতবোৰতো ক্লান্তিৰ ছাঁ পৰিস্ফুট৷ শাওণৰ প্ৰখৰ তাপ বিনা প্ৰতিবাদে সহ্য কৰি হয়তো এতিয়া ভীষণ ক্লান্ত এই পাতবোৰ৷
গছৰ পাতবোৰৰ দৰেই কণ্টকময় এখন মুখ; জীৱনৰ কণ্টকময় বাট বুলোঁতে যন্ত্ৰণাৰ নিৰ্মম তাপত দগ্ধ হোৱা, অথচ প্ৰতিবাদহীন; বাৰ্ধক্যই ধীৰে ধীৰে গ্ৰাস কৰি অনা এখন মুখ৷ বাৰাণ্ডাৰ একোণত চকীখনত বহি চাই আছে শূন্যলৈ, নিৰ্বিকাৰভাৱে৷ সমাজত তেখেতৰ পৰিচয় গুণাৰাম শইকীয়া (মাষ্টৰ) হিচাপে৷ এসময়ৰ কৰ্মোদ্যমী, শিক্ষাব্ৰতী পুৰুষ গুণাৰাম শইকীয়া আজি তেলৰ অভাৱত ঢিমিক-ঢামাককৈ জ্বলা চাকিৰ শিখাৰ দৰেই জীৰ্ণ-শীৰ্ণ৷ বাৰ্ধক্যৰ কৰাল গ্ৰাসে এক অস্তিত্বহীন সত্তালৈ পৰিণত কৰি তুলিছে তেওঁক৷ আজি-কালি তেওঁক কোনেও কোনো কাৰণতে নিবিচাৰে৷ তেওঁ যেন এতিয়া হৈ পৰিছে অনাৱশ্যকীয় আৱৰ্জনা; অথচ পেলাই দিবও নোৱাৰি৷
আবেলিৰ বতাহজাকে ভাবত বিভোৰ হৈ থকা গুণাৰাম শইকীয়াৰ জীৱনৰ অতীত আৰু বৰ্তমানৰ পৃষ্ঠাবোৰ খেলিমেলি কৰি দিলেহি৷
বেলি দুপৰলৈকে পথাৰত হাল বাই পথাৰৰ পৰা আহি খাই-বৈ তেওঁ আগতেও শাওণমহীয়া আবেলি বাৰান্দাত চকী এখনত বহি জিৰণি লৈছিল৷ কাষৰ শাৰী শাৰী নাহৰ গছৰ পাতবোৰে হালি-জালি বা দিছিল তেওঁক৷ তেতিয়াৰ সেই মিঠা আমেজৰ লগত এতিয়াৰ অকণো মিল নাই৷
শিক্ষক হিচাপে নিযুক্তি পোৱাৰ পাছতেই তেওঁৰ মাক-দেউতাকে ঘৰখনৰ একমাত্ৰ ল'ৰাৰল'ৰা বিয়া পাতি দিছিল৷ কাঞ্চন আছিল তাইৰ নাম৷ গাঁৱৰ সকলোৱে একেমুখে কৈছিল— "নামো যেনে, তাই ছোৱালীজনীও তেনে৷" সঁচাকৈয়ে অকণো খুঁত গাত নোহোৱাকৈয়ে দুয়ো চল্লিছ বছৰীয়া যুগ্ম জীৱন পাৰ কৰিলে৷ বাবা (বিনোদ) আৰু ধন (মনোজ)-ক জন্ম দিলে, নিজে নাখায়ো সিহঁতক খুৱালে, নিজে নিপিন্ধিও সিহঁতক পিন্ধালে, উচ্চ শিক্ষাৰে দুয়োকে শিক্ষিত কৰিলে৷ ডাঙৰজন ল'ৰা বাবাক চিকিৎসক আৰু সৰুজন ল'ৰা ধনক প্ৰবক্তা হিচাপে প্ৰতিষ্ঠিত কৰিলে৷ তেওঁলোকৰ সপোন দুই পুত্ৰই কৰিব পাৰিছিল৷ কিন্তু বহু সপোন আধৰুৱা হৈয়েই ৰ'ল... দুয়ো কল্পনা কৰিছিল পো-বোৱাৰী, নাতি-নাতিনীৰে ভৰপূৰ এখন ঘৰৰ৷ কিন্তু সকলো ওলট-পালট হৈ গ'ল৷ অলপ অলপকৈ সাঁচি থোৱা দৰমহাৰ টকাৰে সদা বৃহৎ ঘৰটোলৈ আগমণ নঘটিল তেওঁলোকৰ সপোনৰ অৱগুণ্ঠিতা নৱবধূৰ৷ চেনেহৰ নাতিৰ কলকলনিৰ সলনি ঘৰৰ কোঠাবোৰ দখল কৰিলে ভয়ংকৰ নিৰৱতাই৷
মহানগৰত চাকৰি কৰা গুণাৰাম শইকীয়াৰ দুই পুত্ৰই তাতেই বিয়া-বাৰু কৰাই নিগাজীকৈ বসবাস কৰিবলৈ ধৰিলে৷ এই কথা জনাৰ পাছত মাক-দেউতাকৰ অন্তৰে যে কিমান আঘাত পাব, এই কথা সিহঁতৰ এটায়ো এবাৰলৈও ভাবি নাচালে৷ আনকি নৱবিবাহিতা পত্নীক এবাৰলৈও ঘৰখন দেকুৱাবলৈ, মাক-দেউতাকৰ আশীৰ্বাদ ল'বলৈ লৈ নাহিলে৷ ইয়াতে গুণাৰাম শইকীয়াৰ আত্মাভিমানত চৰম আঘাত লাগিল আৰু আগ-পিছ নাভাবি সিহঁতক ত্যাজ্য পুত্ৰ ঘোষণা কৰিলে৷ কিন্তু মাকে এই কথা একেবাৰেই সহজে ল'ব নোৱাৰিলে৷ তেওঁ বুজাইছিল যে আন্তৰীকতাহীন তেজ-মঙহৰ সম্পৰ্ক নথকাই ভাল৷ কিন্তু ভীষণ মানসিক চাপে জুৰুলা কৰি বৃদ্ধা মানুহজনীক সহজেই সংসাৰৰ পৰা মুক্তি লভাত সহায় কৰিলে৷ নাহিল... সিহঁত তেতিয়াও নাহিল৷
দুটোপাল পানী গুণাৰাম শইকীয়াৰ চকুৰ কোণত বিৰিঙি উঠিল৷ কান্ধৰ গামোচাখনেৰে চকু দুটা মোহাৰি তাক নিগৰি অহাত তেওঁ বাধা দিলে৷ আজি গুণাৰাম শইকীয়াৰ মৃত পত্নীলৈ বৰকৈ মনত পৰিছে৷ কথা পাতিবলৈ মন গৈছে৷ কিন্তু পাতিবই বা কেনেকৈ! আপোন মানুহৰ অমানুষিক মানসিক অত্যাচাৰৰ যন্ত্ৰণা তেওঁক অকলে সহি থাকিবলৈ দি তেওঁতো কেতিয়াবাই গুচি গ'ল! আজি এবছৰৰ মূৰত পত্নীৰ স্মৃতিয়ে তেওঁক অহৰহ খুন্দিয়াবলৈ ধৰিলে৷ গুণাৰাম শইকীয়াৰ মনত এটা অদ্ভুত বাসনা জাগি উঠিল৷ আজি মৃত পত্নীলৈ তেওঁ এখন চিঠি লিখিব৷ মনত থুপ খাই থকা স্মৃতিবোৰ ভগাই ল'ব৷ তেওঁ কাগজ-কলম গোটাই আনি লিখিবলৈ ধৰিলে—
"মৰমৰ কাঞ্চন,
নাজানো তুমি ক'ত আছা৷ আশা কৰোঁ ভালেই আছা৷ মোৰ বাবে চিন্তা নকৰিবা; মই ভালদৰেই আছোঁ৷ কিন্তু আজি-কালি কিবা ভোকটোহে কমি গৈছে৷ ভাত খাবলৈকে মন নাযায়৷ নাই, নাই চিন্তা নকৰিবা৷ আচলতে কি জানা?— তুমি কৰি তৈ যোৱা, মই আৰু ধনে খাই ভাল পোৱা জলফাই টেঙাৰ আচাৰখিনি যোৱা মাহতেই খাই শেষ কৰিলোঁ নহয়! তুমিতো জানাই, আচাৰ অকণ নহ'লে মোৰ পেটলৈ ভাতকে নাযায়৷ আমাৰ ঘৰত বৰ্তমান সকলোৰে ভাল৷ পিছে ক'লা দমৰাটোকহে কালিৰে পৰা মনটো মাৰি থকা দেখিছোঁ৷ ঘাঁহ-বন একোকে মুখত নিদিয়া হৈছে৷ কিবা হৈছে নেকি তাৰ! অ', তুমি নাজানা নহয়, আমাৰ মেকুৰীজনীয়ে পৰহি দিনা তিনিটা পোৱালি জন্ম দিলে নহয়৷ আৰু ক'ৰ জানো বগী কুকুৰ এজনী আহি আমাৰ পখৰাৰ লগ লাগিছেহি! মই নিজৰ বাবে নহ'লেও সিহঁতৰ বাবেই ভাত ৰান্ধিব লাগে৷
আৰু কিনো ক'ম! অ' তোমাৰ মনত আছেনে কাঞ্চন, বিয়াৰ প্ৰথম নিশা যে তুমি গোটেই নিশাই বিছনাত বহি কান্দি থাকিলা? তোমাৰ লগতে যো ময়ো টোপনি খটি কৰি বহি আছিলোঁ! পিছদিনা ন-কইনা চাবলৈ অহা মানুহবোৰে তোমাৰ অমৰা গুটি হেন চকু দেখি হাঁহি ৰখাব নোৱৰা হৈছিল৷ মনত পেলাই দিয়াৰ বাবে খং উঠিছে নেকি তোমাৰ? আচলতে আজি মোৰ বাবা আৰু ধনলৈ বৰকৈ মনত পৰিছে৷ সিহঁতে যিয়েই নকৰক কিয়, নিজ সন্তানক বাৰু কোনে পাহৰিব পাৰে? কাঞ্চন, তোমাৰ বাৰু মনত আছেনে, বাবাই যে জন্মৰ পাছত দুদিনলৈকে গাখীৰ খোৱা নাছিল? আমি যে ইমান ভয় খাইছিলোঁ! কম হাৰাশাস্তি কৰিছিলনে সি আমাক! স্কুললৈ যাবলৈ চাইকেল কিনি দিব নোৱৰাৰ খঙতে যে পাকঘৰৰ কাঁহি-বাটি সোপাকে নি বৰপুখুৰীটোত পেলাই দিছিল; আৰু ধন, ইমান যে লাজকুৰীয়া আছিল সি! তুমি আৰু মই ক'ৰবালৈ যাবলৈ ওলালে সি যে আমাৰ লগত কোতিয়াও নাহিছিল! মনত আছেনে বাৰু তোমাৰ? মোৰ কিন্তু আৰু বহুত কথাই মনত আছে৷ এতিয়া বাবা আৰু ধন কেৱল আমাৰেই হৈ থকা নাই৷ বহুত ডাঙৰ ডাঙৰ মানুহে বিচাৰে সিহঁতক, শ্ৰদ্ধা কৰে, সন্মান কৰে৷ এয়া জানো আমাৰেই গৌৰৱ নহয়? অ' তোমাক ক'বলৈকে পাহৰিছিলোঁ, সিদিনা ধনপোনাৰ সৰুটো ল'ৰা ৰোহনৰ ফট' পেপাৰত ওলাইছিল বোলে৷ কিবা বোলে সদৌ অসম ভিত্তিত 'মৰমৰ ককা আৰু আইতা' শীৰ্ষক ৰচনা লিখা প্ৰতিযোগিতাত সি প্ৰথম হৈছে৷
আৰু ... আৰু...
হাতখন বৰকৈ কঁপিছে দেখোন৷ উশাহ-নিশাহ ঘন হৈ আহিছে৷ ফোঁপাইছোঁ মই৷ আৰু হয়তো তোমাক একো ক'ব নোৱাৰি! কাঞ্চন...
ইতি
হঠাৎ কলমডাল তেওঁৰ হাতৰ পৰা সৰি পৰিল৷ তেতিয়া পশ্চিম আকাশত অস্তগামী সূৰুযৰ শোকৰ বন্যা৷
..................................

- দেৱযানী বকলীয়াল
প্ৰবক্তা, অসমীয়া বিভাগ (গড়গাঁও মহাবিদ্যালয়)

ঈশ্বৰ

ঈশ্বৰ


ঈশ্বৰবোৰ এতিয়া নাই
দুখীয়াৰ ঘৰত
ঈশ্বৰবোৰ থাকে হেনো
ধনী দুলালৰ দালানত
বন্ধ কোঠাত সিংহাসনত
নিতালে...
ধূপ—ধূণা, অগৰু, চন্দন
সোণৰ ফুল ৰূপৰ কাৰেঙত
নিস্তব্ধতাৰে...
দুখীয়াসকলে ঈশ্বৰক চায়
দূৰৰ পৰাই
সেৱা জনায় অন্তৰৰ পৰা
মনতে গুণগুণায়
মুক্তিত নিস্পৃহ যিটো সেহি
ভকতকো নমো
শংখ, ঘণ্টা, উৰুলিৰ মাতত
জীন যায় সকলো
ভিৰ ফালি ধনীবোৰ আগুৱায়
দামী মিঠাই টকাৰ মালাৰে
যাচে নৈৰ্বেদ্য ...
পুৰোহিতে মন্ত্ৰোচ্চাৰণ কৰে
সৰ্বে ভৱন্তো সুখীনঃ
আগলি কলপাতত গুৱা-পাণ
বন্তি এগচিৰে দুখীয়াই
ঈশ্বৰ থাপে
চাদৰৰ আঁচল পাতি সেৱা জনায়
ঈশ্বৰ আছে
ঈশ্বৰ আছে
ঈশ্বৰ আছে...


মাধুৰ্য্য সন্দিকৈ
 টেঙাখাত , ডিব্ৰুগড়
 ফোন ৯৯৫৭৬৩৩০২২
মহানগৰৰ ওপৰ চোতালত হীৰু ককা (২ য় খণ্ড)

মহানগৰৰ ওপৰ চোতালত হীৰু ককা (২ য় খণ্ড)


(যোৱা সংখ্যাৰ পিছৰ পৰা)

বল্টু:  "ককা, তুমি ৰাতিপুৱা শোৱাৰ পৰা উঠি কঠখন মজিয়াতে পাৰি চকু দুটা মুদি কি কৰি থাকানো?"

ককা:  "কিনো কৰিম!  তহঁতক কি সাধু শুনাম, তাকে ভাবি থাকোঁ৷"

বল্টু: "মাই আকৌ কি কয়, জানা ককা? তুমি ভগৱানৰ লগতহে কথা পাতি থাকা৷ মাই ইমান মিছা কথা কয়, নহয়নে ককা? ককা, আজি পল, ৰিকু, জিউ আৰু বাৰ্বী সোনকালে আহিব৷ তুমি কিন্তু সোনকালে সাজু হ'ব লাগিব৷"

ককা:  "হ'ব দে৷ তই এতিয়া  আগতে শ্ৰেণীত পঢ়া কিতাপ এখনকে লৈ চিঞৰি চিঞৰি পঢ়গৈ যা৷"

বল্টু: "ককা, তুমিও যে মাৰ নিচিনাই হ'লা! হ'লহে আৰু পঢ় পঢ় কৰি থাকিবলৈ! যদি মই পঢ়িব লাগে, তেন্তে তুমি মোক ভাওনাৰ বচন শিকাব লাগিব৷ অসুৰৰ ভাও৷"

ককা: "হ'ব দে দুষ্টটো!  মই এগালমান বচন শিকাম৷ যা, এতিয়া পঢ়গৈ৷ মই কিন্তু শুনিব লাগিব৷"
বল্টু পঢ়িবলৈ গ'ল৷ ককাকে ইতিমধ্যে প্ৰাতঃকৰ্ম কৰি গোসাঁই সেৱা কৰিছে৷ থাপনাখনৰ কাষৰ পৰা এটা মাত ভাহি আহিছে—

গোবিন্দ গোবিন্দ গোবিন্দ গোবিন্দ
গোবিন্দ ৰাম মূৰাৰী
অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী৷

 গুৱাহাটীৰ সেউজী উপপথৰ ইমূৰ-সিমূৰ ককাৰ গলগলীয়া  মাতটোৰে 'অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী'  ধৰণৰ বাৰ্তা পাবলৈ সক্ষম হ'ল৷ ককা গোসাঁইঘৰৰ পৰা ওলাই অহাৰ লগে লগেই বল্টু কাষত আহি থিয় হ'লহি৷ বটাটোতে লৈ অহা মিঠা প্ৰসাদৰ ভাগ লৈয়ে লগৰবোৰৰ ঘৰলৈ দৌৰ দিলে৷

 বল্টুৱে বাৰ্বীহঁতৰ ঘৰতে জিউ, ৰিকু আৰু পলক 'সাধু সাধু' খেলি থাকোঁতে লগ পালে৷ বল্টুক দেখি সিহঁতে একমুখে চিঞৰি উঠিল—  ব....ল.....টু ...৷ তহঁত ব'ল ব'ল৷ ককাক আজি মই কৈছোঁ আবেলিয়ে সাধু ক'ব লাগিব৷ তহঁতে দুপৰীয়াৰ আহাৰ খাই আমাৰ ঘৰলৈ আহিবি৷ আজি ৰাতিপুৱা ককাই চকু দুটা মুদি ধ্যান কৰি আছে৷ কিয় জান? তাৰমানে ককাই আমাক কি সাধু ক'ব, ভাবি আছে৷ বাৰ্বীয়ে চিঞৰি উঠিল—  মজা, বঢ়িয়া হ'ব৷ আজি বগুত নতুন কথা শুনিম৷ যা যা, এতিয়া তহঁত ঘৰে ঘৰে যা৷ আবেলি ২ মান বজাত বল্টুহঁতৰ ঘৰ পাব লাগিব কিন্তু!

ইতিমধ্যে ককাই দুপৰীয়াৰ আহাৰ খাই ওপৰ চোতালত বহি ৰ'দ লৈ আছে৷ কঁহুৱা-কোমল ডাৱৰে নীলা আকাশখনত নানা ৰূপ লৈছে৷ ৰেইলৰ দীঘল উকিটোৱে  ককাৰ মন-প্ৰাণ চঞ্চল শৈশৱলৈ লৈ গ'ল৷ ৰিকু, জিউ, বাৰ্বী আৰু পলৰ কিৰীলিত ককাৰ সম্বিত ঘূৰি আহিল৷ গোটেইজাকে ককাকক হেঁচা মাৰি ধৰিলে৷


 বাৰ্বী:  ককা, বায়ু দেৱতাই কি কৰিলে ককা? টোকোৰা চৰাইহালৰ কিবা বিপদ হ'ল নেকি ককা?

ৰিকু:  মোৰো সেইটোৱেই চিন্তা হৈ আছে৷

জিউ: মোৰ অৱশ্যে তাৰ উপৰি আৰু এটা কথা মনলৈ আহি আছে৷ আমাৰ মাই যে কথাই কথাই কৈ থাকে—   "ভগৱানেহে জানে!" ... এই ভগৱানৰ ঘৰ বা ক'ত!

বল্টু: বায়ু দেৱতাৰ ওচৰলৈ টোকোৰা চৰাই গ'লনে ককা?

ককা:  শুনাচোন শুনা আজি টোকোৰা চৰাইক লৈ কোনো অনামি লোকে ৰচা এই গীতটো—

"টোকোৰা ককাই ইমান পকাই
বাহ সাজিছা কিয়?
কোননো আহিব তোমাৰ ঘৰলৈ
ইমান উত্ৰাৱল কিয়?"

ককাই সুৰ লগাই গীতটি তিনিবাৰমান গোৱাৰ পাছত সিহঁতক গাবলৈ দিয়ে৷ সিহঁতেও ওপৰ চোতালত ঘূৰি ঘূৰি ককাই গোৱা সুৰ মতে গাবলৈ ধৰে৷
বাৰ্বী:  "কোৱানা ককা, সাধুটো৷"

ককা: অঁ, তহঁতে মন দি শুন তেন্তে—  টোকোৰা চৰাইহাল মহা চিন্তাত পৰিল৷ দুয়োটাই ঠিক কৰিলে যে সিহঁতে লগৰবোৰক কথাটো ক'ব৷ যাত্ৰা আৰম্ভ কৰিলে৷ ইগাঁও-সিগাঁও ঘূৰি ফুৰিবলৈ ধৰিলে৷ নিশা হওঁতে কাৰ বাহত কেনেকৈ যে দিন কটাবলগীয়া হৈছে, ঠিক নাই৷ এইদৰে ঘূৰি ফুৰোঁতে পৃথিৱীৰ আঠাইতকৈ বুঢ়া টোকোৰাহালক লগ পালে৷ সিহঁতহালে বিশেষ লৰচৰ কৰিব নোৱাৰে৷ বহু যুগৰ জীৱন-যুদ্ধ সিহঁতহালৰ নখ দৰ্পণত৷ সিহঁতে এতিয়া আহাৰ-বিহাৰ নিজে বিচাৰি নুফুৰে৷ সেই গাঁৱৰ সমূহ টোকোৰা চৰায়ে ভালৰো ভাল খাদ্য আনি খুৱায়৷  ভালৰো ভাল বাহটোত সিহঁতক ৰাখে৷

বায়ু দেৱতাৰ ভয়ত ইগাঁও-সিগাঁও, এটা এঞ্চলৰ পৰা অন্য এটা অঞ্চল, নদ-নদী, ইখন দেশৰ পৰা সিখন দেশ ঘূৰি উপায় বিচাৰি ফুৰা টোকোৰা চৰাইহালে বুঢ়া টোকোৰা চৰাইটোক লগ পোৱাৰ লগে লগে মনলৈ ক'ৰ পৰা যেন এক শক্তি আহিল! দুয়োটাই মূৰ দোঁৱাই বুঢ়াৰ কাষত বহিলে৷ সিহঁত দুটাৰ চকু-মুখত ত্ৰাসৰ  চিন সহজেই বুঢ়া টোকোৰা চৰাইটোৱে ধৰিব পাৰিলে৷

টোকোৰা চৰাইহালে বায়ু দেৱতাৰ কাহিনীটো বিৱৰি ক'লে৷ অ' কথা সেইটো!  তেনেকুৱা কথা কিমানৰ যে হৈছে! বুঢ়া টোকোৰা চৰাইটোৱে নিজৰ জীৱনকালৰ কথা বিৱৰি ক'বলৈ ধৰিলে৷

এবাৰ কি হ'ল জানা? —  বৰষুণত তিতি জুৰুলি-জুপুৰি হোৱা বান্দৰ এটাক লগ পাই সুধিলোঁ "তোমালোকেনো বাহ এটা সাজি নোলোৱা কিয়?" বান্দৰে কথাষাৰত বৰ লাজ পালে৷ খঙত বান্দৰে মোৰ বাৰ, চেনেহৰ উমেৰে উমাল কণী, পোৱালি সকলো ছিঙি-ভাঙি মাটিলৈ দলিয়াই দিলে৷ এটা কথা তোমালোকে জানি থ'বা—  "গুণীৰ গুণ শেষ নোহে কোনো কালে"৷ মই পুনৰ আন ঠাইত ঘৰ সাজি ল'লোঁ৷ আনহাতে বান্দৰ অঘৰী হৈয়েই ৰ'ল৷

এতিয়া শুনা, তোমালোকে নিজৰ দেশ, নিজৰ গাঁৱলৈ উভতি যোৱা৷ গাঁৱত এখন সভা পাতি তোমালোকে বাহ সলাই থকাৰ বাবে প্ৰস্তাৱ লোৱা৷ বায়ু দেৱতা যেতিয়া তোমাৰ প্ৰকৃত ঘৰলৈ আহি লগৰ কাৰোবাক ক'ব, তেতিয়া তেওঁ ক'ব—  "আপুনিতো মোক একো কোৱা নাই!" পুনঃ পুনঃ বায়ু দেৱতা আহি থাকিব আৰু তোমালোকে এনেদৰে কৈ থাকিবা৷ এদিন তেওঁ নিজে ভাগৰি নহা হ'ব৷

(আগলৈ)
লেখক : শ্ৰী চন্দন গোস্বামী।
CRCC ভুৰবন্ধা, মৰিগাঁও।
ফোন : 9854790167