দুখৰ ৰাতি ভাবুকি অযুত।
অশলাগি নহয় তুমি প্ৰকৃতি,
আশা আছে, বুকুৰ অনুভৱখিনি আনে নুবুজিলেও তুমিয়ে
অকণমান বুজিবা বুলি।
তোমাক দেখিয়ে আশাবোৰ বাৰে বাৰে ৰঙচুৱা হয় দেখোন।
যদি তোমাক লৈয়ে যুগে অহংকাৰ কৰিব পাৰে,
তোমাক লৈ আমিনো সাহস গোটাব নোৱাৰো কিয়??
কিবা এটা ভাবিয়ে ভাল লাগে ন' !
কথাই প্ৰতি নাই কোনো অভিমান,
নাই কোনো খঙ,ৰাগৰ অৱকাশ,
এয়াই সেয়া আমাৰ জীপাল ধৰা।
সহোদৰে আজি দেখিও নেদেখে,
বুজিও নুবুজাৰ ভাও জুৰে।
সুদূৰলৈ চাই চিঞৰি চিঞৰি
উভতাই বিচাৰিলে জানো দুনাই পাম??
বাটৰুৱা পখিলাই তোমাৰ সদ্ব্যৱহাৰ নাজানিলে অ!
লিখক- কমল ৰাভা, শিক্ষক, ছয়গাও, কামৰূপ গ্ৰাম্য
ফোন নং-৮৪৮৬৯-৬৩৩৮৬