Wednesday, April 25, 2018

নতুন বছৰৰ আশা

নতুন বছৰৰ আশা

নতুন বছৰৰ আশা 


আহিল আকৌ নতুন বছৰ
এটি নতুন দিন,
সকলোৱে আনন্দেৰে
বজোৱা প্ৰীতিৰ বীণ।
পুৰণি দিনৰ দুখ-শোক
সকলো পাহৰি যোৱা,
নতুন দিনত বিভেদ পাহৰি।
মিলনৰ গীত গোৱা।

      চুমন আহমেদ।
সপ্তম শ্ৰেণী।
দীৰ্ঘেশ্বৰী মধ্য ইংৰাজী বিদ্যালয়।
জিলা- কামৰূপ(গ্ৰাম্য)
শিক্ষাখণ্ড- কৰৰা
পোহৰ (শিশু-নাট)

পোহৰ (শিশু-নাট)

পোহৰ (শিশু-নাট)

চৰিত্ৰসমূহ :
পৰিনীতা : ঘৰৰ মালিকনী 
প্ৰিয়া : পৰিনীতাৰ ছোৱালী 
জুৰি : কাম কৰা ছোৱালী 
বৰষা ,মনিষা,ববিতা : স্থানীয় মহিলা সমিতিৰ সদস্যা 
মি: শইকীয়া - পুলিচ বিষয়া 
যদু : হাৱলদাৰ 

( মঞ্চ : সুসজ্জিত বহাকোঠা, য’ত জুৰিয়ে লাহে লাহে ঝাড়ু দি থাকিব আৰু জুৰিক মাতি মাতি সৰু ছোৱালীজনীৰ হাতত ধৰি পৰিনীতা ভিতৰৰ দিশৰ পৰা সোমাই আহিব ।)


পৰিনীতা : ‘‘জুৰি, অ’ জুৰি ,ক’লৈ গলি তই !”
জুৰি : “বাইদেউ আপুনি মোক মাতিছিল নেকি ?”
পৰিনীতা : ওঁ ,মই প্ৰিয়াক লৈ বজাৰলৈ যাওঁ ৷ তাইৰ চুলিখিনি কটোৱাবলগা হৈছে ।তই ৰুমবোৰ ঝাড়ু দি বাচনবোৰ ধুবি ; আৰু শুনচোন, প্ৰিয়া আৰু মোৰ কাপোৰখনি তিয়াই থোৱা আছে, তই ধুবলৈ নাপাহৰিবি ৷”
জুৰি : “হ’ব বাইদেউ ৷”
পৰিনীতা : “আমি আহোঁদেই ।”
প্ৰিয়া : “বাই বাই জুৰিবা৷”

(পৰিনীতা আৰু প্ৰিয়া ওলাই যাব আৰু কোঠাটো সাৰি জুৰি ভিতৰলৈ সোমাই আহিব । অলপ পাছতে বাহিৰৰ পৰা জুৰিৰ মাকে মাত দিব৷ )

জুৰিৰ মাক : “বাইদেউ ,অ’ বাইদেউ।”

(জুৰি ভিতৰৰ পৰা বহাকোঠালৈ ওলাই আহিব ।মাক আৰু তিনিগৰাকী মহিলা বহাকোঠালৈ সোমাই আহিব৷)

জুৰি : “মা ………মা , তোমালোক !” (আচৰিত হৈ )
জুৰিৰ মাক : “অঁ, আইজনী । আইজনী, বাইদেউ নাই নেকি ?”
জুৰি : “নাই মা। বাইদেউহঁত বজাৰলৈ গৈছে৷”
জুৰিৰ মাক : “আইজনী, তুমি এওঁলোকক চিনি পাইছানে ?”
জুৰি : “নাইপোৱা মা৷”
জুৰিৰ মাক : “এওঁলোক হৈছে স্থানীয় মহিলা সমিতিৰ সদস্যা। কালি এখেতসকল আমাৰ ঘৰলৈ গৈছিল ।”

(জুৰিয়ে মহিলাকেইগৰাকীক হাতযোৰ কৰি সম্ভাষণ জনাব)

বৰষা : “এৰা, আইজনী। তোমাৰ নাম জুৰি নহয় জানো !”
জুৰি : “হয়। মোৰ নাম শ্ৰী জুৰিমণি বৰা।”
মনিষা : “আমি যদিও স্থানীয় মহিলা সমিতিৰ সদস্যা, আমাক চৰকাৰে কিছুমান দায়িত্ব অৰ্পণ কৰিছে।”
ববিতা : “তোমালোকৰ দৰে সৰু সৰু ল’ৰা-ছোৱালীবোৰে পঢ়া-শুনা আধাতে সামৰি লোকৰ ঘৰত কাম কৰাকৈ থকাটো আইনমতে দণ্ডনীয় ।”
বৰষা : “তোমাৰ কথা গম পাই সেয়ে আমি তোমাৰ মাৰাক লৈ তোমাক ইয়াৰ পৰা লৈ যাবলৈ‍ আহিছোঁ ।”
মনিষা : “তুমি আকৌ বিদ্যালয়লৈ যাব পাৰিবা ৷”
জুৰি : “সঁচা মা !” (আনন্দিত হৈ )
জুৰিৰ মাক : “এৰা অ’ আইজনী !”

(এই সময়তে বাহিৰৰ পৰা পৰিনীতা আৰু জীয়েক প্ৰিয়া সোমাই আহিব ।প্ৰিয়াই মানুহবোৰ দেখি ভিতৰলৈ দৌৰি যাব ।)

পৰিনীতা : “অ’ জুৰিৰ মাক ।”
জুৰিৰ মাক : “হয় বাইদেউ ।”
পৰিনীতা
 : “এওঁলোক ?” ( অচিনাকি মানুহকেইজনীৰ পিনে চাই ক’ব )
জুৰিৰ মাক : “বাইদেউ, মই জুৰিক লৈ যাবলৈ‍ আহিছোঁ ।”
পৰিনীতা : “কি কথা কোৱা হে ? পইচা লাগে যদি লৈ যোৱা ।হুঁ, লোৱা দুশ টকা । (বেগৰ পৰা দুশ টকা উলিয়াই জুৰিৰ মাকৰ পিনে দিব৷ মহিলাকেইজনীয়ে নিৰৱে লক্ষ্য কৰি থাকিব )
জুৰিৰ মাক : “নহয় বাইদেউ ।মই জুৰিক লৈ যাম ।”
বৰষা : হয় |বাইদেউ আমি জুৰিক ইয়াৰ পৰা লৈ যাব আহিছো ।
পৰিনীতা : “আপোনালোকে ক’লেই মই জুৰিক লৈ যাবলৈ‍ দিম নেকি ?”
(ববিতা নামৰ মহিলাগৰাকীয়ে কাকো একো নোকোৱাকৈ কোঠাৰ পৰা ওলাই যাব)
মনিষা : “বাইদেউ, আপুনি এগৰাকী শিক্ষিতা মহিলা হিচাপে‍ নিশ্চয় জানে যে‍ সৰু, মানে চৈধ্য বছৰ বয়সলৈ কোনো ল’ৰা-ছোৱালীক কাম কৰা বনুৱা হিচাবে ৰখাটো আইনমতে দণ্ডনীয় ৷”
 
বৰষা : “সকলোকে শিক্ষা দিয়াটো বাধ্যতামূলক ।চৰকাৰী বিদ্যালয়ত সকলো বিনামূলীয়াকৈ দিয়া হয় ।”
জুৰিৰ মাক : “কালি বইদেউহঁত আমাৰ ঘৰলৈ গৈ মোক কথাবোৰ বুজাই দিয়াতহে মোৰ চকু মুকলি হ’ল ।

(ইতিমধ্যে দুজন পুৰুষক লৈ ববিতা সোমাই আহিব৷)

মনিষা : “অ’ , অ’.চি. ছাৰ দেখোন ! নমস্কাৰ।”
মি: শইকীয়া : “নমস্কাৰ। মই আচলতে বৰ্তমান ডিউটিত নাই ।এইফালে আহি থাকোঁতে মিছ ববিতাই বাটত লগ পাই মোক কথাবোৰ ক’লে । সেইবাবে এপাক আহিলোঁ ।”
বৰষা : “হয় ছাৰ । আমি বাইদেউক বুজাইছোঁ ।”
মি: শইকীয়া : “এৰা ! সৰু ল’ৰা-ছোৱালীক শিক্ষাৰ পৰা বঞ্ছিত কৰি এনেদৰে কামত খটুওৱাটো আইনবিৰুদ্ধ । সংবিধান উলংঘা নকৰি আপুনি ছোৱালীজনীক যাবলৈ দিয়ক ৷ অন্যথা, মই আইনমতে ব্যৱস্থা ল’বলৈ বাধ্য হ'ম ।”
ববিতা : “বাইদেউ, আপুনি কি সিদ্ধান্ত ল'লে ?”
পৰিনীতা : “আপোনালোকৰ কথাই সত্য ।মই জুৰিক ঘৰলৈ পঠিয়াই দিম । দুদিন পাছত মোৰ ছোৱালীজনীক বিদ্যালয়ত দিয়াৰ কথা চিন্তা কৰি আছিলোঁ । কিন্তু জুৰিৰ কথা মই তেনেদৰে ভৱাই নাছিলোঁ।”
জুৰিৰ মাক : “বাইদেউ …”
পৰিনীতা : “জুৰি, যা তোৰ কাপোৰবোৰ লৈ আহ । মাৰৰ লগত তই ঘৰলৈ যা ।” (জুৰিৰ পিনে চাই ক’ব)
জুৰি : “হ’ব বাইদেউ ( ভিতৰলৈ যাব আৰু অলপ পাছত বেগ এটা লৈ ওলাই আহিব )
পৰিনীতা : “জুৰিৰ মাক ,তুমি জুৰিক বিদ্যালয়লৈ পঠিয়াবা ।কেতিয়াবা কিবা অসুবিধা হ'লে মোক জনাবা ।”
মি: শইকীয়া : “কথাবোৰ মীমাংসা হ’ল যিহেতু, আমি এতিয়া যাওঁ…ব’ল অ’ যদু । ( মি: শইকীয়া আৰু যদু কোঠাটোৰ পৰা ওলাই যাব ।)
জুৰি : (পৰিনীতাৰ ভৰি চুই) “বাইদেউ, মোক আশীৰ্বাদ কৰিব ।”
পৰিনীতা : “তোৰ মংগল কামনা কৰিছোঁ, জুৰি ।”
জুৰিৰ মাক : “বাইদেউসকল, আপোনালোকলৈ ধন্যবাদ । আপোনালোকে চৰকাৰী সা-সুবিধাবোৰৰ বিষয়ে জনাই মোৰ চকু মুকলি কৰিলে ।”
বৰষা : “অজ্ঞতাৰ পৰা মানুহবোৰক মুক্ত কৰাই আমাৰ দায়িত্ব ।”
মনিষা : “অন্ধকাৰৰ পৰা পোহৰৰ বাট দেখুওৱাটোৱেই আমাৰ কৰ্তব্য ।”
পৰিনীতা : “এৰা, মই মোৰ স্বাৰ্থৰ কথাহে ভাবিছিলোঁ । জুৰিৰো নিজা স্বাধীনতা আছে, অধিকাৰ আছে । তাই ভালদৰে পঢ়া-শুনা কৰি ভাল হওক৷ এতিয়া এয়ে মোৰ কাম্য ।”
জুৰিৰ মাক : “আমি এতিয়া যাওঁ বাইদেউ ।”
মনিষা : “ধন্যবাদ বাইদেউ । আপুনি আমাৰ লগত সহযোগিতা কৰি জুৰিৰ শৈশৱ তাইক উভতাই দিলে ।”
বৰষা আৰু ববিতা : “আমি আহোঁ ।”
পৰিনীতা : “আপোনালোককো ধন্যবাদ । ব’লক, মই আপোনালোকক আগবঢ়াই থৈ আহোঁ ।”

(পৰিনীতা, জুৰি, জুৰিৰ মাক, ববিতা, বৰষা, মনিষা আটাইকেইগৰাকী কোঠাৰ পৰা ওলাই যাব৷ )

Tuesday, April 17, 2018

বৰ্তমানলৈকে প্ৰকাশিত অসমীয়া শিশু আলোচনী সমূহ

বৰ্তমানলৈকে প্ৰকাশিত অসমীয়া শিশু আলোচনী সমূহ

অসমীয়া সাহিত্যৰ জগতখনত শিশু সাহিত্যৰ এক বিশেষ ভূমিকা আছে। শিশুক সাহিত্যৰ প্ৰতি আকৃষ্ট কৰাত এক বিশেষ ভূমিকা আছে শিশু সাহিত্যৰ। এই লেখাত অসমত প্ৰকাশ হোৱা সকলোবোৰ শিশু আলোচনীক অন্তৰ্ভুক্ত কৰাৰ হৈছে।.......

অসমীয়া শিশু-আলোচনীৰ তালিকা

শিশু-আলোচনী লেখকৰ নাম প্ৰকাশিত চন
লৰাবন্ধু কৰুণাভিৰাম বৰুৱা ১৮৮৮
অকণ হেমকান্ত গোস্বামী ১৯১৫
মইনা ৰঘুনাথ চৌধুৰী ১৯২৩
অকণ মহাদেৱ শৰ্মা ১৯২৭
আমাৰ দেশ তুলসীনাৰায়ণ শৰ্মা ১৯৩১
পখিলা হৰেন্দ্ৰনাথ শৰ্মা ১৯৩৩
অকণ বিৰিঞ্চি কুমাৰ বৰুৱা ১৯৩৫
পাৰিজাত দীননাথ শৰ্মা ১৯৪০
ৰংঘৰ বিৰিঞ্চি কুমাৰ বৰুৱা ১৯৪৮
কাঁচিজোন এম ইব্ৰাহিম আলি ১৯৫১
দীপক গৌৰিকান্ত তালুকদাৰ ১৯৫৪
জোনবাই নৱকান্ত বৰুৱা ১৯৬১
মইনা জাহিদ চৌধুৰী ১৯৬২
ন-জেউতি হলধৰ শৰ্মা ১৯৬৫
আমাৰ ঘৰ জগত চেতিয়া ১৯৬৫
নতুন বেলি জ'নচ মহলীয়া ১৯৬৭
বাল্যজ্যোতি ভূপেন্দ্ৰ নাৰায়ণ চোধুৰী ১৯৬৮
ভাইটি ভনীটি দেৱজানী চলিহা ১৯৬৮
ৰ'দালি সুৰেশ চন্দ্ৰ ৰাজখোৱা ১৯৬৮
আকাশ প্ৰীতি বৰুৱা ১৯৭১
কাকলি ৰুচিনাথ শৰ্মা /অশ্বিনী কুমাৰ শৰ্মা ১৯৭২
চান্দমামা বি নাগী ৰেড্ডী ১৯৭৬
কিশোৰ পৰেশ চন্দ্র বৰুৱা ১৯৭৬
ৰূপকণ দীপক দত্ত/বুবুল বৰদলৈ ১৯৭৬
জোন-তৰা নগেন বৰা ১৯৭৬
সেউজী হেম বৰা ১৯৭৭
কনিকা অৰুণ শৰ্মা ১৯৭৭
সেউজী সেউজী অৰুণ শৰ্মা ১৯৭৭
চেমনীয়া বাণী ভূঞা ১৯৭৭
মইনা সূৰ্যকুমাৰ ভূঞা ১৯৭৭
ৰুণজুণ বদন বৰুৱা ১৯৭৯
ফুলকলি ৰহিমা হক ১৯৭৯
সঁফুৰা ড৹ ভবেন্দ্ৰ নাথ শইকীয়া ১৯৮২
লুইত কমিক্স মানবেন্দ্ৰ কুমাৰ বৰুৱা ১৯৮৩
মইনা(মইনা পাৰিজাত) অতুল বৰা ১৯৮৩
মৌচাক শান্তনু তামুলী ১৯৮৪
ককাদেউতা দুলাল চন্দ্ৰ বৰঠাকুৰ ১৯৮৪
টিংকল অনন্ত পাই ১৯৮৪
কণকণ ৰঞ্জু হাজৰিকা ১৯৮৫
ঐক্যতান শান্তনু কৌশিক বৰুৱা ১৯৮৭
অমৰ চিত্ৰকথা অনন্ত পাই ১৯৮৭
মইনা ভাগ্যলক্ষ্মী মহন্ত ১৯৮৭
মুকুতা কুমুদ গোস্বামী ১৯৮৭
ফুল নলিনী প্ৰভা ডেকা ১৯৮৭
বিজ্ঞান সঁফুৰা কুলৰঞ্জন ডেকা ১৯৮৭
ৰং বিৰং লাৱণ্য গোস্বামী ১৯৮৮
ত্ৰিনয়ন ৰমেন শইকীয়া ১৯৮৮
নতুন আৱিষ্কাৰ শান্তনু তামুলী ১৯৮৮
সূৰুয গকুল বৰপূজাৰী/অশ্বিনী কুমাৰ শৰ্মা ১৯৮৯
চন্দ্ৰমা উষা ডেকা ১৯৮৯
জ্ঞানকোষ কুমাৰ নিৰঞ্জন ১৯৮৯
জ্ঞান-বিজ্ঞান দীনেশ বৈশ্য ১৯৯০
ফুলনি বুবুল চন্দ্ৰ ডেকা ১৯৯০
ৰ'দালি পূৰ্ণিমা কোঁৱৰ গোহাঁই ১৯৯০
জ্ঞানোদয় শৰৎ ৰাজখোৱা ১৯৯০
মৌ-কোঁহ বেদান্ত কুমাৰ বৰা ১৯৯০
মৌ শৰৎ ৰাজখোৱা ১৯৯০
মো ডা৹ তুলতুল বৰা ১৯৯০
ফুলনি বুবুল চন্দ্ৰ ডেকা ১৯৯০
কিশোৰ হোমেন বৰগোহাঞি ১৯৯০
পখিলা মৃণাল কটকী ১৯৯১
জিলিঙনি কুলেন্দু পাঠক ১৯৯১
কাকলি ৰুচিনাথ শৰ্মা /অশ্বিনী কুমাৰ শৰ্মা ১৯৯১
শ্যামলী জীৱন ৰায়চৌধুৰী ১৯৯২
ৰ'দালি লিখেন দত্ত ১৯৯৩
সন্ধানী দিগন্ত কুমাৰ বৰা ১৯৯৩
শিশু অনিমা চুতীয়া ১৯৯৪
আজৰি পৰৰ ধেমালি ভবেন কুমাৰ বৰা ১৯৯৪
মইনা অতুল বৰা ১৯৯৪
ৰ'দালি দীপক নাথ ১৯৯৪
অকণিৰ অগ্ৰদূত ৰমেন শইকীয়া ১৯৯১
ময়ূৰ অংকুৰণ দত্ত/ মুজাহিদ আলি / দীনেশ গোস্বামী ১৯৯৫
আমাৰ সাৰথি নগেন বৰা ১৯৯৬
শিশু সাৰথি নগেন বৰা ১৯৯৭
জ্ঞানম দুলাল মিশ্ৰ ১৯৯৮
মৌ ডা৹ তুলতুল বৰা ১৯৯৮
মৰমৰ ভণ্টি বিজয় কুমাৰ মহাপাত্ৰ / অমৃত গোস্বামী ১৯৯৯
সমন্বয় বিপুল কুমাৰ দিহীঙিয়া ২০০১
ৰ'দ কাঁচিয়লি ২০০১
নতুন ৰংমেলা অৰুণ ভাগৱতী ২০০২
ছাত্ৰ সাৰথি শিৱনাথ বৰ্মন ২০০২
অকণিৰ আকাশ হেমচন্দ্ৰ চুতীয়া /ৰাজীৱ চুতীয়া ২০০২
অংকুৰণ মমী শইকীয়া ২০০৩
কিশোৰ কানন অক্ষয় কুমাৰ নাথ ২০০৩
জোনাক গগণ চন্দ্ৰ অধিকাৰী ২০০৪
ৰংমন প্ৰণয় বৰদলৈ ২০০৪
অকণিৰ মৌ-মেল দিবাকৰ কামান ২০০৬
প্ৰজ্ঞান প্ৰশান্ত কুমাৰ গগৈ ২০০৬
জ্ঞানকোষ দুলাল মিশ্ৰ ২০০৭
জোনবাই জয়জ্যোতি গগৈ ২০০৮
অকণ ভূপেন্দ্র নাথ হাজৰিকা ২০১০
মইনা ৰাতুল বৰা ২০১১
হিয়াৰ ৰামধেনু অনুভৱ পৰাশৰ ২০১১
সপোন বিপুল শৰ্মা ২০১২
অকণিৰ জেউতি বিপুল কুমাৰ দিহীঙিয়া ২০১৩
আমাৰ ৰ'দালি গোলাপ কাশ্যপ ২০১৪
বাৰ-ওঠৰ হোমেন বৰগোহাঞি ২০১৪
— সম্পাদনা কক্ষ,  অসম দাপোণ