Thursday, April 26, 2018

1 No Toradubi Lp School

1 No Toradubi Lp School


অতি পিছপৰা অঞ্চলৰ এখন বিদ্যালয়।125 জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় খনত সতীৰ্থ টেট শিক্ষক সূৰুজ বুঢ়াগোহাঁই, প্ৰধান শিক্ষক ৰতন দাস আৰু স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগত বিদ্যালয়ৰ উন্নতিৰ বাবে শিক্ষক তা জীৱনৰ আৰম্ভণি কৰিছিলোঁ। পৰিশ্ৰমৰ ফল মিঠা। A+ গ্ৰেড লাভ কৰি বহুত আনন্দিত।স্থানীয় ৰাইজে প্ৰতি মুহূৰ্ততে আগবঢ়োৱা প্ৰেৰণা আৰু সহায় সহযোগিতা বাবে এনে ফলাফল লাভ কৰিলো।  
                                                                  ( Bijit Chutia, AT)

1 No Toradubi Lp School 1 No Toradubi Lp School 1 No Toradubi Lp School 1 No Toradubi Lp School
Hojai Town LP School

Hojai Town LP School


আশা কৰা ধৰণেই A গ্ৰেড পালো (B বা Aভিতৰতে পাম বুলি ভাবিছিলো, যদিও সকলোৱে ভাল স্কুল বুলি কয়) । A+ পাব পৰা বিদ্যালয়ত পৰিণত কৰিবলৈ আৰু বহুতো কষ্টৰ লগতে অন্যান্য বহুতো কাৰকৰ প্ৰয়োজন আছে।আৰু এনে কিছু সমস্যা আছে যি সমূহ সমাধানৰ সূত্ৰ বিচাৰিয়ে পোৱা নাই। ভাষিক সমস্যা,কিছু অভিভাৱকৰ সচেতনতাৰ অভাৱ(নিজৰ ল'ৰাটো কোনটো শ্ৰেণীত পঢ়ে তাকো গম নোপোৱা অভিভাৱকো দেখিছো), শিক্ষকৰ অভাৱ, ন পুৰণি মাজৰ ব্যৱধান আদি বহুতো সমস্যাৰ লগতে কিছু প্ৰকাশ কৰিব নোৱাৰা সমস্যা ।300+ ছাত্ৰ ছাত্ৰীৰ মাজত সকলো সমান নহয় বা সকলোকে সমানে আগুৱাই লৈ যোৱাটো সম্ভৱও নহয়।